মৌলি" ব্ৰেণ্ডৰ প্ৰথম ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ মিটৰ আয়জন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 20 July 2025

মৌলি" ব্ৰেণ্ডৰ প্ৰথম ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ মিটৰ আয়জন


 

W7s news গুৱাহাটী, ২০ জুলাই।উত্তৰ-পূব ভাৰতৰ মিঠাই আৰু চকলেট উদ্যোগত নতুন যুগ আৰম্ভ কৰি গ্ল'বেল ট্ৰেড লিংক প্ৰাইভেট লিমিটেডৰ অধীনত প্ৰতিষ্ঠা "মৌলি" ব্ৰেণ্ডৰ প্ৰথম ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ মিটৰ আয়োজন কৰে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ১২০ জনৰো অধিক ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে কোম্পানীটোৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ নাহাটা, শ্ৰীমতী অঞ্জু নাহাটা, প্ৰীশিতা নাহাটা, বিপণন মুৰব্বী পাপ্পু ফুকন আৰু মহাপ্ৰবন্ধক তৌছিফ আলমে যৌথভাৱে পৰিচালনা কৰে। আদৰণি ভাষণত উদ্যোগপতি ৰাকেশ নাহাটাই সকলো ব্যৱসায়িক অংশীদাৰক ধন্যবাদ জনাই কয় যে মৌলিৰ আৰম্ভণি এই বছৰহে কৰা হৈছে। অৱশ্যে মিঠাই আৰু চকলেট উদ্যোগত তেওঁৰ অভিজ্ঞতা ২৫ বছৰতকৈও অধিক, যিটো তেওঁ এতিয়া নিজৰ ব্ৰেণ্ডৰ জৰিয়তে এক নতুন দিশ দিছে। তেওঁ লগতে কৈয় যে প্ৰথম ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ মিট উপলক্ষে ২০২৫ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ মাৰ্চলৈকে বুকিং কৰা ডিলাৰ-ডিষ্ট্ৰিবিউটৰসকলক আকৰ্ষণীয় পুৰস্কাৰ আঁচনি দিয়া হ’ব। মৌলি ব্ৰেণ্ডৰ ৫০টাতকৈও অধিক সামগ্ৰীৰ ভিতৰত আছে—সোনপাপডী, চিক্কি, লাডু, পেডা, মাফিন কেক, ড্ৰাই গুলাব জামুন, ক্ৰীম ৰোল, ললিপপ, এগ শ্বেপ টয় চকলেট, পানীৰ বৰফী, বালুশাহী, বৰাই গোটা, ইমলি চাটনি আৰু প্লাম চাটনি ইত্যাদি।

শেহতীয়াকৈ কোম্পানীটোক (FASSI ) এফ এছ এছ এ আইৰ তৃতীয় পক্ষৰ অডিটে এ+ (A+) গ্ৰেড প্ৰদান কৰিছে, যিটোৱে সামগ্ৰীসমূহৰ গুণগত মান, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মানক অনুকূলতাৰ সাক্ষ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "ভোকেল ফৰ লোকেল" অভিযান আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাৰ্টআপ মিছনৰ পৰা অনুপ্ৰাণিত হৈ "মৌলি" ব্ৰেণ্ডে স্থানীয় নিয়োগক অগ্ৰাধিকাৰ দিছে। বৰ্তমান কোম্পানীটোত ৮০ গৰাকীতকৈ অধিক মহিলাকে ধৰি ১৫০ জনতকৈ অধিক স্থানীয় লোকে কৰ্মৰত। ৰাকেশ নাহাতাই নিজৰ ভাখন সামৰণি মাৰে যে মৌলি ব্ৰেণ্ডে অনাগত সময়ত উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য মিঠাই আৰু চকলেট ব্ৰেণ্ড হিচাপে আত্মপ্ৰকাশ কৰিব, যিটো গুণগত মান, সোৱাদ আৰু স্থানীয় নিয়োগ সৃষ্টিৰ বাবে পৰিচিত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here