পৰিপূৰক কোনো যাদুকৰী চিকিৎসা নহয়: উচ্চাকাংক্ষী অভিভাৱকৰ বাবে প্ৰজননৰ কল্পকাহিনীক খণ্ডন ডাঃ কল্পনা জৈনৰ* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 29 June 2025

পৰিপূৰক কোনো যাদুকৰী চিকিৎসা নহয়: উচ্চাকাংক্ষী অভিভাৱকৰ বাবে প্ৰজননৰ কল্পকাহিনীক খণ্ডন ডাঃ কল্পনা জৈনৰ*


 *


W7s news,গুৱাহাটী:  গুৱাহাটীৰ বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফৰ প্ৰজনন বিশেষজ্ঞা ডাঃ কল্পনা জৈনে গৰ্ভধাৰণ কৰিবলৈ প্ৰয়াস কৰা দম্পতীক অন্ধভাৱে পৰিপূৰক খাদ্যৰ ওপৰত নিৰ্ভৰ নকৰিবলৈ সকীয়াই দিছে, ইয়াৰ ব্যৱহাৰক কেন্দ্ৰ কৰি সাধাৰণ ভ্ৰান্ত ধাৰণাসমূহ পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। পৰিপূৰক নিৰ্ভৰশীলতাৰ ক্ৰমবৰ্ধমান ট্ৰেণ্ডটোৰ বিষয়ে সদৰি কৰাৰ সময়ত ডাঃ জৈনে জোৰ দি কয় যে ফলিক এচিড, ভিটামিন ডি, আৰু চিঅ'কিউ১০ৰ দৰে পুষ্টিকৰ উপাদানে প্ৰজনন স্বাস্থ্যক সমৰ্থন কৰে যদিও ই নিজাববীয়াকৈ বন্ধ্যাত্ব নিৰাময় কৰিব নোৱাৰে।

আইইউআই আৰু আইভিএফৰ দৰে ক্লিনিকেল চিকিৎসা বহু ক্ষেত্ৰত অপৰিহাৰ্য হৈয়েই আছে বুলি স্পষ্ট কৰি ডাঃ জৈনে কয় যে, কোনো পৰিপূৰক স্বতন্ত্ৰ সমাধান নহয়। অধিক মাত্ৰাত উন্নত ফলাফল পোৱা বুলি প্ৰচলত জনপ্ৰিয় ভুল ধাৰণাটোৰ বিৰুদ্ধেও সকলোকে সকীয়াই দিয়ে, অতিৰিক্ত ভিটামিন এৰ ফলত ভ্ৰুণৰ ক্ষতি বা আইৰণ বা জিংকৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত পাচনতন্ত্ৰৰ সমস্যাৰ দৰে সম্ভাৱ্য বিপদৰ ওপৰত আলোকপাত কৰিছে।

গুৱাহাটীতো বৰ্ধিত সংখ্যক দম্পতীয়ে সময়ৰ লগে লগে প্ৰজনন সম্পূৰক(ফাৰ্টিলিটী ছাপোলমেণ্ট)ৰ ফালে অগ্ৰসৰ হৈছে, ডাঃ জৈনে চিকিৎসা নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। "প্ৰজননকেন্দ্ৰিক যত্নৰ বাবে ব্যক্তিগত সমাধানৰ প্ৰয়োজন, জেনেৰিক মাল্টিভিটামিনৰ নহয়", ডাঃ জৈনে সকলোকে স্ব-ঔষধ পৰিহাৰ কৰিবলৈ আহ্বান জনাই এইদৰে কয়।

সৰ্বশেষত ডাঃ জৈনে গৰ্ভধাৰণৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিবলৈ বিশেষজ্ঞৰ নিৰ্দেশনাত লক্ষ্য নিৰ্ধাৰিত পৰিপূৰক গ্ৰহণৰ লগতে এক সামগ্ৰিক পদ্ধতি—সুষম খাদ্য, ব্যায়াম আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ পৰামৰ্শ দিছিল। “পৰিপূৰকসমূহ সমৰ্থন সঁজুলিহে, চুটি পথ নহয়” শেষত এইদৰে উনুকিয়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here