ৰাণী , ২৩ অক্টোবৰ : পশ্চিম গুৱাহাটীৰ ৰাণী খোপেগাঁৱত ২১ আৰু ২২ অক্টোবৰত দুদিনীয়াকৈ এটা বিনামূলীয়া পশু চিকিৎসা আৰু ছিটাকৰণ শিবিৰ অনুষ্ঠিত হয় । ৰাণী খণ্ড পশু চিকিৎসালয়ৰ দ্বাৰা আৰু কামৰূপ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া আৰু খোপেগাঁও, বীণাপাণি পুথিভঁৰালৰ সহযোগত বিনামূলীয়া পশুপালন প্রশিক্ষণ, ছিটাকৰণ আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত সভাপতিত্ব কৰে অসীম দাসে। সভাত বিধায়ক ৰমেন্দ্ৰ নৰায়ণ কলিতা, অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰেমেশ্বৰ বৰ্মন, জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী, ৰাণী পশু চিকিৎসালয়ৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰী, পশু চিকিৎসক ডাঃ ডলি বড়া আৰু খোপেগাঁও, বীণাপাণি পুথিভঁৰালৰ সম্পাদক-সভাপতি, সদস্যসকল আৰু ৰাইজ উপস্থিত থাকে। আনহাতে দুদিনীয়া বিনামূলীয়া পশু স্বাস্থ্য শিবিৰত গৰু, ছাগলীকে ধৰি অঞ্চলটোৰ কেবা শতাধিক পশুধনৰ ছিটাকৰণ কৰাৰ লগতে ৰোগ প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হয়।

No comments:
Post a Comment