কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে গুৱাহাটীত মুকলি কৰিলে গ্ৰেণ্ড ‘বাম্পাৰ লাকী ড্ৰ’ ২৫’ – প্ৰতি ১৫ দিনৰ মূৰে মূৰে মেগা ড্ৰ’ত এখন স্কুটি আৰু এখন গাড়ী জিকাৰ সোণালী সুযোগ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 25 August 2025

কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে গুৱাহাটীত মুকলি কৰিলে গ্ৰেণ্ড ‘বাম্পাৰ লাকী ড্ৰ’ ২৫’ – প্ৰতি ১৫ দিনৰ মূৰে মূৰে মেগা ড্ৰ’ত এখন স্কুটি আৰু এখন গাড়ী জিকাৰ সোণালী সুযোগ


 


W7s news গুৱাহাটী, অসম, আগষ্ট ২০২৫ – ভাৰতৰ অন্যতম অগ্ৰণী আৰু বিশ্বাসযোগ্য গহনা ব্ৰেণ্ড কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে গুৱাহাটীস্থিত শ্বপ-ইন-শ্বপ আউটলেটত আৰম্ভ কৰা ‘বাম্পাৰ লাকী ড্ৰ’ ২৫’ শীৰ্ষক বিশেষ কাৰ্যসূচীৰ জৰিয়তে মহানগৰীৰ সমূহ গ্ৰাহকৰ মাজত যথেষ্ট উৎসাহ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।  


এই কাৰ্যসূচীৰ অধীনত গ্ৰাহকে ₹২৫,০০০ টকাৰ প্ৰতিটো ক্ৰয়ৰ ওপৰত লাকী ড্ৰ’ত অংশগ্ৰহণ কৰাৰ সুযোগ পাব।


বিশেষ আকৰ্ষণসমূহ: 

প্ৰতি ১৫ দিনৰ মূৰে মূৰে এখন স্কুটি (৬ সপ্তাহৰ বাবে, দীপাৱলীলৈকে)

মেগা লাকী ড্ৰ’ত এখন গাড়ী 


বিল পৰিশোধ কৰাৰ সময়ত এটা বিশেষ কুপন ক’ড কাগজী ভাউচাৰত লিখি গ্ৰাহকসকলক প্ৰদান কৰা হ’ব আৰু বিলত “কুপন ইছ্যুড” ষ্টাম্প লগোৱা হ’ব। গ্ৰাহকে এই কুপনটো শ্ব’ৰুমত উপলব্ধ বাকচত ৰাখিব পাৰিব। 


এই কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটীৰ বিজয়ীসকলক ৫খন স্কুটী আৰু ১খন গাড়ী প্ৰদান কৰা হ’ব।


হৰি কৃষ্ণা গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু এম ডি  ঘনশ্যাম ঢোলাকিয়াই এই সন্দৰ্ভত  কয়: 

“আমাৰ গ্ৰাহকসকল হৈছে আমাৰ সফলতাৰ ভেটি। ‘বাম্পাৰ লাকী ড্ৰ’ ২৫’ হৈছে আমাৰ গ্ৰাহকসকলৰ বিশ্বাস আৰু সম্পৰ্কৰ উদযাপন।এইবাৰ সমগ্ৰ ভাৰততে ১২০০ৰো অধিক বাহন পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব আৰু উৎসৱৰ আনন্দ প্ৰতিখন ঘৰলৈ বিয়পি পৰিব।”


কিষনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীৰ সঞ্চালক পৰাগ শ্বাহে কয়:


“গহনা সদায় সুখৰ সৈতে জড়িত হৈ আহিছে।এই কাৰ্যসূচীৰ জৰিয়তে আমি গহনা বজাৰৰ উৎসাহ আৰু আকৰ্ষণীয় পুৰস্কাৰ লাভৰ আনন্দ গুৱাহাটীবাসী আমাৰ সমূহ গ্ৰাহকৰ মাজত বিয়পাবলৈ চেষ্টা কৰিছোঁ।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here