ৰণজিপছি বাই ৰণবিজয়’ ব্ৰেণ্ডেৰে উদ্যোগীৰ যাত্ৰাৰ পাতনি মেলিছে অভিনেতা আৰু এম টি ভি ৰ'ডিজ খ্যাত তাৰকা ৰণবিজয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 25 October 2025

ৰণজিপছি বাই ৰণবিজয়’ ব্ৰেণ্ডেৰে উদ্যোগীৰ যাত্ৰাৰ পাতনি মেলিছে অভিনেতা আৰু এম টি ভি ৰ'ডিজ খ্যাত তাৰকা ৰণবিজয়ে

 

গুৱাহাটীত ভাৰতৰ ‘ৰণজিপছি বাই ৰণবিজয়’ৰ প্ৰথমটো ক্লাবৰ শুভ উদ্বোধন 

সমগ্ৰ ভাৰততে ৰণজিপছি কাফে, ক্লাব, জিম আৰু অনন্য ৰিয়েল ইষ্টেট ভেঞ্চাৰৰ এটা গোট স্থাপনৰ পৰিকল্পনা কৰিছে ৰণবিজয়ে 





W7s news গুৱাহাটী::


অসমৰ ৰাজধানী চহৰ গুৱাহাটীয়ে ইয়াৰ নৈশজীৱনত এক ৰোমাঞ্চকৰ সংযোজনৰ সাক্ষী হৈছে। অভিনেতা তথা এম টি ভি ৰ’ডিজ খ্যাত তাৰকা ৰণবিজয় সিংঘাই । গুৱাহাটীৰ অ’ৰাছ মলত উদ্বোধন কৰিলে দেশৰ ভিতৰতে প্ৰথমটো ‘ৰণজিপছি বাই ৰণবিজয়’ ক্লাব।

নতুনকৈ উদ্বোধন কৰা এই ক্লাবতে নিজৰ উদ্যোগ সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে ৰণবিজয়ে। ইয়াত ৰণবিজয়ৰ সৈতে উপস্থিত থাকে ফ্ৰেঞ্চাইজি স্বত্বাধিকাৰী (গুৱাহাটী) জিতু তপন গগৈ। সংবাদমেলত লগতে উপস্থিত থাকে ব্ৰেণ্ড সহযোগী বিকাশ ছাণ্ডিল, কৰণ চদ্ধা, মুকেশ আগৰৱাল আৰু আশীষ গুপ্তা। ইয়াত ভি পি (অপাৰেচনছ) ওমকাৰ মালিও উপস্থিত থাকে।

সংবাদ মাধ্যমেৰে মত বিনিময় কৰাৰ পূৰ্বে উপস্থিত সকলোৱে একেলগে কিংবদন্তি অসমীয়া শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই দুই মিনিট মৌন প্ৰাৰ্থনা কৰি, অসমীয়া সংস্কৃতি আৰু সংগীতৰ প্ৰতি জুবিনৰ অপৰিসীম অৱদানক সন্মান জনায়।

সংবাদ মাধ্যমৰ সৈতে তেওঁৰ নতুন উদ্যোগৰ সবিশেষ বিনিময় কৰাৰ পূৰ্বে ৰণবিজয়ে মন্তব্য কৰি কয়, “অসমীয়া সমাজখনক সৰ্বাংগীন আৰু সাংস্কৃতিকভাৱে অধিক স্থিতিস্থাপক কৰি তোলাত জুবিন দাৰ অৱদানক মই নতশিৰে সন্মান জনাইছোঁ।”

ৰণবিজয়ে লগতে কয়, “‘ৰণজিপছি বাই ৰণবিজয়’ কেৱল এটা ব্ৰেণ্ডতকৈও উৰ্ধত , ই এক জীৱনশৈলী। ই ভ্ৰমণ, দুঃসাহসিক অভিযান আৰু সম্প্ৰদায়ৰ প্ৰতি থকা মোৰ অপৰিসীম ভালপোৱাৰ দ্বাৰা অনুপ্ৰাণিত। ৰণজিপছি বাই ৰণবিজয়ৰ অধীনত আমি এক উদ্দেশ্যৰে মুক্ত মনোভাৱৰ জীৱন উদযাপন কৰা কাফে, ক্লাব, জিম, বুটিকৰ বাবে স্থান আৰু আমাৰ অনন্য জিপছি ভিলেজ ৰিয়েল ইষ্টেট ধাৰণা কঢ়িয়াই আনিবলৈ সংকল্পবদ্ধ হৈছো।”

উল্লেখযোগ্য যে ব্ৰেণ্ডটোৰ প্ৰথমখন আউটলেট গুৱাহাটীতে মুকলি কৰা হৈছে, যিয়ে কেৱল উত্তৰ-পূবৰ নহয়, দেশৰ এক সজীৱ সাংস্কৃতিক আৰু আতিথ্য কেন্দ্ৰ হিচাপেও গঢ়ি উঠাৰ সংকেত দিছে।

গুৱাহাটীৰ ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী জিতু তপন গগৈয়ে উৎসাহ প্ৰকাশ কৰি কয়, “গুৱাহাটীত ৰাজ্যৰ ভিতৰতে প্ৰথমখন ‘ৰণজিপছি বাই ৰণবিজয়’ মুকলি কৰাটো অসমৰ বাবে এক গৌৰৱৰ কথা। গুৱাহাটীৰ কচমোপলিটান ভাইব আৰু সুস্বাদু খাদ্য আৰু সংগীতৰ প্ৰতি থকা প্ৰেমে গুৱাহাটীক এই যাত্ৰাৰ আৰম্ভণিৰ বাবে এক নিখুঁত স্থান কৰি তুলিছে। গুৱাহাটীৰ আউটলেটে ক্লাবলৈ আগমণ ঘটা  লোকসকলক মনোৰঞ্জন দিবলৈ সংগীত আৰু লাইভ প্ৰদৰ্শনেৰে ক্লাবৰ খাদ্য আৰু পানীয়ৰ ব্যাপক বিস্তাৰৰ সৈতে প্ৰিমিয়াম স্থান প্ৰদান কৰিব।”

ৰণবিজয়ে ব্ৰেণ্ডটোক নেতৃত্ব দিব যদিও বিভিন্ন দিশ তদাৰক কৰিবলৈ ‘ৰণজিপছি বাই ৰণবিজয়’ ৰ ব্ৰেণ্ড অংশীদাৰৰ সম্পূৰ্ণ দল  থাকিব।

বিকাশ ছাণ্ডিল আৰু কৰণ চদ্ধাই আতিথ্য বিভাগৰ নেতৃত্ব দিব, য’ত অন্তৰ্ভুক্ত থাকিব লাউঞ্জ, ক্লাব, বুটিক হোটেল, ৰিজৰ্ট আৰু অগ্ৰণী ৰিয়েল ইষ্টেট পদক্ষেপ। বিকাশ ছাণ্ডিলে কয়, “এই গ্ৰুপে ‘জিপ্সি ভিলেজ’ মুকলি কৰাৰ পৰিকল্পনা কৰিছে, যি এটা সুকীয়া ৰিয়েল এষ্টেট ধাৰণা, যাক নিস্তব্ধ, দূৰৱৰ্তী স্থানলৈ নগৰীয়া জীৱন-যাপনৰ আৰামক কঢ়িয়াই আনিবলৈ ডিজাইন কৰা হৈছে।”

কৰণ চদ্ধাই লগতে কয়, “জিপ্সি ভিলেজ হৈছে আধুনিক আৰামৰ সৈতে আপোচ নকৰাকৈ প্ৰকৃতিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰা এক ধাৰণা। আমি হিমাচল প্ৰদেশত এক কিউৰেটেড বাসস্থান গঢ়ি তুলিছো, য’ত দুঃসাহসিক অভিযান আৰু শান্তিৰ সহাৱস্থান দেখিবলৈ পোৱা যায়।”

মন কৰিবলগীয়া যে আশীষ গুপ্তাই ব্যৱসায়িক বিকাশৰ দিশ তদাৰক কৰিব; ৰিয়েল ইষ্টেট খণ্ডত বহু বছৰৰ অভিজ্ঞতা থকা মুকেশ আগৰৱালে এই উদ্যোগৰ অধীনত আউটলেটৰ বাবে স্থান (ৰিয়েল এষ্টেট) নিৰ্ধাৰণ কৰি সম্প্ৰসাৰণৰ দায়িত্ব পালন কৰিব।

গুৱাহাটীৰ আউটলেটত খাদ্য আৰু পানীয়ৰ মেনু প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত ৰনজিপ্সীৰ ভি পি (অপাৰেচনছ) ওমকাৰ মালিয়ে কয়, “আমাৰ মেনুত উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য, স্পন্দনশীল উপাদানৰ সৈতে গ্ল'বেল ফ্লেভাৰৰ মিশ্ৰণ ঘটোৱা হৈছে। আমাৰ চেফসকলে নিখুঁত আৰু উদ‍্যমেৰে সমসাময়িক ক্লাছিক প্ৰস্তুত কৰে। আমাৰ হাতেৰে প্ৰস্তুত কৰা ককটেইল আৰু একচেটিয়া বাৰ নিৰ্বাচনে ফাইন ডাইনিঙৰ পৰা চহৰৰ আটাইতকৈ গতিশীল সামাজিক কেন্দ্ৰলৈ পৰিৱৰ্তনক ইন্ধন যোগায়।” এই অনুষ্ঠানত অসমীয়া ছবি জগতৰ জনপ্রিয় অভিনেতা ৰবি শৰ্মা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here