ৰাজ্যপালৰ সৈতে পুপ্ৰমাসৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰি জুবিন গাৰ্গক “ভাৰত ৰত্ন” প্ৰদানৰ দাবীত স্মাৰকলিপি দাখিল* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 24 October 2025

ৰাজ্যপালৰ সৈতে পুপ্ৰমাসৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰি জুবিন গাৰ্গক “ভাৰত ৰত্ন” প্ৰদানৰ দাবীত স্মাৰকলিপি দাখিল*






W7s news,,গুৱাহাটী, ২৩ অক্টোবৰঃ

পূৰ্বোত্তৰ প্ৰাদেশিক মাৰৱাৰী সম্মেলন (PPMS)-ৰ এটা প্ৰতিনিধি দলে আজিৰ দিনটোত অসমৰ মাননীয় ৰাজ্যপাল শ্রী লক্ষ্মণ প্রসাদ আচার্যৰ সৈতে ৰাজভৱনত সাক্ষাৎ কৰি অসমৰ মহান গায়ক শ্ৰী জুবিন গাৰ্গক “ভাৰত ৰত্ন” সন্মান প্ৰদান কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাই এটা স্মাৰকলিপি দাখিল কৰে।


প্ৰতিনিধি দলটোত উপস্থিত আছিল প্ৰাদেশিক সভাপতি শ্রী কৈলাশ কাবৰা, ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰী শ্রী বসন্ত সুৰানা, প্ৰাদেশিক মহামন্ত্ৰী  ৰমেশ কুমাৰ চান্ডাক, প্ৰাদেশিক সংগঠন মন্ত্ৰী  মনোজ জৈন কালা আৰু প্ৰাদেশিক জনসংযোগ অধিকাৰী শ্রী বিবেক সাংগানেৰিয়া। তেওঁলোকে এই স্মাৰকলিপি মাননীয় ৰাজ্যপালৰ জৰিয়তে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰে।


প্ৰতিনিধি দলে  ৰাজ্যপালক অৱগত কৰে যে অসমৰ সংগীত জগতৰ আত্মা, কোটি কোটি হৃদয়ৰ প্ৰিয় গায়ক তথা মহান সংগীতকাৰ জুবিন গাৰ্গ (জুবিন দা)-ৰ অকাল মৃত্যুৰে সম্পূৰ্ণ সমাজ অত্যন্ত শোকাহত। ই কেৱল অসমৰ নহয়, সম্পূৰ্ণ ভাৰতবৰ্ষৰ বাবে এক অপূৰণীয় ক্ষতি।


সংস্থাই জুবিন দাক অসমৰ “জননায়ক” উপাধি প্ৰদান কৰি মাননীয় ৰাজ্যপালৰ জৰিয়তে ভাৰত চৰকাৰক “ভাৰত ৰত্ন” সন্মান প্ৰদানৰ অনুৰোধ জনায়। এই সন্মান জুবিন দাৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ স্বীকৃতি হিচাপে কেৱল তেওঁকেই নহয়, অসমবাসী আৰু বিশ্বজুৰি থকা তেওঁৰ ভক্তসকলৰ বাবে এক গৌৰৱৰ বিষয় হ’ব।


প্ৰতিনিধি দলে কয় যে জুবিন দাৰ সংবেদনশীলতা, মানবতা আৰু সমাজসেৱাৰ মনোভাৱ প্ৰতিটো যুৱকলৈ এটা অনুপ্ৰেৰণা। তেওঁৰ জীৱন আৰু কৰ্মক ৰাষ্ট্ৰীয় পৰিসৰত সন্মানিত কৰা সমাজৰ বাবে এক অনুপ্ৰেৰণামূলক পদক্ষেপ হ’ব।


সাক্ষাতৰ সময়ত প্ৰতিনিধি দলে  ৰাজ্যপালক দীপাৱলিৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু পূৰ্বোত্তৰত বসবাস কৰা মাৰৱাৰী সমাজৰ অনুভূতি তেওঁলোকৰ আগত প্ৰকাশ কৰে।


 ৰাজ্যপালে প্ৰতিনিধি দলৰ এই পুণ্য প্ৰচেষ্টা আৰু ভাবনাক সন্মান জনাই তেওঁলোকৰ প্ৰচেষ্টাক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। লগতে সমাজৰ সকলো স্তৰৰ লোকক মিল-মৈত্রী, ভাতৃত্ববোধ আৰু একতা ৰক্ষা কৰি অসমৰ শান্তি আৰু উন্নয়নত অৱদান ৰাখিবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here