*
*W7s news,,গুৱাহাটী, ১৫ নৱেম্বৰঃ* অহা ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁৰ বন্ধুবৰ্গই সেইদিনা গীতানগৰ হাই স্কুল খেলপথাৰত বিয়লি ৩ বজাৰপৰা নিশা ৯ বজালৈ 'পোহৰৰে চাকি' শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে 'গীতে মাতে জুবিন'ৰ ৫৩ বছৰীয়া ওপজা দিনটো পালন কৰিব। তদুপলক্ষে এখন বৃদ্ধাশ্ৰমত দুপৰীয়াৰ আহাৰ পৰিৱেশন কৰা হ'ব। ডালিমী পাটোৱাৰীৰ মহিলা দলৰ নাগাৰা নামেৰে আৰম্ভ কৰা হ'ব সন্ধিয়াৰ অনুষ্ঠান। বৰ্ষীয়ান শিল্পী জে পি দাস, মণীষা হাজৰিকা, নমিতা ভট্টাচাৰ্য আৰু মঞ্জুলা বৰুৱাই বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ জন্মদিনৰ গীত-মাতৰ অনুষ্ঠানটিৰ মঞ্চ মুকলি কৰিব। অনুষ্ঠানত দিগন্ত ভাৰতী, শাশ্বতী ফুকন, জয় বৰুৱা, ৰূপম ভূঞা, দিক্ষু, ৰাকেশ ৰিয়ান, বৰ্ণালী কলিতা, নিৰ্মালি দাস, নীলোৎপল বৰা, আচুৰ্য বৰপাত্ৰ, মণ্টুমনি শইকীয়া, ভাস্বতী ভাৰতী, গীতালী দেৱী, দীপলিনা ডেকা আদিকে ধৰি প্ৰায় একুৰিৰো অধিক শিল্পীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিব। "পোহৰৰে চাকি"ত পলাশ সূৰ্য গগৈৰ পৰিচালনাত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে পংকজ ইংতিৰ পৰিচালনাত জুবিন গাৰ্গৰ গীতৰ আধাৰত নৃত্যাঞ্জলি অনুষ্ঠান পৰিৱেশন কৰা হ'ব। অসমৰ সাংস্কৃতিক-সাহিত্যিক-সামাজিক আৰু সংবাদ জগতৰ বহু পুৰোধা ব্যক্তিৰ উপস্থিতিত জুবিন গাৰ্গৰ জন্মদিনটি উদ্যাপন কৰা হ'ব ।
No comments:
Post a Comment