হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে
বহে ব্ৰহ্মাণ্ডক ভেদি ।।
W7s news,, গুৱাহাটী: অসমীয়া জাতিক সামাজিক-সাংস্কৃতিকভাৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ যোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষ্যে কাহিলিপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলত আজি বিশেষ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।
পোনতে বিদ্যালয়ৰ অধ্যক্ষা জোনালী দাসে উপাধ্যক্ষদ্বয় ক্ৰমে অনন্ত কলিতা আৰু সুস্মিতা চন্দৰ সহযোগত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তাৰ লগে লগে নৱম শ্ৰেণীৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে সমৱেত কণ্ঠত গুৰুজনাৰ এটি বৰগীত পৰিৱেশন কৰে। অধ্যক্ষা দাসে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত অসমীয়া সমাজত শ্ৰীমন্ত শংকৰদেৱৰ গুৰুত্ব সম্পৰ্কে এটি চমু বক্তব্যৰে উদ্বোধনী ভাষণ আগবঢ়ায়। সপ্তম-অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ এটি দলে সত্ৰীয়া নৃত্য আগবঢ়োৱাৰ অন্তত কাজিৰঙা, ওৰাং, মানস আৰু সোণাই এই চাৰিওটি হাউচৰ প্ৰত্যেকৰে দুটিকৈ দলে মঞ্চত দিহানাম পৰিৱেশন কৰে। তাৰ মাজে এককভাৱেও ভালেকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে একক আৰু দ্বৈত কণ্ঠৰ বৰগীত পৰিৱেশন কৰি সকলোকে মোহিত কৰে।
শেষত জাতীয় সংগীতেৰে 'সত্ৰীয়া উৎসৱ' অনুষ্ঠানটিৰ সামৰণি পৰে।
No comments:
Post a Comment