আজাৰা পাটগাঁৱত বি এছ এফৰ দেৱালী মেলা সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 23 October 2025

আজাৰা পাটগাঁৱত বি এছ এফৰ দেৱালী মেলা সম্পন্ন

 


আজাৰা , ২৩ অক্টোবৰ : সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ) আজাৰা পাটগাঁৱস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত ১৯ অক্টোবৰত   দেৱালী মেলা অনুষ্ঠিত হয়। বি এছ এফৰ বিষয়া - জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় বহু লোকৰ উপস্থিতিত দেৱালী মেলাখন উদ্ধোধন কৰে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী সতৱন্ত কৌৰে । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সতৱন্ত কৌৰে  পোহৰৰ উৎসৱ দীপাবলীৰ তাৎপৰ্য দাঙি ধৰি কয় এই উৎসৱে সীমান্তত কৰ্তব্য সম্পাদন কৰি অহা বিষয়া - জোৱান সকলৰ মনোবল বৃদ্ধিত সদায় অৰিহণা যোগায় আহিছে। আনহাতে মেলাৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীও অনুষ্ঠিত হয়। যত। বিভিন্ন খাদ্য সম্ভাৰ, মিঠাই আদি প্ৰদৰ্শন কৰা হয়। তেনেদৰে সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত বি এছ এফৰ জাজ বেণ্ডৰ দলে যন্ত্ৰ সংগীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানত উপস্থিত থাকি বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক সুখদেৱ ৰাজে দেৱালী মেলাত ভাগ লোৱা সকলোকে উৎসাহিত কৰাৰ লগতে  আন্তঃৰাষ্ট্ৰীয় সীমা সূৰক্ষাৰ ক্ষেত্ৰত বাহিনীটোৰ বিষয়া - জোৱান সকল সদা- সতৰ্ক হৈ আছে বুলি সদৰি কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here