ডিব্ৰুগড়ৰ খনিয়া গাঁৱত বিশিষ্ট লেখিকা কৃষ্ণাংগী বৰুৱাৰ দুখনকৈ নতুন গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 7 August 2025

ডিব্ৰুগড়ৰ খনিয়া গাঁৱত বিশিষ্ট লেখিকা কৃষ্ণাংগী বৰুৱাৰ দুখনকৈ নতুন গ্ৰন্থ উন্মোচন

 


W7s news,,ডিব্ৰুগড় | আগষ্ট ৭, ২০২৫: ডিব্ৰুগড় জিলাৰ খনিয়া গাঁৱত আয়োজিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উন্মোচন কৰা হ’ল বিশিষ্ট লেখিকা কৃষ্ণাংগী বৰুৱাৰ দুখন নতুন গ্ৰন্থ- 'দ্য আনকেনী মেপছ অৱ লোহিত্য বৰগোঁহাই’ আৰু 'টাই-ফাকে ইংলিছ বটানিকেল ডিকচনাৰী’। গ্ৰন্থ উন্মোচনৰ এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে সাহিত্য জগতৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোক আৰু সংস্কৃতিপ্ৰেমী ভালেসংখ্যক লোকে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ড০ প্ৰদীপ কে গগৈ আৰু বিশেষ অতিথিৰ আসন অলংকৃত কৰে পেইম থি গোহাঁইয়ে। ইফালে অনুষ্ঠানটোৰ সভাপতিত্ব কৰা ড° প্ৰবীণ কুমাৰ শইকীয়াই টাই-ফাকে ভাষা আৰু সাহিত্য সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত নিজৰ বক্তব্য আগবঢ়ায়। তদুপৰি অৱসৰপ্ৰাপ্ত বেংক বিষয়া আই ক্যা গোহাঁই, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ স্মৃতিৰেখা চেতিয়া সন্দিকৈকে ধৰি কেইবাগৰাকী গণ্য মান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰে। 

গ্ৰন্থ উন্মোচনৰ মাজতে অৱসৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক বিশ্বজিৎ কোঁৱৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত পৰিবেশন কৰি সমগ্ৰ পৰিৱেশটো সুৰময়ী কৰি তোলে। 

অনুষ্ঠানত লেখিকা কৃষ্ণাংগী বৰুৱাই তেওঁৰ নৱতম উপন্যাস 'দ্য আনকেনী মেপছ অৱ লোহিত্য বৰগোহাঁই’ৰ সাৰমৰ্ম দাঙি ধৰে। তেওঁ কয় যে উপন্যাসখনৰ পৰিৱেশ ১৯৬০ৰ দশকৰ, য’ত এজন মানচিত্ৰকাৰক উত্তৰ-পূব ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলসমূহ চিহ্নিত কৰাৰ দায়িত্ব দিয়া হৈছে। তেওঁৰ লগত অহা স্থানীয় গাইডৰ সহায়ত তেওঁলোকে অভিযানত এক অচিনাকি অঞ্চলত উপস্থিত হয়, যিটো কোনো দেশৰ সীমাৰ অংশ নহয়। এই অজ্ঞাত ভূখণ্ডৰ আৱিষ্কাৰে তেওঁলোকৰ সন্মুখত পৰিচয়, অধিকাৰ আৰু ৰাষ্ট্ৰীয়তাৰ প্ৰশ্নবোৰ নতুনকৈ উত্থাপন কৰে। 

লেখিকা বৰুৱাই তেওঁৰ অন্যখন গ্ৰন্থ 'টাই-ফাকে ইংলিছ বটানিকেল ডিকচনাৰী’ৰ বিষয়েও উপস্থিত সকলৰ সন্মুখত ব্যক্তব্য আগবঢ়ায়। উল্লেখ্য যে, এই দ্বিভাষিক অভিধানখনত টাই-ফাকে আৰু ইংৰাজী দুয়োটা ভাষাতে বিভিন্ন উদ্ভিদৰ নাম লিপিবদ্ধ কৰা হৈছে। এই অভিধানখন ভাষা সংৰক্ষণৰ প্ৰচেষ্টাত সহায়ক হোৱাৰ সমান্তৰালভাৱে পৰিৱেশবিদ আৰু গৱেষকসকলৰ বাবেও এক তথ্যসমৃদ্ধ সম্পদ হিচাপে বিবেচিত হ’ব।

অন্যহাতে, নিজৰ ব্যক্তব্যৰ মাজতে সাহিত্য যাত্ৰাত পৰিয়ালৰ পৰা পোৱা সহায়-সহযোগিতাৰ কথাও বিশেষভাৱে উল্লেখ কৰে লেখিকা কৃষ্ণাংগী বৰুৱাই। বিশেষকৈ স্বামী পাৰ্থ বৰগোহাঁই, পিতৃ-মাতৃ ডাঃ ৰুবী বৰুৱা আৰু চিত্তৰঞ্জন বৰুৱা, আৰু শহুৰ-শাহু ছেংপেম বৰগোঁহাই আৰু সুভিত্যা বৰগোঁহাইৰ পৰা লাভ কৰা সমৰ্থন আৰু উৎসাহে তেওঁক এই গ্ৰন্থ দুখন লিখি উলিওৱাত যথেষ্ট সহায় কৰা বুলি মন্তব্য কৰে লেখিকাগৰাকীয়ে। 

একে সময়তে যোৱা বছৰ তিনিচুকীয়াৰ অসম কম্পিউটাৰছে প্ৰকাশ কৰি উলিওৱা তেওঁৰ কাব্য সংকলন 'ফ্লাটাৰ অৱ ফেট’ৰ কথাও উল্লেখ কৰে কৃষ্ণাংগী বৰুৱাই। পূৰ্বৰ কিতাপখনৰ দৰেই এই দুখন কিতাপেও পঢ়ুৱৈ সমাজৰ পৰা সমাদৰ লাভ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

উল্লেখ্য যে, এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সমাজকৰ্মী উৰ্মিলা চেতিয়াকে ধৰি উপস্থিত অন্য বিশিষ্ট ব্যক্তিসকলে লেখিকা বৰুৱাৰ নৱ প্ৰকাশিত গ্ৰন্থ দুখনৰ প্ৰাসংগিকতাক লৈ নিজৰ মতামত ব্যক্ত কৰে। উপস্থিতসকলে উপন্যাসখনৰ আখ্যান শৈলী আৰু অভিধানত অন্তৰ্ভুক্ত স্থানীয় উদ্ভিদৰ জ্ঞান সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে লেখিকা বৰুৱাক প্ৰশংসা কৰে। সাহিত্যিক প্ৰামাণ্যতা আৰু সাংস্কৃতিক সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োজন কৰা এই অনুষ্ঠানে সাহিত্যপ্ৰেমী, স্থানীয় লোক আৰু সংস্কৃতিৰ অনুগামীসকলৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।

লক্ষ্যণীয় যে, এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেৱল সাহিত্যৰ প্ৰতি সন্মান জনোৱাই নহয়, আজিৰ সাহিত্য জগতত স্থানীয় আখ্যান আৰু প্ৰাচীন লোকজ্ঞান সংৰক্ষণৰ গুৰুত্বৰ ওপৰতো বিশেষভাৱে আলোকপাত কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here