মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি: মুক্তিপূৰ্বেই ব্যাপক চৰ্চা:গুৱাহাটীত পঞ্চায়তৰ দুৰ্গেছ কুমাৰ আৰু অশোক পাঠক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 27 June 2025

মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি: মুক্তিপূৰ্বেই ব্যাপক চৰ্চা:গুৱাহাটীত পঞ্চায়তৰ দুৰ্গেছ কুমাৰ আৰু অশোক পাঠক

 


W7s news গুৱাহাটী : ১১ জুলাইত মুক্তি লাভ কৰিবলগীয়া  হাস্যমধুৰ কাহিনীৰে নিৰ্মিত অসমীয়া কথাছবি মালামাল বয়জৰ আজি গুৱাহাটীস্থিত  চিটি চেন্টাৰত এক বৰ্ণাঢ্য অনুষ্ঠান আয়োজনেৰে ছবি খনৰ ট্ৰেইলাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।দুৰ্দন্ত অভিনয়ৰে যুৱ প্ৰজন্মৰ হৃদয়ত স্থান লাভ কৰা জনপ্ৰিয় অভিনেত্ৰী জুনু নাথে মুখ্য চৰিত্ৰত অভিনয় কৰিবলগীয়া ছবিখনত  বলিউডৰ তথা পঞ্চায়ত ৱেব ছিৰিজত দুৰ্দান্ত অভিনয়ৰে দৰ্শকৰ মন মোহিত কৰা জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠকক এইবাৰ অন্য ৰূপত দৰ্শকে দেখিবলৈ পাব।ইয়াৰোপৰি ছবিখনত জলিউদৰ জনপ্ৰিয় অভিনেতা বলীন বৰা,উজ্জ্বল ৰাজখোৱা,জিন্টু কুমাৰ কাশ্যপ,নৱজ্যোতি নাথ,অতনু মহন্ত,দ্বীপজ্যোতি কলিতা,প্ৰণামী, ৰাজু ৰয়,সিদ্ধাৰ্থ মুখাৰ্জী, নৱবকুমাৰ আৰু বিদ্যুতে অভিনয় কৰিছে। মৃণাল ডেকা এণ্ড টীমৰ পৰিচালনাৰে নিৰ্মান হোৱা ছবিখনত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱা,আচুৰ্য বৰপাত্ৰ আৰু বহ্নিমানে। তিৰণ মহন্তই সংগীত পৰিচালনা কৰা ছবিখনত সংগীত সজ্জা কৰিছে কিংছুক মৰাণে।গানৰ শব্দ জিন্টু কুমাৰ কাশ্যপ,পাপলু চেতিয়া আৰু বৰষা বৰাৰ।ইফালে ট্ৰেইলাৰ মুকলি অনুষ্ঠানত পঞ্চায়ত ৱেব ছিৰিজৰ জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠকৰ লগতে ছবিখনৰ সমূহ কলা কুশলী উপস্থিত থাকে। উল্লেখ্য যে ছবিখনে মুক্তিৰ পূৰ্বেই ৰাইজৰ মাজত ব্যাপক চর্চা লাভ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here