গুৱাহাটীত অশোক লেলেণ্ডেৰ বাণিজ্যিক বাহনৰ নতুন ডিলাৰশ্বিপ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 18 July 2025

গুৱাহাটীত অশোক লেলেণ্ডেৰ বাণিজ্যিক বাহনৰ নতুন ডিলাৰশ্বিপ মুকলি


 

W7s news,,গুৱাহাটী, ১৮ জুলাই :– অশোক লেলেণ্ডে গৌৰৱেৰে ঘোষণা কৰিলে গুৱাহাটীত নতুন ষ্টেট অৱ দ্য আৰ্ট লাইট কমাৰ্চিয়েল ভেহিকেল ডিলাৰশ্বিপ - এক্সেলএজ মটৰছৰ ভৱিষ্যৎ মুকলি। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এল চি ভি বিজনেছৰ মুৰব্বী বিপ্লৱ শ্বাহ ডাঙৰীয়াই।

গৌৰৱ জৈন, সঞ্জয় আগৰৱাল, আৰু সুনীত বাজাজৰ মালিকানাধীন আৰু পৰিচালিত এক্সলএজ মটৰ্ছে ক্ষুদ্ৰ বাণিজ্যিক আৰু পিক-আপ কাৰ্গো খণ্ডত অঞ্চলটোৰ ক্ৰমবৰ্ধমান পৰিবহণ আৰু লজিষ্টিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম আৰু উচ্চ কাৰ্যক্ষমতাসম্পন্ন লঘু বাণিজ্যিক বাহন প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।


ডিলাৰশ্বিপে অশোক লেলেণ্ডৰ বিশ্বাসযোগ্য এল চি ভি ৰেঞ্জৰ ব্যৱস্থা কৰিব য’ত আছে সাথী, ডষ্ট এক্সএল, ডষ্ট এক্সএল প্লাছ, বাডা ডষ্ট, আৰু পাৰ্টনাৰ – যিবোৰ বাহন স্থায়িত্ব, ইন্ধন কাৰ্যক্ষমতা, আৰু কম ৰক্ষণাবেক্ষণৰ বাবে পৰিচিত।


মুকলি অনুষ্ঠানত ভাষণ দি অংশীদাৰসকলে সেৱাৰ উৎকৃষ্টতা আৰু গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই নতুন ডিলাৰশ্বিপৰ জৰিয়তে এক্সেলএজ মটৰ্ছে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলৰ বাবে এক নিৰ্ভৰযোগ্য মবিলিটি পাৰ্টনাৰ হোৱাৰ লক্ষ্য লৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here