শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ আজি সামৰণি পৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 3 November 2025

শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ আজি সামৰণি পৰে


 


ছাত্ৰ-ছাত্ৰীসকলে নৃত্য আৰু নাটকৰ জৰিয়তে সামাজিক বাৰ্তাও প্ৰেৰণ কৰে


W7s news,,গুৱাহাটী, ৩ নৱেম্বৰ: মাছখোৱাৰ প্ৰাগজ্যোতিষ আই টি এ কেন্দ্ৰত নাৰায়ণ নগৰস্থিত শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা দুদিনীয়া বাৰ্ষিক অনুষ্ঠান "হাৰ্মণি ২০২৫"ৰ সোমবাৰে উলহ-মালহেৰে অনুষ্ঠানৰ সামৰণি পৰে। অনুষ্ঠানটিত বিদ্যালয়ৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে নৃত্য আৰু নাটকৰ জৰিয়তে সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰদান কৰে।

পোন প্ৰথমে আজিৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ অধ্যক্ষ ৰমেশ চান্দ জৈন। তেখেতে ভাষণত শিশু নিকেতন বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশক অতিশয় প্ৰশংসা কৰে। ইয়াৰ পাছত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পৱন কুমাৰ আগৰৱালাই কয় যে আজিৰ শিক্ষা ব্যৱস্থাই শিশুক যন্ত্ৰলৈ ৰূপান্তৰিত কৰি মানৱীয় মূল্যবোধ পাহৰিবলৈ বাধ্য কৰাইছে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জীৱনৰ লক্ষ্যৰ লগতে মানৱীয় মূল্যবোধকো অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়ে। আগৰৱাল ডাঙৰীয়াই কেৱল শিক্ষাই নহয়, শিশুৰ মাজত মূল্যবোধ আৰু সামাজিক দায়বদ্ধতা প্ৰদানৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ কয়। তেওঁ লগতে উল্লেখ কৰে যে শিশু নিকেতন বিদ্যালয়ৰ শিক্ষকসকলে এই উদ্দেশ্যেৰে সক্ৰিয়ভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ লগত কষ্ট কৰি আছে, যাৰ প্ৰমাণ আজি ছাত্ৰ-ছাত্ৰীসকলে উপস্থাপন কৰা কাৰ্যসূচীসমূহ। তেওঁ আশা প্ৰকাশ কৰি কয় যে যদি শিশুৰ ক্ষেত্ৰত এই পৰিৱৰ্তন সাধন কৰিব পৰা যায় তেন্তে ইয়াতকৈ ভাল আন একো হ’ব নোৱাৰে। এই উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীমতী ৰীনা ভৌমিক আৰু সম্পাদক তথা গৌহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰদীপ কুমাৰ জৈনেও প্ৰেৰণাদায়ক ভাষণেৰে শিশুসকলক পথ প্ৰদৰ্শন কৰে। বাৰ্ষিক অনুষ্ঠানটিত যোৱা বছৰ শ্ৰেণীত শীৰ্ষস্থান দখল কৰা ছাত্ৰ-ছাত্ৰী আৰু বিগত শিক্ষাবৰ্ষত ১০০% উপস্থিতি লাভ কৰা শিক্ষকসকলকো বঁটা প্ৰদান কৰে। ইয়াত আজি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত কৰা বৰ্ণিল সাংস্কৃতিক  অসাধাৰণ উপস্থাপনসমূহে সকলোকে মুগ্ধ কৰি তুলিছিল। বিশেষকৈ ভোৰতলা নৃত্য আৰু তেজীমালা নাটক ছাত্ৰ-ছাত্ৰীৰ দলীয় পৰিবেশন বিশেষভাৱে আকৰ্ষণীয় আছিল। ইয়াৰোপৰি কিংবদন্তি কণ্ঠশিল্পী ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত সুন্দৰ গীতৰ পৰিবেশনেৰে তেখেতক বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ বাহিৰেও বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মানৰ আধাৰত নৃত্য, ইনক্ৰিডিবল ইণ্ডিয়া, মিছন অগ্নিপথ, যুগনায়ক স্বামী বিবেকানন্দৰ নাটকে সকলোকে মোহিত কৰিছিল। ৬০তম বৰ্ষত ভৰি দিয়া বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ এক সুন্দৰ নৃত্য প্ৰদৰ্শনো অনুষ্ঠানটিত আগবঢ়ায়। অনুষ্ঠানৰ দ্বিতীয় দিনা পৰিচালনা সমিতিৰ বিষয়া, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে। অনুষ্ঠানৰ শেষত ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ সৰ্বৰী দাসে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here