স্থানীয় সম্পদৰ ওপৰত ভিত্তি কৰি নিবনুৱা সকলক উচ্ছেদিত ভূমি সমূহ লীজত দিয়াৰ ব্যৱস্থা গ্রহন কৰক
কেৱল ডেৰ লাখ চৰকাৰী চাকৰি দিলেই অসমৰ ৫০ লাখ নিবনুৱা সমস্যা সামাধান নহয়
W7s news গুৱাহাটী:
নীতি নিয়মৰ মাজত থাকি স্থানীয় সম্পদৰ ওপৰত ভিত্তি কৰি নিবনুৱা সকলক উচ্ছেদিত ভূমি সমূহ লীজত দিয়াৰ ব্যৱস্থা গ্রহন কৰক-এই দাবী সদৌ অসম নিবনুৱা সন্থাৰ। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম নিবনুৱা সন্থাৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে সদৌ অসম নিবনুৱা সন্থা কেন্দ্রীয় সমিতিৰ
সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই। তেওঁ লগতে কয়-বিধান সভা নিৰ্বাচনৰ প্ৰাক্ ক্ষনত প্ৰতি বছৰে ২ লাখকৈ নিবনুৱাক কর্ম সংস্থাপন দিম বুলি প্রতিশ্রুতি দি বি জে পি দলে শাসনৰ বাঘ জৰী হাতত ললে। কিন্তু বাস্তৱ ক্ষেত্ৰত নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰখন বিফল হৈছে। কেৱল ডেৰ লাখ চৰকাৰী চাকৰি দিলেই অসমৰ ৫০ লাখ নিবনুৱা সমস্যা সামাধান নহয়। চৰকাৰে বিস্ফোৰণ মুখী নিবনুৱা সমস্যা সামাধানৰ কাৰনে কি ব্যৱস্থা গ্ৰহন কৰিছে তাক ৰাজহুৱা ভাৱে প্ৰকাশ কৰক। আমি লগতে দাবী জনাইছো যাতে
চৰকাৰে অসমৰ মাটি বিভিন্ন পুঁজিপতি গোষ্ঠীক বৃহৎ বৃহৎ কোম্পানী প্রতিষ্ঠা কৰিবলৈ আৱণ্টন প্রদান কৰিছে। এই পুজিপতি গোষ্ঠী সমূহে অসমৰ থলুৱা নিবনুৱাক ১০০ শতাংশ ই কোম্পানী সমূহত নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰে এক উদ্যোগ নীতি প্রণয়ন কৰক। কোম্পানী সমূহত কাম কৰিবলৈ উপযুক্ত দক্ষতা, যোগ্যতা সম্পন্ন নিবনুৱা নাথাকিলে ভূমি আৱণ্টন দিয়াৰ কোম্পানী সমূহে আগতীয়াকৈ নিবনুৱা সকলক প্রশিক্ষণ দি উপযুক্ত কৰি তুলিবৰ বাবে চৰকাৰে কোম্পানী সমূহক বাধ্য কৰাৰ ব্যৱস্থা গ্রহন কৰক।
বৰ্তমান সময়ত হাজাৰ হাজাৰ নিবনুৱা যুৱকে বিভিন্ন কর্মৰ জৰিয়তে নিজকে কর্ম সংস্থাপিত কৰিবলৈ আগবাঢ়ি আহিছে এনে নিবনুৱা সকলৰ উপাৰ্জনৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহন কৰিছে তাক ৰাজহুৱা ভাবে প্রকাশ কৰক। বর্তমান সময়ত অসম চৰকাৰে বে-দখল উচ্ছেদ কৰি বহু লাখ হেক্টৰ মাটি মুক্ত কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীৰ এনে সাহসী পদক্ষেপক আমি প্রসংশা কৰিছো কিন্তু এই বে-দখল মুক্ত হোৱা মাটি কি কামত ব্যৱহাৰ কৰিব তাক চৰকাৰে আজিও ৰাজহুৱা ভাবে প্রকাশ কৰা নাই চৰকাৰে মাটি সমূহ কি কামত ব্যৱহাৰ কৰিব তাক তৎকালিন ভাৱে ৰাজহুৱাভারে প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক।' সংবাদ মেলত সন্থাৰ
সভাপতি ধর্মেন্দ্র দেউৰী, কাৰ্যকৰী সভাপতি ছাজন ভূঞা, সন্থাৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক জেহেৰুল ইছলাম, নলবাৰী জিলাৰ কাৰ্যকৰী সভাপতি নৱ কুমাৰ বৈশ্য, নলবাৰী জিলাৰ সাধাৰণ সম্পাদক বদন কলিতা, কামৰূপ জিলা সমিতিৰ সাংগঠনিক সম্পাদক দীপাংকৰ তালুকদাৰ প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
No comments:
Post a Comment