🔸৩১ অক্টোবৰৰ পৰা এছ বি দেওৰা মহাবিদ্যালয়ত তিনিদিনীয়াকৈ আয়োজন
🔸
য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হ’ব 'জি এল এফ ধ্ৰুপদী অসমীয়া ভাষা বঁটা'
গুৱাহাটী, ১ নৱেম্বৰ : গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেল (চমুকৈ জি এল এফ) ২০২৫ অহা ৩১ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য সূচীৰে উলুবাৰীস্থিত এছ বি দেওৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে ৷ উল্লেখনীয় যে এছ বি দেওৰা মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আয়োজিত এইবাৰৰ উৎসৱত সাহিত্য, কলা, সংস্কৃতিৰ বিভিন্ন দিশত আলোকসম্পাত হোৱাৰ লগতে উৎসৱৰ কেউটা দিন অসমৰ বহুমুখী প্ৰতিভাধৰ শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টি আধাৰিত হ’ব ৷ এই অনুসৰি, ৩১ অক্টোবৰ বিয়লি ৩ বজাৰ পৰা হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বক্তব্য আগবঢ়াব প্ৰসিদ্ধ সাহিত্যিক ডঃ ধ্ৰুৱজ্যোতি বৰা, য়েছে দৰজে ঠংচি, ডঃ কুলধৰ শইকীয়া, ডঃ সূৰ্য্য হাজৰিকা আদিয়ে । একেটা অনুষ্ঠানতে সাহিত্য, কলা আৰু সমাজসেৱাত অসামান্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও লোকক জি এল এফ বঁটা ২০২৫ প্ৰদান কৰা হ'ব ৷ এই বছৰৰ বঁটাপ্ৰাপকসকল হ’ল ক্ৰমে য়েছে দৰজে ঠংচি (জি এল এফ ধ্ৰুপদী অসমীয়া ভাষা বঁটা), আশ্ৰৱিকা বৰা (জি এল এফ নাথান ব্ৰাউন সাহিত্য বঁটা), জিতেন শর্মা (জি এল এফ কলাৰত্ন বঁটা), দেৱাশিস শর্মা (জি এল এফ প্ৰশাসনীয় উৎকৰ্ষ আৰু সামাজিক প্ৰভাৱ বঁটা), ডঃ অভিজিত শর্মা আৰু মেজৰ হৰিমন ডেকা (যুটীয়াভাৱে জি এল এফ জীৱনদান বঁটা) আৰু জুনু বৰা (জি এল এফ নাৰী উত্তৰণ বঁটা)। মন কৰিবলগীয়া যে যোৱা বছৰ জি এল এফ ধ্ৰুপদী অসমীয়া ভাষা বঁটা বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াক প্ৰদান কৰা হৈছিল ৷
এইবাৰৰ উৎসৱৰ প্ৰথম দিনটোত “ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ : গান, কবিতা আৰু মানৱতা” শীৰ্ষক বিশেষ আলোচনা সভাৰো আয়োজন কৰা হৈছে ৷ অনুষ্ঠানত দুয়োগৰাকী মহান শিল্পীৰ সৃষ্টিশীল উত্তৰাধিকাৰ আৰু মানৱীয় দৃষ্টিভংগীত আলোকপাত কৰা হ’ব ৷ তদুপৰি 'উদ্যোগীৰ বৈঠক' শীৰ্ষক অনুষ্ঠানত মৈত্ৰেয়ী দাস, মীনাক্ষি কাকতি, তনুশ্ৰী ডেকা আৰু প্ৰশান্ত তালুকদাৰ আদিয়ে তেওঁলোকৰ বৰ্ণিল পৰিক্ৰমাৰ অভিজ্ঞতা দাঙি ধৰিব ৷ দ্বিতীয় আৰু তৃতীয় দিনত 'সংবাদ মাধ্যমৰ ভূমিকা : বাতৰি বনাম মতামতভিত্তিক উপস্থাপন', 'জুবিন গাৰ্গৰ সৃষ্টিশীলতা বিশ্লেষণ', 'নাৰী সম্পৰ্কীয় কাহিনী' আৰু 'শিশু-সাহিত্য' বিষয়ক মননশীল আলোচনা চক্ৰও অনুষ্ঠিত হ’ব ৷ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিব ক্ৰমে লাভলীনা বৰগোহাঁই, বন্দিতা ফুকন, ডঃ নন্দ সিং বৰকলা, ডঃ অখিল ৰঞ্জন দত্ত, গৌতম শর্মা, লোকেন দাস, দিগন্ত ভাৰতী, ৰাজা বৰুৱা, খগেন কলিতা, ডঃ লিমা দাস, নাছৰিন হাবিব, দাদুল চলিহা, সমুদ্র কাজল শইকীয়া, শান্তনু কৌশিক বৰুৱা, শশাংক সমীৰ, গায়ত্ৰী দলে, আৰণ্যক শইকীয়া, নীলাক্ষি আৰ শর্মা, মমী আহমেদকে ধৰি বহু বিশিষ্ট লোকে । একেদৰে গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলক অনন্য মাত্ৰা প্ৰদান কৰিব আঞ্চল অনিতা ধৰাৰ 'স্প’কেন ৱৰ্ড পাৰফৰমেন্স', থলুৱা ফেশ্বন শ্ব’ 'দ্য জুবিন ৱে', মহিলাৰ বাইক ৰেলী, জুবিনৰ প্ৰিয় খাদ্য মাছৰ ৰন্ধন প্ৰতিযোগিতা, জুবিন গাৰ্গৰ গীত আৰু কবিতাৰ অনুপ্ৰেৰণাৰে লাইভ পেইণ্টিং আৰু 'জুবিন মামা' শীৰ্ষক শিশুৰ চিত্ৰাংকন প্ৰতিযোগিতা ৷ একেদৰে নিতৌ সন্ধিয়া অসমীয়া শিল্প-সংস্কৃতিৰ বাৰ্তাবাহক সংগীতানুষ্ঠান পৰিৱেশনৰো যো-জা চলোৱা হৈছে ৷
উৎসৱৰ আয়োজন সন্দৰ্ভত সম্পাদক আবিদ আজাদে আজি কয়, “প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিশীল আত্মাৰ সৈতে লেখক, শিল্পী, চিন্তাশীল লোক, উদ্ভাৱক প্ৰভৃতি লোকসকলক একত্ৰিত কৰাৰ লগতে ধ্বজাবাহীসকলক যথোচিত সন্মান জনোৱাটোৱেই হৈছে গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেলৰ মূল উদ্দেশ্য ৷ একেদৰে নতুনৰ সৃষ্টিশীলতাক স্বাগতম জনাবলৈ আমি প্ৰয়াস কৰিছোঁ ৷” উল্লেখ্য যে গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেল নিঃসন্দেহে হ’ব পাৰে সাহিত্যিকৰ ভাব বিনিময়, শিল্পীসত্তাৰ প্ৰকাশ আৰু সাংস্কৃতিক উদযাপনৰ অনন্য ক্ষেত্ৰ ৷ চিন্তা আৰু চেতনাৰ বাৰ্তাবাহী
উৎসৱটোলৈ এন আৰ এল, অইল, আই অ’ চি এল, নাবাৰ্ড আদি ভালেসংখ্যক নেতৃস্থানীয় প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াইছে ৷

No comments:
Post a Comment