খ্ৰীষ্টিয়ান বস্তিৰ এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডে লাভ কৰে আন এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 7 August 2025

খ্ৰীষ্টিয়ান বস্তিৰ এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডে লাভ কৰে আন এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা

 

'৪০ উন্দেৰ ৪০'ত জিজেইপিচি সন্মানিত কৰে যুৱ ব্যৱসায়ী যোগেশ সোণী


W7s news,,গুৱাহাটী, ৬ আগষ্ট। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথিষ্ঠিত গহনা বিক্ৰেতা ক্রিষ্টিয়ান বস্তিত অৱস্থিত এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেক ৰাষ্ট্ৰীয় পৰ্যায়ত জেমছ এণ্ড জেৱেলেৰী এক্সূৰ্ত প্ৰমচনাল  কাউন্সিল (জিজেইপিচি) বঁটা প্ৰদান কৰে। এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডৰ মুৰব্বী যোগেশ ছোনী (ছাংকে)ক শেহতীয়াকৈ মুম্বাইত জিজেইপিচিয়ে আয়োজন কৰা ইণ্ডিয়া ইণ্টাৰনেশ্যনেল জেৱেলেৰী প্ৰদৰ্শনী (আইআইজেএছ)ত সন্মানীয় ‘৪০ উন্দেৰ ৪০’ সন্মানেৰে সন্মানিত কৰে।

যুৱ ব্যৱসায়ী যোগেশ সোণীক তেওঁৰ উদ্ভাৱন, প্ৰযুক্তি আৰু ডিজিটেল প্ৰগতিৰ জৰিয়তে ৰত্ন আৰু গহনা উদ্যোগত পৰিৱৰ্তন অনাৰ বাবে এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। দৰাচলতে আই আই জে এছে সমগ্ৰ দেশৰ ‘৪০ উন্দেৰ ৪০’ অৰ্থাৎ ‘৪০ বছৰৰ তলৰ ৪০’ আগশাৰীৰ ৰত্ন আৰু গহনা ব্যৱসায়ীক নিৰ্বাচন কৰি সন্মান জনাইছিল। ইয়াৰ ভিতৰত যোগেশ সোণী হৈছে উত্তৰ-পূব ভাৰতৰ একমাত্ৰ যুৱ ব্যৱসায়ী যি এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছিল।

জনা যায় যে ক্রিষ্টিয়ান বস্তিত অৱস্থিত এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডৰ মুৰব্বী জগমোহন ছোনী নিৰ্দেশনাত যুৱ ব্যৱসায়ী যোগেশ ছোনীয়ে যোৱা বছৰ ডিজিটেল গোল্ড


আঁচনি আৰম্ভ কৰিছিল৷ এই আঁচনিখন বিশেষকৈ এটা মধ্যবিত্ত পৰিয়াল বা ব্যক্তিৰ বাবে আছিল, যিসকলে মাহেকীয়া সঞ্চয়ৰ পৰা অলপ সোণ কিনি নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈ আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here