শিশু-চেমনীয়াৰ যোগাসন, কলা-সংস্কৃতিৰ কৰ্মশালা অব্যাহত
প্ৰকৃতি সন্তুলিত হৈ নাথাকিলে মানৱ সভ্যতাৰো বিপদঃ সৌম্যদ্বীপ দত্ত
কলা-সংস্কৃতিয়ে মনৰ দুৱাৰ-খিৰিকি মুকলি কৰি দিয়েঃ যতীন বৰা
W7s news গুৱাহাটী: প্ৰতিদিনে শতাধিক শিশু-চেমনীয়াৰ মাজত অব্যাহত কলা-সংস্কৃতিৰ কৰ্মশালাৰে মুখৰিত হৈ আছে শিক্ষানুষ্ঠান সমূহৰ চলিত গ্ৰীষ্ম বন্ধৰ সময়ত অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত কৰা গুৱাহাটী শিশু মহোৎসৱ ৷ শনিবাৰে দশম দিনাও পুৱা ১০ বজাৰ পৰা আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ যোগাসনৰ প্ৰশিক্ষণত সহযোগিতা আগবঢ়ায় প্ৰজ্ঞা নাথে ৷ যোগাভ্যাসৰ পাছত শিশু-চেমনীয়াসকলে নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, সহযোগী ৰাজীৱ কুমাৰ সাউদ, সুনম দেৱী, পূৰৱী বুঢ়াগোহাঁই, মূকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক, সহযোগী ৰাহিল ৰিজবী, সুকুমাৰ কলাৰ কৰ্মশালাত শিল্পীদ্বয় দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, নৃত্য কৰ্মশালাত শিল্পী প্ৰিয়ংকা কাশ্যপ, ভায়োলীনা তালুকদাৰ, সংগীত কৰ্মশালাত শিল্পী ৰাজ আহমেদ, সহযোগী দীপক দাস, বিকাশ ৰয়, জুৰি দাসে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৷ আজি গুৱাহাটী শিশু মহোৎসৱত দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হয় মাতৃৰ টিফিন প্ৰস্তুতকৰণ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাতো শতাধিকে যোগদান কৰে ৷ ইয়াৰ মাজৰ পৰা তুলতুল বৰদলৈ দাসে প্ৰথম স্থান লভ কৰি ৫ হেজাৰ টকা, দ্বিতীয় স্থান লাভ কৰি ৰীতা ঢাকালে ৪ হেজাৰ টকা, তৃতীয় স্থান লাভ কৰি গীতিকা বৈশ্যই ৩ হেজাৰ টকা, চতুৰ্থ স্থান লাভ কৰি ৰূপামণি শইকীয়াই ২ হেজাৰ টকা আৰু পঞ্চম স্থান লাভ কৰি মাধন দাসে ১ হেজাৰ টকাৰ নগদ ধনৰ পুৰষ্কাৰ লাভ কৰে ৷ উদগনি বঁটা লাভ কৰিছে ৰীণা কলিতা, পূৰ্ণিমা দেৱী, তৃষ্ণা ডেকা, জ্যোতিৰেখা কলিতা, শিল্পী শৰ্মা আৰু ত্ৰিনিশা মাৰাকে ৷ টিফিন প্ৰস্তুতকৰণ প্ৰতিযোগিতা উদ্বোধন কৰে “মাষ্টাৰ চেফ” নয়নজ্যোতি শইকীয়াই ৷ প্ৰতিয়োগিতাৰ আন দুগৰাকী বিচাৰক হৈছে পংকজ ভাগৱতী আৰু পিয়ালী চক্ৰৱৰ্তী ৷ ইপিনে বিয়লি ৩-৩০ বজাৰ পৰা বিশিষ্ট লেখক, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত প্ৰকৃতি সুৰক্ষাৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলক উদ্দেশ্যি তেওঁ কয় যে এই পৃথিৱীত গছ-গছনি, নদ-নদী, পাহাৰ-পৰ্বত অন্যান্য জীৱ জন্তুৰ আবিৰ্ভাৱ মানুহতকৈ আগতে হৈছে ৷ কিন্তু মানুহেই নিজৰ স্বাৰ্থত প্ৰকৃতি ধ্বংস কৰিছে ৷ চৰাই-চিৰিকতি মাৰিছে, অন্য জীৱ-জন্তুৰ বাসস্থান বেদখল কৰিছে মানুহে ৷ ইয়াৰ ফলত সামগ্ৰিকভাৱে আমাৰ প্ৰকৃতি বিনষ্ট হৈছে ৷ জৈৱ-বৈচিত্ৰ্য নোহোৱা হৈ আহিছে ৷ গোলকীয় উষ্ণতা বৃদ্ধি পাইছে ৷ পৰিণতিত আমি দেখিবলৈ পাইছো অনাবৃষ্টি, আকস্মিক বান-ধুমুহাৰ দৰে প্ৰলয় ৷ প্ৰকৃতি সন্তুলিত হৈ নাথাকিলে মানৱ সভ্যতাৰো যে বিপদ হ’ব সেই কথা খাটাং ৷ সেয়েহে শিশুসকলক, ছাত্ৰ-ছাত্ৰী সকলক আৰম্ভণিৰে পৰাই প্ৰকৃতি সুৰক্ষাৰ প্ৰতি সজাগ-সচেতন কৰি তোলা উচিত ৷ প্ৰকৃতিৰ পৰা তেওঁলোকক শিকাৰ সুযোগ দিয়া দৰকাৰ ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰকৃতিৰ প্ৰতি দৰদ আৰু দায়িত্ববোধৰ জন্ম দিবলৈ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল দায়ৱদ্ধ হোৱা উচিত ৷ তেওঁলোকক বৰষুণত তিতিবলৈ দিয়ক, বোকা স্পৰ্শ কৰিবলৈ দিয়ক ৷ প্ৰকৃতিৰ কোলাত মুকলি মনেৰে উমলিবলৈ দিয়ক ৷ অৰণ্য সংৰক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক সৰুৰে পৰাই আগ্ৰহান্বিত কৰা দৰকাৰ ৷ ইয়াত প্ৰকৃতি সুৰক্ষা কৰ্মী নৱনীতা শৰ্মা, যদুমণি শইকীয়া , ড° মৰমী তালুকদাৰে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পাছত বিয়লি ৪-৩০ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক কাৰ্যসূচী ৷ সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে জনপ্ৰিয় চলচ্চিত্ৰ আৰু নাট্য অভিনেতা যতীন বৰাই ৷ তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কলা-সংস্কৃতিৰ কৰ্মশালা আয়োজন , চলচ্চিত্ৰ প্ৰদৰ্শন, যোগাসন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি অসম প্ৰকাশন পৰিষদে প্ৰশংসনীয় কাম কৰিছে ৷ এনে কাৰ্যসূচী শিশু সকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ নাট, নৃত্য, সুকুমাৰ কলা, সংগীত, মূকাভিনয় আদিয়ে শিশু সকলৰ মনৰ দুৱাৰ-খিৰিকি মুকলি কৰি দিয়ে ৷ আজিৰ শিশু সকলৰ মাজৰ পৰাই ভৱিষ্যতে কোনোবা সংগীত শিল্পী হ’ব, কোনোবা অভিনেতা হ’ব, কোনোবাই মূকাভিনয় কৰিব, কোনোবা হ’ব নৃত্য শিল্পী , কোনোবা হ’ব চিত্ৰশিল্পী ৷ শিশু মহোৎসৱৰ কৰ্মশালাই সেইসকল ছাত্ৰ-ছাত্ৰীক নিশ্চয় উদগনি যোগাব ৷ আজি দশম দিনৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে গোৱালপাৰাৰ “আচাম একাডেমী” , গুৱাহাটীৰ “ৰং ধেমালি পৰিৱেশ্য কলা আৰু কিড ভিলেজ স্কুলে” ৷
No comments:
Post a Comment