প্ৰকৃতি সংৰক্ষণৰ স্বাৰ্থত অসমত কেইৰ্ণৰ দৃষ্টান্তমূলক পদক্ষেপ
W7s news,,গুৱাহাটী, জুলাই ২৮, ২০২৫: বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱসত আমাৰ গ্ৰহটোৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্বৰ স্বাৰ্থত বেদান্ত লিমিটেডৰ অংশ কেইৰ্ণ অইল এণ্ড গেছে অসমত এক দায়িত্বশীল পৰিৱেশৰক্ষক হিচাপে পুনৰ আত্মপ্ৰকাশ কৰিছে। পৰিৱেশ-সমৃদ্ধ ভাৰতৰ অন্যতম ৰাজ্য অসমত কেইৰ্ণে দীৰ্ঘদিন ধৰি পৰিৱেশ হিতৈষী দায়িত্বশীল সংৰক্ষণমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে।
পৰিৱেশ বহনক্ষমতাৰ প্ৰতি অঙ্গীকাৰবদ্ধ মনোভাৱৰে কেইৰ্ণে সংৰক্ষণৰ নীতি-নিয়ম অতিক্ৰম কৰি অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণক একেলগে আগবঢ়োৱাৰ প্ৰয়াস কৰিছে। কাজিৰঙাৰ দৰে জৈৱ বৈচিত্ৰ্য-সমৃদ্ধ অঞ্চলত বিপন্ন প্ৰজাতিসকলৰ সংৰক্ষণৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন স্থানত গ্ৰীণবেল্ট নিৰ্মাণলৈকে কেনেকৈ দায়িত্বশীল শক্তি উৎপাদন কৰিও প্ৰাকৃতিক স্থিতিশীলতাক কেনেদৰে সমৰ্থন কৰিব পাৰি কেইৰ্ণে তাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰি আহিছে ।
ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে কেইৰ্ণে ‘দ্য এনিমেল কেয়াৰ অৰ্গেনাইজেশ্যন ( TACO )’ৰ সহযোগত বোকাখাতত বন সুৰক্ষা কৰ্মীসকলৰ বাবে আধুনিক চোৱাচিতা কেন্দ্ৰ আৰু বহুমহলীয়া আৱাসিক ইউনিট স্থাপন কৰিছে। এই ব্যৱস্থাই স্থানীয়ভাৱে নিৰীক্ষণ বৃদ্ধি, চোৰাং চিকাৰৰ আশংকা হ্ৰাস, আৰু নিষ্ঠাবান কৰ্মচাৰীসকলৰ কাৰ্যক্ষমতা বঢ়োৱা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
ইয়াৰোপৰিও যোৰহাট জিলা বন বিভাগৰ সৈতে সহযোগত কেইৰ্ণে কাষৰীয়া বনাঞ্চলত বন্যপ্ৰাণী সুৰক্ষা আৰু চোৰাংচোৱাগিৰি দমন কাৰ্যত সহায় কৰিবলৈ বিশেষ যানবাহন আৰু প্ৰয়োজনীয় সঁজুলিৰ যোগান ধৰিছে । কেইৰ্ণৰ এই ধৰণৰ পদক্ষেপসমূহে ২৬০০ৰো অধিক গঁড় আৰু এছিয়াটিক জল ম’হৰ বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাক সংৰক্ষণ কৰাৰ লগতে ভাৰতক বিভিন্ন প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে স্থাপন কৰাত সহায় কৰিছে।
উল্লেখযোগ্যভাৱে কেইৰ্ণে ২০৩০ চনৰ ভিতৰত দেশজুৰি ২ মিলিয়ন গছপুলি ৰোপণৰ বৃহৎ লক্ষ্য লৈ আগবাঢ়িছে। ইয়াৰ অংশ হিচাপে অসমৰ বিভিন্ন কাৰ্যকৰী অঞ্চলত গছ ৰোপন অভিযান আৰম্ভ কৰা হৈছে। এই প্ৰচেষ্টাসমূহে কাৰ্বন নিষ্কাশন হ্ৰাস, পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ আৰু স্থানীয় সম্প্ৰদায়ৰ নেতৃত্বত সংৰক্ষণৰ ক্ষেত্ৰত কেইৰ্ণৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰি তুলিছে ।
বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস উপলক্ষে কেইৰ্ণে পুনৰ প্ৰকৃতি সংৰক্ষণ তথা উন্নয়নৰ দায়িত্বক প্ৰতিফলিত কৰিছে । চৰকাৰী সংস্থা, সংৰক্ষণ বিশেষজ্ঞ আৰু স্থানীয় সম্প্ৰদায়ৰ সহযোগত কেইৰ্ণে অসম তথা সমগ্ৰ ভাৰতবৰ্ষত দায়িত্বশীল প্ৰগতিৰ বাবে নিষ্ঠাৰে কাম কৰি আহিছে ।
No comments:
Post a Comment