W7s news,,গুৱাহাটীঃ বাংগালুৰুত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অভূতপূৰ্ব প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ মহিলা খেলুৱৈসকলে। এই প্ৰতিযোগিতাত অসমৰ মহিলা খেলুৱৈসকলে দুটা ঐতিহাসিক স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলুৱৈসকলৰ এই পাৰদৰ্শিতা ৰাজ্যখনৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব হিচাপে চিহ্নিত হৈছে।
উল্লেখ্য যে, ১৩ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ বাংগালুৰুত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসমৰ ২৫ জনীয়া দলে অংশ লয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ স্বীকৃতিপ্ৰাপ্ত ইণ্ডিয়ান পিকলবল এছ'চিয়েশ্যনৰ অধীনত কৰ্ণাটক পিকলবল এছ'চিয়েশ্যনে এই প্ৰতিযোগিতাৰ আয়োজন কৰে। প্ৰতিযোগিতাখনিত সমগ্ৰ দেশৰ পৰা ১১০০ গৰাকী খেলুৱৈয়ে ১২ বছৰ অনুৰ্দ্ধৰ পৰা ৭০ বছৰ উৰ্দ্ধলৈকে বিভিন্ন শাখাত দলগত ইভেণ্ট আৰু ব্যক্তিগত মুকলি ইভেণ্টত ৰাষ্ট্ৰীয় খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।
বিজয়ীসকলৰ তালিকা-
🥇 সোণৰ পদক – ৩০+ মহিলাৰ একক (ব্যক্তিগত ইভেণ্ট)
অনাংষা আলোম্যান – ৰাষ্ট্ৰীয় চেম্পিয়ন!
অনাংষাই এক শক্তিশালী প্ৰদৰ্শন দাঙি ধৰি ছেমিফাইনেলত শীৰ্ষ খেলুৱৈ মহাৰাষ্ট্ৰৰ প্ৰিয়ংকা মেহটাক ১১–৭ ব্যৱধানত পৰাস্ত কৰে। এই বিজয় ধাৰা অব্যাহত ৰাখি তেওঁ ফাইনেলত অসমৰ বাবে এই ৩০+ মহিলাৰ একক ৰাষ্ট্ৰীয় খিতাপ দখল কৰিবলৈ সক্ষম হয়।
🥇 সোণৰ পদক – ১৬ বছৰ অনুৰ্দ্ধ ছোৱালী ডাবলছ (ব্যক্তিগত ইভেণ্ট)
নায়ীম হুছেইন আৰু প্ৰাপ্তি বৰুৱা – ৰাষ্ট্ৰীয় চেম্পিয়ন!
এই যুৱ খেলুৱৈ দুগৰাকীয়ে তেওঁলোকৰ উৎকৃষ্ট সমন্বয় আৰু আত্মবিশ্বাস প্ৰদৰ্শন কৰি মধ্যপ্ৰদেশৰ আনশী সন্মানভি আৰু আশ্ৰীয়া সিঙক ১১–৩ ব্যৱধানত পৰাস্ত কৰি ১৬ বছৰ অনুৰ্দ্ধ ছোৱালী ডাবলছৰ সোণৰ পদক লাভ কৰে।
🥈 দলগত ইভেণ্ট – ১৬ বছৰ অনুৰ্দ্ধ ছোৱালী দলৰ ৰূপৰ পদক অৰ্জন
অসমৰ ১৬ বছৰ অনুৰ্দ্ধ ছোৱালী দলে (প্ৰাপ্তি বৰুৱা, নায়ীম হুছেইন আৰু উৎপলাক্ষী শইকীয়া) গ্ৰুপ পৰ্যায়ত মধ্যপ্ৰদেশক ২-০ আৰু তামিলনাডুক ২-১ ব্যৱধানত পৰাস্ত কৰে। তেওঁলোকে ফাইনেলত কঠোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় যদিও মহাৰাষ্ট্ৰৰ হাতত ০-২ ব্যৱধানত পৰাস্ত হৈ গৌৰৱোজ্জ্বল ৰূপৰ পদক অৰ্জন কৰে।
🥉দলগত ইভেণ্ট – ৩০+ মহিলাৰ দলৰ ব্ৰঞ্জৰ পদক অৰ্জন
অসমৰ ৩০+ মহিলাৰ দলটোৱে (অনাংষা আলোম্যান, মনস্বিনী হাজৰিকা আৰু উপাসনা নাথ) কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ খেলুৱৈ গুজৰাটক ২-০ ব্যৱধানত পৰাস্ত কৰি চমক সৃষ্টি কৰে। পিছত ছেমিফাইনেলত মহাৰাষ্ট্ৰৰ হাতত পৰাজিত হৈ তেওঁলোকে এক সু-নিৰ্দ্ধাৰিত ব্ৰঞ্জৰ পদক লাভ কৰে।
অসমৰ বাবে ব্যক্তিগত মুকলি ইভেণ্টৰ পদক 🏆
🥇 সোণৰ পদক – ৩০+ মহিলাৰ একক – অনাংষা আলোম্যান – ৰাষ্ট্ৰীয় চেম্পিয়ন
🥇 সোণৰ পদক – ১৬ বছৰ অনুৰ্দ্ধ ছোৱালী ডাবলছ – নায়ীম হুছেইন আৰু প্ৰাপ্তি বৰুৱা – ৰাষ্ট্ৰীয় চেম্পিয়ন
🥈 ৰূপৰ পদক – মহিলাৰ একক – উপাসনা নাথ – অসমৰ এইগৰাকী অপ্ৰতিদ্বন্দী তাৰকা খেলুৱৈয়ে ছেমিফাইনেলত প্ৰীতি কুমাৰীক ১১–৪ ব্যৱধানত পৰাস্ত কৰি এক সৰ্ব-অসম ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।
ব্ৰঞ্জৰ পদক বিজয়ীসকল
🥉 ৫০+ মহিলাৰ একক – নাজনীন ৰহমান – তেওঁ কোৱাৰ্টাৰ ফাইনেলত বিগত বৰ্ষৰ ৰাষ্ট্ৰীয় চেম্পিয়ন কবিতা খান্নাক ১১–৭ ব্যৱধানত পৰাস্ত কৰি চমক সৃষ্টি কৰে।
🥉 ৬০+ পুৰুষৰ একক – টিকেন চন্দ্ৰ বসুমতাৰী
🥉 ৩০+ মহিলাৰ ডাবলছ – মনস্বিনী হাজৰিকা আৰু অনাংষা আলোম্যান

No comments:
Post a Comment