স্নেহ, ভক্তি আৰু কলাত্মক উৎকৰ্ষতাৰে গুৱাহাটীত তনভী শৰ্মাৰ মন্ত্ৰমুগ্ধকৰ 'অৰংগেট্ৰম’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 2 August 2025

স্নেহ, ভক্তি আৰু কলাত্মক উৎকৰ্ষতাৰে গুৱাহাটীত তনভী শৰ্মাৰ মন্ত্ৰমুগ্ধকৰ 'অৰংগেট্ৰম’

 


W7s news,,গুৱাহাটী, ২ আগষ্ট ২০২৫: পৰম্পৰা, প্ৰতিভা আৰু একাগ্ৰতাৰ এক হৃদয়স্পৰ্শী উদযাপনেৰে শনিবাৰে সন্ধিয়া গুৱাহাটীৰ পাঞ্জাবাৰীৰ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত নিজৰ অৰংগেট্ৰমৰ জৰিয়তে এক উল্লেখযোগ্য আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হয় ১৩ বৰ্ষীয় তনভী শৰ্মাই। এই অনুষ্ঠানটো তেওঁৰ ভাৰতনাট্যম যাত্ৰাৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হয়। অনুষ্ঠানত তনভীয়ে আত্মবিশ্বাস, নিখুঁত দক্ষতা আৰু সম্পূৰ্ণ আন্তৰিকতাৰে নৃত্য পৰিৱেশন কৰি দশংকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।



লক্ষ্যণীয় যে, গুৰু নম্ৰতা তিৱাৰী তালুকদাৰৰ তত্বাৱধানত তনভীৰ এই পৰিৱেশনত তেওঁৰ বছৰ বছৰ ধৰি কঠোৰ প্ৰশিক্ষণ আৰু নৃত্য কলাৰ সৈতে গভীৰ আধ্যাত্মিক সংযোগ স্পষ্টভাৱে প্ৰতিফলিত হয়। জটিল পদক্ষেপৰ পৰা আৰম্ভ কৰি অভিনয়ৰ সূক্ষ্ম প্ৰকাশভংগীলৈকে প্ৰতিটো অংশই তেওঁৰ পৰিপক্কতা আৰু শিল্পকলাৰ প্ৰতিফলন ঘটায়।



পৰিৱেশনৰ অন্তত গুৰু নম্ৰতা তিৱাৰী তালুকদাৰে আৱেগিক হৈ কয়, ''তনভী এনে


এগৰাকী ছাত্ৰী, যিয়ে কেৱল নৃত্যকলাই নিশিকে,  ভৰতনাট্যমৰ আত্মাক হৃদয়ত ধাৰণ কৰে। তেওঁ এনে এগৰাকী হৃদয়গ্ৰাহী শিল্পী হৈ উঠা দেখি মই অতিশয় আনন্দিত আৰু গৌৰৱাম্বিত অনুভৱ কৰিছো।’’



ইফালে, ডি পি এছ খানাপাৰাৰ নৱম শ্ৰেণীৰ ছাত্ৰী তনভীয়ে এই বিশেষ মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “এই অৰংগেট্ৰম মোৰ গুৰুৰ পৰা লাভ কৰা শিক্ষা আৰু নৃত্যৰ প্ৰতি মোৰ ভালপোৱাৰ প্ৰতিফলন। মই নিজকে অতি কৃতজ্ঞ অনুভৱ কৰিছো আৰু অধিক নিষ্ঠা আৰু মনোনিৱেশেৰে এই যাত্ৰা আগুৱাই নিবলৈ অনুপ্ৰাণিত অনুভৱ কৰিছো।"



অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰে বিপুল দাসে। আনহাতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে মৰমী মেধি, মলয়া গোস্বামী, অনিতা শৰ্মা, অঞ্জনাময়ী শইকীয়া আৰু দীপলিনা ডেকাৰ লগতে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি। উপস্থিত সকলে তনভী শৰ্মাৰ প্ৰতিভা আৰু তেওঁৰ শাস্ত্ৰীয় অনুশাসনৰ সৈতে প্ৰকাশভংগী শিল্পৰ মসৃণ মিশ্ৰণৰ প্ৰশংসা কৰে।



উল্লেখযোগ্য যে সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ-পূৱ সাংস্কৃতিক কেন্দ্ৰ (এন ই জেড চি চি)ৰ উদ্যোগত আয়োজিত সামূহিক সাংস্কৃতিক কাৰ্যসূচীকে ধৰি কেইবাটাও সন্মানীয় সাংস্কৃতিক অনুষ্ঠানত তনভীয়ে নৃত্য প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিছে। ধ্ৰুপদী আৰু আধুনিক শৈলী দুয়োটাৰে প্ৰতি তেওঁৰ আন্তৰিক নিষ্ঠা আৰু প্ৰেমে তেওঁক এগৰাকী সম্পূৰ্ণ, বহুমুখী যুৱ শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিছে।



এই অভিনৱ আত্মপ্ৰকাশৰ জৰিয়তে তনভী শৰ্মাই শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত এগৰাকী উজ্জ্বল সম্ভাৱনাপূৰ্ণ শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ উত্তৰাধিকাৰ হিচাপে আন এগৰাকী যুৱ বাহক হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে তনভীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here