বিএন আই কেলিবাৰ উদ্যোগত দুদিনীয়াৰ 'কেলিবিজ'ৰ আৰম্ভনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 28 June 2025

বিএন আই কেলিবাৰ উদ্যোগত দুদিনীয়াৰ 'কেলিবিজ'ৰ আৰম্ভনী


 

W7s news,,গুৱাহাটী, ২৮ জুন । গুৱাহাটীৰ এ টি ৰোড হোটেল বিশ্বৰত্নত আজিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা বিএন আই কেলিবাৰ  মেগা বিজনেছ প্ৰদৰ্শনী 'কেলিবিজ'ৰ ' আনুষ্ঠানিকভাবে উদ্বোধন কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানত কামৰূপ মেট্ৰ’ আয়ুক্ত সুমিত সত্তাৱান, প্ৰাগ নিউজৰ প্ৰতিষ্ঠাপক সঞ্জীৱ নাৰাইন, বিএনআই গুৱাহাটী আৰু গ্ৰেটাৰ অসমৰ কাৰ্যবাহী সঞ্চালক সিদ্ধাৰ্থ গাৰদিয়া, বিএনআই কেলিবাৰ সভাপতি ড° পৰমিন্দৰ কৌৰ, উপ-সভাপতি পূজা আগৰৱালা, সম্পাদক কোষাধ্যক্ষ আদিত্য দেৱৰা, 

লিড ভিজিটৰ হস্ট ৰাজীৱ চৌহান লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে। আজিৰে পৰা দুদিনীয়াকৈ মহানগৰীৰ এ টি ৰোড হোটেল বিশ্বৰত্নত আয়োজন কৰা বিএন আই কেলিবাৰ মেগা বিজনেছ প্ৰদৰ্শনী 'কেলিবিজ'ৰ' সন্দৰ্ভত বিএন আই গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক সিদ্ধাৰ্থ গাৰোদিয়াই কয় যে বিএনআই কেলিবাৰ আয়োজন কৰা দুদিনীয়া মেগা অনুষ্ঠানত ৬০ ৰো অধিক প্ৰসিদ্ধ ব্যৱসায়িক প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰে আৰু তেওঁলোকৰ বিভিন্ন সামগ্ৰী আৰু সেৱা প্ৰদৰ্শন কৰে। বিএনআই কেলিবাৰ সভাপতি ড° পৰমিন্দৰ কৌৰ কয় যে কেলিবিজ হৈছে চহৰৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক অনুষ্ঠান আপোনাৰ সকলো প্ৰয়োজনীয় সামগ্ৰী এটা চালৰ তলত লাভ কৰিব। বিভিন্ন দিশ প্ৰস্তুত কৰা হৈছে যিয়ে বহুতো ব্যৱসায়ৰ বিনিময়ত সহায় কৰিব। উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে, এই বৃহৎ প্ৰদৰ্শনীভ্ৰমণৰ বাবে এইটো সৰ্বশ্ৰেষ্ঠ সময়। উপ-সভাপতি পূজা আগৰৱালা কয় যে "বিএনআই কেলিবাৰ" চেপ্টাৰ সদায় ইয়াৰ উদ্ভাৱন আৰু সৃজনশীলতাৰ বাবে জনাজাত আৰু আমি উত্তৰাধিকাৰীক আগবঢ়াই নিয়াত সহায় কৰি আহিছো, কেলিবিজ এক ডাঙৰ আৰু উন্নত সংস্কৰণ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। সম্পাদক কোষাধ্যক্ষ আদিত্য দেৱৰা, লিড ভিজিটৰ হস্ট ৰাজীৱ চৌহান কয় যে এই বৃহৎ অনুষ্ঠানটোৱে প্ৰদৰ্শক আৰু দৰ্শনাৰ্থীসকলক ইজনে সিজনৰ বাবে সহযোগিতা, সংযোগ আৰু নতুন ব্যৱসায় সৃষ্টি কৰাৰ যথেষ্ট সম্ভাৱনা প্ৰদান কৰিব। আনহাতে দৰ্শনাৰ্থীসকলৰ বাবে  ব্যক্তিগত ১-২-১ প্ৰদৰ্শনৰ  ব্যৱস্থা আছে।" বিএনআই কেলিবাৰ কেলিবিজ এক্সিভিশ্যন ৫০০০ৰো অধিক দৰ্শনাৰ্থী অংশ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here