W7s news গুৱাহাটী : বিগত পয়ষষ্ঠি বছৰৰো অধিক কাল জুৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তৰ সমাজখনত নিস্বার্থভাৱে সমাজ-সংস্কৃতিমূলক সেৱা আগবঢ়াই অহা দীপক সংঘই
"সদৌ অসম দীপক সংঘ সমবেত সঙ্গীত প্রতিযোগিতা"ৰ আয়োজন কৰিছে- সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দীপক সংঘৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে দীপক সংঘৰ সভাপতি
ড০ শশীন্দ্ৰ কুমাৰ ভাগৱতীয়ে। তেওঁ লগতে কয়-সমবেত সংগীতে অসমত সংগীতৰ পথাৰখনত তাহানিৰে পৰা এক বিশিষ্ট স্থান দখল কৰি আহিছে। এটা ভাল সমবেত সংগীতে সাংগীতিক মূল্যৰ উপৰিও অংশগ্ৰহণকাৰী সকলক দলীয় উদ্যমৰ এক বিমল আনন্দ প্রদান কৰে। আজি কিছুদিনৰ পৰা অসমত সমবেত সঙ্গীত বা কোৰাচৰ ধাৰাটো কিছু স্তিমিত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত দীপক সংঘই এই প্রাইজমানী প্রতিযোগিতা ২ নৱেম্বৰ ৰ দিনা গুৱাহাটীৰ জ্যোতিচিত্ৰবনৰ প্ৰেক্ষাগৃহত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।একেধাৰে গীতিকাৰ, নাট্যকাৰ, অভিনেতা সদ্যপ্রয়াত অসম সৌৰড় হেমন্ত দত্তই ৰচনা কৰা গীত এটি এইবাৰৰ প্ৰতিযোগিতাৰ বাবে গ্রহণ কৰা হৈছে। "এটি গীত আৰু সহস্ৰ সুৰৰ প্ৰয়াস....." ধাৰণাৰে প্রতিযোগী দলসমূহে নিজৰ মতে সুৰাৰোপিত কৰি এই গীতটি পৰিবেশন কৰিব লাগিব। অসমৰ যিকোনো সমাজ সাংস্কৃতিক অনুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ ১০ ৰ পৰা ১২ জন ১৫ বছৰৰ উৰ্দ্ধৰ প্রতিযোগীয়ে এই প্রতিযোগিতাত
১০০০/- টকাৰ যোগদান মাচুল জমা দি যোগদান কৰিব পাৰিব।
প্রতিযোগিতাখনত ১,০০,০০০/- (এক লাখ টকাৰ) প্রথম, ৭৫,০০০/- (পয়সত্তৰ হাজাৰ টকাৰ) দ্বিতীয়, ৫০,০০০/- (পঞ্চাশ হাজাৰ টকাৰ) তৃতীয়, ৩০,০০০/- (ত্রিশ হেজাৰ টকাৰ) চতুৰ্থ পুৰস্কাৰৰ লগতে শ্রেষ্ঠ সুৰকাৰকে ধৰি সাতটা উদগনিমূলক নগদ ধনৰ বঁটা আগবঢ়োৱা হব। ইচ্ছুক প্রতিযোগী দলক ১৫ চেপ্তেম্বৰৰ আগতে যোগদান কৰিবলৈ ৱাটচ-এপ (whatsapp) যোগে ৯১০১৩ ৪২১৭৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।' আনহাতে
অসম সৌৰভ হেমন্ত দত্ত ৰচিত গীতটি হৈছে:
এই সন্ধ্যা সজাম সুৰেৰে আমি এন্ধাৰ আঁতৰাই ফুলাম পোহৰৰ পাহি সেই সুৰে দিব ধৰণীত শান্তি আৰু জ্বলিব শ-গছি সুৰ বন্তি। বৰদৈচিলাজনী বাৰে বাৰে আহি যদি শিখাগছি কঁপাই তোলে গীতেৰে আঁতৰাম আমি দুস্কৃতি বৰদৈচিলাজনী।
কণ্ঠ শোণিতেৰে আমি শিখা উজলাম যি সুৰ আজি সুপ্ত তাক আমিয়ে জগাম যি জ্যোতি আজি লুপ্ত তাক আমিয়ে উজলাম।
সংবাদ মেলত সংঘৰ
সাধাৰণ সম্পাদক
কৃপাময় কৃষ্ণ দাস, উপদেষ্টা
জোনা চৌধুৰী,
বিশিষ্ট সংগীত শিল্পী তথা সংঘৰ সাংস্কৃতিক উপদেষ্টা দ্বীপেন বৰুৱা, অৱণী ৰঞ্জন পাঠকৰ লগতে সংঘৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
No comments:
Post a Comment