উত্তৰ পূব ভাৰতত বৃক্কৰ সু-চিকিৎসাৰ বাবে জিএনআৰচি নেফ্ৰ'ক ন ২০২৫ অনুষ্ঠিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 25 October 2025

উত্তৰ পূব ভাৰতত বৃক্কৰ সু-চিকিৎসাৰ বাবে জিএনআৰচি নেফ্ৰ'ক ন ২০২৫ অনুষ্ঠিত

 


W7s news গুৱাহাটী:

জিএনআৰচি হাস্পতালে শনিবাৰে গুৱাহাটীৰ নেডফি কন্ডেনচন চেন্টাৰত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা জিএনআৰচি নেফ্র'কন ২০২৫ অনুষ্ঠান সুকলমে অনুষ্ঠিত হয়। এই সম্মিলনখনত বহু অভিজ্ঞ বৃক্কৰোগৰ বিশেষজ্ঞই নবীন বৃক্ক চিকিৎসক সকলে কৰা উন্নতি আৰু প্ৰত্যাহ্বানৰ বিষয়ে বিশদ ভাবে আলোচনা কৰে। এই অনুষ্ঠানত উত্তৰ-পূব আৰু ভাৰতৰ অন্য স্থানৰ পৰা শতাধিক অধিক বৃক্ক বিশেষজ্ঞ, ইউৰ'ল'জিষ্ট আৰু ইন্টাৰনেল মেডিচিন বিশেষজ্ঞ একত্রিত হৈ বৃক্কৰোগৰ চিকিৎসাৰ উন্নত মানৰ চিকিৎসা আৰু সহযোগী চিকিৎসা সমূহৰ বিষয়ে মত বিনিময় কৰে।

জিএনআৰচি নেফ্র'কন ২০২৫ত অংশগ্ৰহণ কৰা অভিজ্ঞ বক্তাসকল হ' ল-ডাঃ সঞ্জীর ছাক্সেনা (চেয়াৰমেন আৰু মুৰব্বী, PSRI Institute of Renal Sciences, নিউ দিল্লী), প্ৰফেচৰ ডাঃ দিলীপ কুমাৰ পাহাৰী (চিনিয়ৰ কনচাল্টেন্ট নেফ্র'ল'জিষ্ট, মনিপাল হাস্পতাল E.M. বায় পাছ), ডাঃ শ্ৰীহর্ষা হৰিনাথ (ৰ'ব'টিক আৰু ট্রান্সপ্লান্ট ইউৰ'ল'জিষ্ট, কাৱেৰী হাস্তাল, বেংগালুৰু) লগতে উত্তৰ পূব ভাৰতৰ কেইবাগৰাকীও নেফ্ৰ'ল'জী বিশেষজ্ঞ। ডাঃ নীৰজ নিৰালা, কনচাল্টেন্ট নেফ্র'ল'জিষ্ট, জিএনআৰচি হাস্তাল- দিছপুৰৰ নেতৃত্বত আয়োজন কৰা এই অনুষ্ঠানটোত কিডনী ৰোগ, ডায়েলিছিছ আৰু ট্রান্সপ্লান্টেশ্যন পৰিচালনাৰ নতুন ধাৰণা সমূহৰ বিষয়ে বিশদ ভাবে আলোচনা কৰা হয়। জিএনআৰচি নেফ্র'কনৰ আয়োজক ডাঃ নিৰালাই "জিএনআৰচিআৰু উত্তৰ-পূব ভাৰতত নেফ্ৰ'ল জীৰ যাত্রা" (Journey of Nephrology in GNRC and North East India) শীর্ষক এক ব্যক্তব্য প্রদান কৰে, য'ত তেওঁ অঞ্চলবাসীৰ বাবে বৃক্কৰ উন্নত যত্ন সহজলভ্য কৰাৰ ক্ষেত্ৰত জিএনআৰচিৰ অগ্রগামী ভূমিকাৰ বিষয়ে ৰাইজক অৱগত কৰে।

ডাঃ নীৰজ নীৰালাই কয়, "উত্তৰ-পূৱৰ কোনো ব্যক্তি ধন আৰু দুৰত্বৰ বাবে গুণগত কিডনী সেবাৰ সুবিধা পৰা যাতে বঞ্চিত নহয় সেইটো গুৰুত্ব দিয়াটোৱে আমাৰ মূল লক্ষ্য। জিএনআৰচি নেফ্ৰ'কনৰ জৰিয়তে, আমি নেফ্রলজিষ্ট সকলৰ মাজত সহযোগিতা প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ৰাখিছো।" ৰ'বটিক কিডনী স্থানান্তৰণ, এন্টিবডি-প্রেৰিত প্ৰত্যাহাৰ, পেৰিটোনিয়েল ডায়ালিছিছ, চি কে ডি, আৰু নেফ্ৰ'ল'জিষ্ট সকলে কৰা আৰ্টেৰি-ভিনাস ফিস্টুলা আদিৰ বিষয়েও আলোচনা কৰা হয়। সম্মিলনখনত খনত বিশেষজ্ঞ সকলে "কিডনীৰ বিভিন্ন আঘাত" আৰু "দীর্ঘকালীন কিডনী ৰোগৰ – প্ৰাথমিকৰ পৰা বিশেষজ্ঞ স্তৰলৈ পৰিচালনা" বিষয়ক গুৰুত্ব দিয়া হৈছিল।

ডাঃ নোমল চন্দ্ৰ বৰা, (জিএনআৰচি হাস্পতালৰ প্ৰতিস্থাতা) এই অনুষ্ঠানৰ মুখ্য উপদেষ্টা হিচাপে উপস্থিত আছিল আৰু  প্রিয়ঙ্কা বৰা, গ্রুপ ডাইৰেক্টৰ, আৰু ডাঃ মাধুৰ্য বৰা আৰু  শতাব্দী বৰা,  কাৰ্যবাহী সঞ্চালক  উপদেষ্টা হিচাপে খনত উপস্থিত থাকে।

এই সম্মিলনখনত খনত বৃক্ক ৰোগৰ প্ৰাথমিক আবিষ্কাৰ আৰু ব্যৱস্থাপনা উন্নত কৰিবলৈ নেফ্ৰ'ল'জিষ্ট, ইউৰ'ল'জিষ্ট আৰু সাধাৰণ চিকিৎসকৰ মাজত অবিৰত সহযোগিতা তথা পাৰস্পৰিক বুজাবুজিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। জিএনআৰচিৰ সার্বজনীন স্বাস্থ্য অভিযানৰ লগত সামঞ্জস্য ৰাখি সকলোকে স্বাস্থ্য সেৱা প্ৰদান কৰাই এই সম্মিলনখনৰ উদ্দেশ্য থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here