৭০ শতাংশতকৈও অধিক মৃগীৰোগক নিয়ন্ত্ৰণত ৰাখিব পৰা যায়"- জি এন আৰ চি হাস্পতাল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 17 November 2025

৭০ শতাংশতকৈও অধিক মৃগীৰোগক নিয়ন্ত্ৰণত ৰাখিব পৰা যায়"- জি এন আৰ চি হাস্পতাল

 "


প্ৰাৰম্ভিক অৱস্থাত ৰোগ নিৰ্ণয় আৰু সঠিক সময়ত উপযুক্ত যতন লোৱাৰ বাবে  ৰাইজলৈ আহ্বান জি এন আৰ চি হাস্পতালৰ


মাথোঁ অসমতেই ৩ লক্ষাধিক মৃগীৰোগত আক্ৰান্ত ব্য়ক্তি আছে। বিশেষজ্ঞসকলৰ মতে ইয়াৰে অধিকাংশই ধৰা নপৰাকৈ আৰু চিকিৎসা নকৰাকৈ থাকি যায়।

আমি সচৰাচৰ দেখা পোৱা ফিটৰ বাহিৰেও মৃগীৰোগৰ ৪০ টাতকৈও অধিক লক্ষণ আছে। এই লক্ষণসমূহ সকলোৱে নজনা বাবে বহুলোকৰ সময়মতে চিকিৎসা সম্ভৱ হৈ নুঠে।

সঠিক ঔষধৰ দ্বাৰা, 70% ৰোগীয়ে ছিজাৰ-মুক্তভাৱে জীয়াই থাকিব পাৰে; উন্নত চিকিৎসা আৰু অস্ত্ৰোপচাৰে বহুতো ঔষধ-প্ৰতিৰোধী মৃগীৰোগৰ ক্ষেত্ৰত সহায় কৰে।



W7s news গুৱাহাটী:: 

আজি ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে জিএনআৰচি দিছপুৰৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল আয়োজন কৰা হয়। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত দিনকদিনে বাঢ়ি অহা মৃগীৰোগীৰ সংখ্য়া আৰু ৰাইজক প্ৰাৰম্ভিক অৱস্থাত ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসা আৰম্ভ কৰিবলৈ আহ্বান জনোৱাৰ ওপৰত আজিৰ এই সংবাদমেলত প্ৰাধান্য় আৰোপ কৰা হয়।

বিশেষজ্ঞসকলৰ মতে, বিশ্বজুৰি ৫ কোটিৰো অধিক লোক, ভাৰতত এক কোটিতকৈ অধিক লোক, আৰু অসমৰ আনুমানিক তিনি লাখ লোক মৃগীৰোগত আক্ৰান্ত হৈ থকা সত্ত্বেও এতিয়াও এই ৰোগ এক দুৰ্বোধ্য় স্নায়ুৰোগ হিচাপেই চিহ্নিত হৈ আছে। উত্তৰ-পূবত সাত লাখৰো অধিক ব্যক্তি এই ৰোগত আক্ৰান্ত হৈ আছে বুলি অনুমান কৰা হৈছে। চিকিৎসকে জনোৱা মতে, সজাগতাৰ অভাৱ, কলংক, লক্ষণৰ ভুল ব্যাখ্যাৰ বাবে এনে বহু ৰোগী নিদান নোহোৱাকৈয়ে আছে। জিএনআৰচি হাস্পতালত আজিলৈকে ৩১ হাজাৰৰো অধিক মৃগীৰোগীৰ চিকিৎসা কৰা হৈছে। এই অভিজ্ঞতাই দেখুৱাইছে যে মৃগীৰোগ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

বিশেষজ্ঞসকলৰ মন্তব্য:


মৃগীৰোগৰ বোজা — অসম, উত্তৰ-পূব আৰু বিশ্ব

জ্য়েষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ নৱজ্য়োতি বৰকটকীয়ে কয়, "বিশ্বজুৰি মৃগীৰোগ জনস্বাস্থ্যৰ এক প্ৰধান চিন্তা, অসমও ইয়াৰ ব্যতিক্ৰম নহয়। লাখ লাখ লোকে এই অৱস্থাৰ সৈতে জীয়াই থকাৰ সময়তে প্ৰকৃত প্ৰত্যাহ্বানটো এইটোৱেই যে আমাৰ অঞ্চলত ৰোগীৰ এক বৃহৎ অংশ অচিনাক্ত হৈয়ে আছে। আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰিলে এক বৃহৎ পৰিৱৰ্তন আহিব পাৰে, আৰু সজাগতাই এই বোজা হ্ৰাস কৰাৰ দিশত প্ৰথম পদক্ষেপ।”

মৃগীৰোগৰ চিনাকী অচিনাকী আৰু দুৰ্বোধ্য় লক্ষণসমূহ

জ্য়েষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰূপজ্য়োতি দাসে কয়,"মৃগীৰোগৰ ৪০টাতকৈও অধিক ভিন্ন লক্ষণ দেখা যায়, ইয়াৰে বহুতো লক্ষণ সূক্ষ্ম বা আচৰণৰ সমস্যা, টোপনিৰ সমস্যা বা মানসিক স্বাস্থ্যৰ চিন্তা বুলি ভুল কৰা হয়। কিন্তু মৃগীৰোগৰ সঠিক চিকিৎসাৰ বাবে এই লক্ষণসমূহ সময় থাকোতেই ধৰি পেলোৱাটো খুবেই জৰুৰী । হঠাতে গাটো জিকাৰ খাই উঠা, একেথৰে ৰ’ লাগি চাই থকা, অস্তিত্বহীন শব্দ শুনা বা গোন্ধ পোৱা, কাণত হঠাতে ৰিং মাৰি ধৰা, অস্বাভাৱিক স্ৱাদ পোৱাৰ দৰে সৰু সৰু কথাও মৃগীৰোগৰ লক্ষণ হব পাৰে।

চিকিৎসাৰ ব্যৱধান, কলংক আৰু যত্নত বাধা

স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ মৌচুমী বৰঠাকুৰে কয়," "আটাইতকৈ ডাঙৰ বাধাটো চিকিৎসা নহয়-ই হৈছে কলংক। বহু ৰোগীয়ে ভুল ধাৰণা আৰু বৈষম্যৰ ভয়ত নিজৰ অৱস্থা লুকুৱাই ৰাখে বা চিকিৎসা পৰিহাৰ কৰে। তথাপিও প্ৰায় তিনি-চতুৰ্থাংশ মৃগী ৰোগ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণযোগ্য। ৰাজহুৱা শিক্ষাই চিকিৎসাৰ ব্যৱধান নাটকীয়ভাৱে হ্ৰাস কৰিব পাৰে আৰু ৰোগীসকলক স্বাভাৱিক, উৎপাদনশীল জীৱন যাপনত সহায় কৰিব পাৰে।"

মৃগীৰ চিকিৎসা-ঔষধ, জীৱনশৈলী আৰু উন্নত চিকিৎসা


এই সন্দৰ্ভত স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ অমিত ৰঞ্জন বৰুৱাই কয়, “সঠিক ঔষধ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ব্যৱস্থাপনা আৰু পৰামৰ্শলৈকে, এক গঠনমূলক দৃষ্টিভংগীয়ে ফলাফল সলনি কৰিব পাৰে। ড্ৰাগ-প্ৰতিৰোধী মৃগী ৰোগৰ বাবে ভিডিঅ' ই.ই.জি., এম.আৰ.আই. আৰু নিউৰ’চাইক’লজিকেল মূল্যায়নৰ জৰিয়তে পৰৱৰ্তী পদক্ষেপ নিৰ্ণয় কৰা হয়। বহুবিভাগীয় চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে সহযোগিতাৰে এনেকুৱা কঠিন মৃগীৰ চিকিৎসাৰ বাবে ৰোগী অনুসাৰে আঁচনি কৰি জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰে ।“

মৃগীৰোগৰ অস্ত্ৰোপচাৰ

এই বিষয়ে মতামত দাঙি ধৰি জ্য়েষ্ঠ স্নায়ুশল্য় বিশেষজ্ঞ ডাঃ পৰাণ জ্যোতি বৰ্মণে কয়," "যেতিয়া একাধিক ঔষধে ছিজাৰ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় আৰু ছিজাৰৰ কেন্দ্ৰবিন্দু চিনাক্ত কৰিব পৰা হয় তেতিয়া মৃগীৰ অস্ত্ৰোপচাৰ বিবেচনা কৰা হয়।  আধুনিক অস্ত্ৰোপচাৰৰ কৌশলবোৰ নিৰাপদ আৰু ফলপ্ৰসূ, যি সাৱধানে নিৰ্বাচিত ৰোগীসকলৰ বাবে দীৰ্ঘম্যাদী সকাহ প্ৰদান কৰে।  অস্ত্ৰোপচাৰ শেষ উপায় নহয়-ই বহুতৰ বাবে বৈজ্ঞানিকভাৱে প্ৰমাণিত, জীৱন সলনি কৰা বিকল্প।"

মৃগীৰোগ সম্পৰ্কে ভ্ৰান্ত ধাৰণা

এই বিষয়ে মতামত দাঙি ধৰি স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ সুমিতা কলিতাই কয়, "মৃগী কোনো অভিশাপ নহয়, ই এজন ব্যক্তিৰ সামৰ্থ্য সীমিত নকৰে। মৃগী ৰোগত আক্ৰান্ত লোকসকলে অধ্যয়ন কৰিব পাৰে, কাম কৰিব পাৰে, ক্ৰীড়াত উৎকৃষ্টতা অৰ্জন কৰিব পাৰে, বিবাহ কৰিব পাৰে আৰু পিতৃ-মাতৃ হ 'ব পাৰে। খেলুৱৈ, শিল্পী আৰু বিজ্ঞানীকে ধৰি ইতিহাসৰ বহু সৰ্বশ্ৰেষ্ঠ কৃতিত্ব অর্জনকাৰীয়ে মৃগী ৰোগত আক্ৰান্ত হৈ জীয়াই আছিল। আমি সকলোৱে নাম শুনা নেপোলিয়ন বোনাপাৰ্ট, আলেকজেণ্ডাৰ, ছাৰ আইজাক নিউটন, লেনিন, থিয়’ডৰ ৰুজভেল্ট, ইল্টন জন, জন্টি ৰ’ডছকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু প্ৰসিদ্ধ লোক মৃগীৰোগত আক্ৰান্ত আছিল। বহু ক্ষেত্ৰত মৃগীত আক্ৰান্ত লোকৰ পাৰদৰ্শিতা আৰু প্ৰতিভা অইন লোকতকৈ বেছিহে দেখা যায়।“ 

ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে অহা ১৭ নৱেম্বৰত NEDFi কনভেনচন চেণ্টাৰত এক অবিৰত চিকিৎসা শিক্ষা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত শ্ৰী চিত্ৰা তিৰুণাল ইনষ্টিটিউট ফৰ মেডিকেল ছায়েন্স এণ্ড টেকন’ল’জী, তিৰুৱনন্তপুৰমৰ স্নায়ুৰোগ বিভাগৰ মুৰব্বী আৰু অধ্য়াপক ডাঃ আশালতা ৰাধাকৃষ্ণন, জছলোক হাস্পতাল আৰু গৱেষণা কেন্দ্ৰৰ স্নায়ুৰোগ বিভাগৰ মুৰব্বী আৰু সঞ্চালক ডা: জয় দেশাই আৰু গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ বিভাগৰ ডা: (অধ্যাপক) মৰমী দাসে অংশগ্ৰহণ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here