ৰাণী ,২১
অক্টোবৰ : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। এই উপলক্ষে দেশৰ হকে কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি স্মৃতি নিৱেদন কৰে ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই । অনুষ্ঠানত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই আৰক্ষী স্মৃতি দিৱস পালনৰ তাৎপৰ্য দাঙি ধৰি কয় ১৯৫৯ চনৰ ২১ অক্টোবৰত ভাৰত- চীন সীমান্তৰ লাডাখত চীনা সৈন্যই চি আৰ পি এফৰ এটা টহলদাৰী দলক আক্ৰমণ কৰি ১০ জন বীৰ জোৱানক নিহত কৰা ঘটনাৰ সোঁৱৰণত প্ৰতি বছৰে ২১ অক্টোবৰৰ দিনটোক সমগ্ৰ দেশজুৰি আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰি অহা হৈছে। অনুষ্ঠানত ২০২৪ চনৰ পহিলা ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ ৩১ আগষ্ট পৰ্যন্ত দেশত কৰ্তব্যৰ সময়ত শ্বহীদ হোৱা আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ বীৰ জোৱান সকলৰ স্মৃতিত শ্বহীদ স্মাৰকত ফুলৰ থোপা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত বাহিনীটোৰ বিষয়া - জোৱান সকল উপস্থিত থাকে । অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সৈনিক সন্মিলনখন সম্বোধন কৰে কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই ।


No comments:
Post a Comment