W7s news,,গুৱাহাটী, ১৪ নৱেম্বৰঃ ৰাষ্ট্ৰীয় শিশু দিৱসৰ বিশেষ ক্ষণত তেওঁলোকৰ প্ৰথম শিক্ষামূলক প্ৰদৰ্শনী ভিডিঅ' উন্মোচন কৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত শিক্ষা প্ৰতিষ্ঠান মডাৰ্ণ ইংলিছ স্কুলে। উল্লেখ্য যে, এই চিনেমেটিক ভিডিঅ'টো হৈছে প্ৰতিজন শিশুৰ শিক্ষা, কৌতুহল আৰু উজ্জ্বল সম্ভাৱনাৰ স্পন্দনত উৎসৰ্গিত এক অনন্য দৃশ্যগত উপস্থাপন।
এই বিশেষ ভিডিঅ'টোত এম ই এছ-ৰ সবল শৈক্ষিক ভেটি, মূল্যবোধ-ভিত্তিক দৃষ্টিভংগী, আৰু প্ৰতিজন শিক্ষাগ্ৰহণকাৰীৰ পথত মাৰ্গদৰ্শন কৰা গভীৰ মানৱীয় সম্পৰ্কবোৰ সজীৱ হৈ উঠিছে। মডাৰ্ণ ইংলিছ স্কুলৰ নিজস্ব পৰিকল্পনাৰে আৰু মুম্বাইস্থিত প্ৰডাকচন হাউচ আপগোজডিফিংগাৰ পিকচাৰ্ছৰ পৰিচালক সসাম্বিত ৰাজেন্দ্ৰ জেনাৰ সৃষ্টিশীল নিৰ্দেশনাত নিৰ্মিত এই ভিডিঅ'টোৱে প্ৰায় চাৰি দশক জুৰি এম ই এছ-য়ে এক নিৰ্দিষ্ট উদ্দেশ্য, অনুশাসন আৰু যতনৰে যুৱ মনবোৰক গঢ় দিয়াৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
👉 সম্পূৰ্ণ ভিডিঅ'টো চাওকঃ
https://youtu.be/2FHyY7Mj0S4?si=bczLHboTPobwFOkB
এই সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে কয়, “মডাৰ্ণ ইংলিছ স্কুলত প্ৰতিটো শিশুৰ শিক্ষণ যাত্ৰা বিশ্বাস, মূল্যবোধ আৰু উদ্দেশ্যপূৰ্ণ শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত। এই ভিডিঅ'টোৱে সুন্দৰভাৱে আমাৰ পৰিচয় দাঙি ধৰিছে; আমি এনে এক প্ৰতিষ্ঠান যি আত্মবিশ্বাসী, সহানুভূতিশীল আৰু ভৱিষ্যতৰ বাবে সাজু হোৱা শিক্ষাৰ্থী গঢ়ি তোলাত দায়বদ্ধ। এইটো আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত।”
ইফালে, আপগোজডিফিংগাৰ পিকচাৰ্ছৰ পৰিচালক সসাম্বিত ৰাজেন্দ্ৰ জেনাই কয়, “এম ই এছ-য়ে ১৯৮৪ চনৰ পৰাই শৈক্ষিক উৎকৰ্ষৰ এক গৌৰৱময় ঐতিহ্য বহন কৰি আহিছে। মোৰ প্ৰয়াস আছিল সেই ইতিহাসৰ লগতে শিশুৰ কৌতূহল, শিক্ষকসকলৰ মাৰ্গদৰ্শন, আৰু য'ত আচলতে জ্ঞান লাভ হয়, সেই শান্ত, শক্তিশালী মুহূৰ্তবোৰকো ধৰি ৰখা। এই চলচ্চিত্ৰখন সেই বিশেষ মুহূৰ্তবোৰৰেই এক উদযাপন।”
🎬 ভিডিঅ' ক্ৰেডিটছ
▪ পৰিচালকঃ সসাম্বিত ৰাজেন্দ্ৰ জেনা
▪ চিনেমটোগ্ৰাফাৰঃ ৰূপমজ্যোতি শইকীয়া
▪ সহকাৰী চিনেমাটোগ্ৰাফাৰঃ জ্যোতিময় ভূঞা
▪ ড্ৰ’ন পাইলটঃ ৰিয়ান শইকীয়া
▪ সম্পাদনাঃ ৰজত বাৰ্মা
▪ কালাৰিষ্টঃ সৌৰভ প্ৰতীক সন্যাল
🎧 অডিঅ’ ক্ৰেডিটছ
▪ বেকগ্ৰাউণ্ড স্ক’ৰঃ সসাম্বিত ৰাজেন্দ্ৰ জেনা
▪ চাউণ্ড ডিজাইনাৰঃ দুষ্মন্ত্য চাহু
📽️ প্ৰডাকচন হাউচ- আপগোজডিফিংগাৰ পিকচাৰ্ছ

No comments:
Post a Comment