ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্ছিত্ৰ মহোৎসৱ [বিভিএফএফ]ৰ দশম সংস্কৰণৰ বাবে চলচ্চিত্ৰৰ দাখিলকৰণ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 31 July 2025

ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্ছিত্ৰ মহোৎসৱ [বিভিএফএফ]ৰ দশম সংস্কৰণৰ বাবে চলচ্চিত্ৰৰ দাখিলকৰণ মুকলি


 


W7s news,, গুৱাহাটী, ৩১ জুলাই ঃ অৰ্থপূৰ্ণ চিনেমাৰ উৎস-স্থান ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্ছিত্ৰ মহোৎসৱৰ [বিভিএফএফ] মাইলৰ খুঁটিস্বৰূপ দশম সংস্কৰণৰ বাবে চলচ্চিত্ৰৰ প্ৰবিষ্টি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে৷ ভাৰতৰ চিনেমাৰ দৃশ্যপটত ক্ৰমবৰ্ধমান শক্তি হিচাপে স্বীকৃতিপ্ৰাপ্ত বিভিএফএফে সমগ্ৰ ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক ২০২৫ চনৰ ৯ ছেপ্টেম্বৰৰ ভিতৰত নিজৰ ছবি দাখিল কৰিবলৈ আহ্বান জনাইছে৷ কেৱল উৎসৱৰো ঊদ্ধৰ্ত বিভিএফএফে গল্প কোৱা, সম্প্ৰদায়, সংলাপ আৰু সৃষ্টিশীল অভিব্যক্তিক উদযাপন কৰা এক ৰাষ্ট্ৰীয় মঞ্চ হিচাপে থিয় দিছে, একে সময়তে ভাৰতীয় চিনেমাক গঢ় দিয়া অনন্য কাহিনীসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷

বিগত নটা স্মৰণীয় সংস্কৰণত বিভিএফএফে সুদৃঢ. গল্প কোৱা আৰু সতেজ দৃষ্টিভংগীৰ সপক্ষে থিয় হৈ সমগ্ৰ ভাৰতৰ অৰ্থপূৰ্ণ চিনেমাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে৷ ১,৫০০ তকৈ অধিক প্ৰবিষ্টি লাভ কৰি, ৩১০ৰো অধিক ছবি প্ৰদৰ্শন কৰি আৰু ২০,০০০ৰো অধিক অনুভৱী চিনেমাপ্ৰেমীৰ বাৰ্ষিক পদধ্বনিৰ সৈতে এই উৎসৱ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ বৰ্তনীৰ এটা মূল যতি হৈ পৰিছে, য’ত উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁলোকৰ কলা প্ৰদৰ্শন কৰে, উদ্যোগটোৰ নেতৃবৃন্দৰ সৈতে সংযোগ স্থাপন কৰে আৰু আন্তৰিক কথোপকথনৰ অংশীদাৰ হয়, যিয়ে উত্তৰ-পূবক সৃষ্টিশীলতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰে৷ শ্ৰীবৃদ্ধি অব্যাহত থকাৰ সমান্তৰালভাৱে বিভিএফএফে বৈচিত্ৰ্যময় কণ্ঠক বিবদ্ধৰ্ন কৰাৰ লগতে ভাৰতীয় চিনেমাৰ সকলো ৰূপতে সমৃদ্ধি উদযাপনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে৷

এই পৰ্যন্ত কৰা যাত্ৰাৰ কথা প্ৰতিফলিত কৰি আৰু আগলৈ চাই মহোৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাই কয়, “দহটা সংস্কৰণৰ পূৰ্বে বিভিএফএফক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ কথোপকথনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক স্থান সৃষ্টিৰ দৃষ্টিভংগীৰে এটা সপোনৰ প্ৰকল্প হিচাপে আৰম্ভ কৰা হৈছিল৷ আজি আমি আমাক আকৰ্ষিত কৰা, আমাক অনুপ্ৰাণিত কৰা চলচ্ছিত্ৰ নিৰ্মাতা, আৰু আমাক বিশ্বাস কৰা দৰ্শকৰ সৈতে এটা দশকৰ কাহিনীৰে সমৃদ্ধ হৈছোঁ৷ আমি গল্পকথকসকলক এই সংস্কৰণৰ অংশীদাৰ হ’বলৈ আৰু কাহিনী ছবি, তথ্যচিত্ৰ তথা চুটি ছবিৰ বাবে চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু চলচ্চিত্ৰ বঁটাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছোঁ৷”

গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত বিভিএফএফে উত্তৰ-পূব আৰু বিশ্বৰ বাকী অংশৰ মাজত, সৃষ্টিকৰ্তা আৰু উদ্যোগটোৰ কৰ্ণধাৰসকলৰ মাজত, পৰম্পৰা আৰু প্ৰযুক্তিৰ মাজত চলচ্চিত্ৰিয় সাকো হিচাপে কাম কৰে৷

ৰাজকুমাৰ হিৰানী, ইমতিয়াজ আলী, তিগমাংশু ঢুলীয়া, কৃষ্ণ ডি কে, প্ৰকাশ ঝা, বিশাল ভৰদ্বাজ, গৌৰী শিন্দে, বোমন ইৰানী, জয়া আখতাৰ, ৰাজকুমাৰ ৰাও, ফাৰহান আখতাৰ আদিকে ধৰি ভাৰতৰ কিছুমান সন্মানীয় চিনেমাৰ মননক বিভিএফএফে গৌৰৱেৰে আতিথ্য প্ৰদান কৰিছে৷ তেওঁলোকৰ উপস্থিতিয়ে কেৱল দৰ্শকক অনুপ্ৰাণিত কৰাই নহয়, আৱেগ আৰু অনুৰাগেৰে শিপাই থকা বিশুদ্ধ চিনেমাৰ শক্তিৰ ওপৰত বিশ্বাসৰ ভাবকো লালন-পালন কৰিছে৷ ইয়াৰ উপৰিও প্ৰতিনিধিসকলক চিত্ৰনাট্য লিখা, বিত্তীয় সাহায্য আৰু বিতৰণৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰতো অন্তৰ্দৃষ্টি প্ৰদান কৰা হৈছে৷

বিভিএফএফৰ শক্তি ইয়াৰ মানুহৰ মাজত নিহিত হৈ আছে, পল্লৱ চুমকী বৰুৱা [সৃষ্টিশীল সঞ্চালক], সমুজ্জ্বল কাশ্যপ [কাৰিকৰী সঞ্চালক], কৰ্ম পালজৰ [প্ৰচাৰণ সঞ্চালক] আৰু ব্জৰ্ন ডেনিজ [যোগাযোগ সঞ্চালক]কে লৈ এটা সৰু কিন্তু তীব্ৰ অণুৰাগী দল আছে৷ তেওঁলোকৰ নিষ্ঠাৰ লগতে পৰামৰ্শদাতা ব’ৰ্ডৰ ৰণি লাহিৰী, ৰীমা কাগতি, আদিল হুছেইন আৰু লীনা যাদৱৰ অটল নিৰ্দেশনাই বিভিএফএফক আজিৰ ৰাষ্ট্ৰীয় শক্তিকেন্দ্ৰৰ ৰূপত গঢ় দিছে৷ প্ৰথিতযশা চলচ্চিত্ৰ পেছাদাৰী স্মৃতি কিৰণ আৰু মুৰ্তাজা আলী খানৰ সংযোজনেৰে এই বছৰ এই মহোৎসৱে আন এক ৰোমাঞ্চকৰ অগ্ৰগতি সাধন কৰিছে, যিয়ে মহোৎসৱৰ কাৰ্যসূচী আৰু প্ৰচাৰত সতেজ অন্তৰ্দৃষ্টি আৰু গভীৰতা আনিছে৷

এই মহোৎসৱৰ এজন উপদেষ্টা ৰনি লাহিৰীয়ে কয়, “এই অন্তৰংগ মহোৎসৱৰ শ্ৰীবৃদ্ধি হোৱাৰ লগে লগে ই কেৱল চিনেমাৰ সংলাপৰ বাবে এক উল্লেখযোগ্য মঞ্চতকৈও অধিক হৈ পৰিছে– ইয়াৰ দ্বাৰা উত্তৰ-পূব ভাৰতলৈ অৰ্থপূৰ্ণ চিনেমা, কৰ্মশালা, আলোচনাকো আগবঢ়াই আনিছে৷ দশম বছৰ ওচৰ চাপি অহাৰ লগে লগে মই নিশ্চিত যে এই মহোৎসৱটোৱে চলচ্চিত্ৰ মহোৎসৱৰ বৰ্তনীত অপ্ৰতিৰোধ্য অনুষ্ঠান হিচাপে নিজৰ স্থিতি সুদৃঢ় কৰিব, বিশেষকৈ এই বছৰ আন্তঃৰাষ্ট্ৰীয় খণ্ডৰ ৰোমাঞ্চকৰ আৰম্ভণিৰে৷”

বিভিএফএফৰ বিষয়ে কোৱাৰ সময়ত মুৰ্তাজা আলী খানে প্ৰকাশ কৰে, “ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্ছিত্ৰ মহোৎসৱ মোৰ বাৰ্ষিক দিনপঞ্জীৰ এক অতি গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে৷ বিভিএফএফক যিটোৱে সঁচাকৈয়ে বিশেষ কৰি তুলিছে, সেয়া হৈছে ইয়াৰ বিশ্বমানৰ ছবিৰ তত্ত্বাৱধান, উত্তৰ-পূব ভাৰতৰ চিনেমা আৰু সংস্কৃতিৰ ওপৰত প্ৰবল গুৰুত্ব, আৰু ইয়াক এক অবিস্মৰণীয় অভিজ্ঞতা কৰি তোলা অতুলনীয় উষ্মতা আৰু আতিথ্য৷”

আগন্তুক সংস্কৰণটোৱে কেৱল প্ৰদৰ্শনেই নহয়, মাষ্টাৰক্লাছ, ভাব-বিনিময়কাৰী অধিবেশন, পৰিবেশন, নেটৱৰ্কিং সন্ধিয়া আৰু ৰাষ্ট্ৰীয় তথা¸ আন্তঃৰাষ্ট্ৰীয় উভয় চিনেমাৰ উদযাপনমূলক প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি দিয়ে, যিবোৰ চলচ্চিত্ৰ নিৰ্মাণৰ মনোভাৱক শিক্ষিত, মনোৰঞ্জন আৰু উন্নীত কৰাৰ বাবে তত্ত্বাৱধান কৰা হৈছে৷

ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত অধিক তথ্যৰ বাবে  ৱেবছাইট https://brahmaputravalleyfilmfestival.com/ চাওক বা শেহতীয়া তথ্যৰ বাবে সামাজিক মাধ্যম @bvff_guwahati ত আমাক অনুসৰণ কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here