অসমত এথাৰ এনাৰ্জীৰ সম্প্ৰসাৰণঃ উত্তৰ-পূৰ্বাঞ্চলত ইভি স্কুটাৰ খণ্ড দখলৰ লক্ষ্য - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 6 June 2025

অসমত এথাৰ এনাৰ্জীৰ সম্প্ৰসাৰণঃ উত্তৰ-পূৰ্বাঞ্চলত ইভি স্কুটাৰ খণ্ড দখলৰ লক্ষ্য

 


গুৱাহাটীত দ্বিতীয় আউটলেটৰ সৈতে এথাৰৰ ডাবল ডাউন আৰু বিভিন্ন উত্তৰ-পূব বজাৰত আৰু পাঁচটা এক্সপেৰিয়েন্স চেণ্টাৰ খোলাৰ পৰিকল্পনা অসম আৰু উত্তৰ-পূব অঞ্চলত প্ৰিমিয়াম ইভিৰ প্ৰতি আগ্ৰহী গ্ৰাহকৰ পছন্দৰ সৈতে গ্ৰাহকসকলক স্কুটাৰৰ পৰা ইভিলৈ উন্নীত কৰাৰ লক্ষ্য


W7s news গুৱাহাটী: অসমত প্ৰিমিয়াম বৈদ্যুতিক দুচকীয়া বাহনৰ বৰ্ধিত চাহিদা পূৰণৰ উদ্দেশ্যে অগ্ৰণী ইভি নিৰ্মাতা প্রতিষ্ঠান এথাৰ এনাৰ্জী লিমিটেডে গুৱাহাটীত দ্বিতীয় এক্সপিৰিয়েন্স চেণ্টাৰ (ইচি) মুকলি কৰিছে। নতুন কেন্দ্ৰটো খ্ৰীষ্টানবস্তিৰ আনন্দ নগৰত অৱস্থিত। ২০২৫ চনৰ এথাৰ ৪৫০ শ্ৰেণীৰ পাৰফৰ্মেন্স স্কুটাৰ আৰু এথাৰৰ পৰিয়ালৰ বাবে নিৰ্মিত স্কুটাৰ ৰিজটাৰ টেষ্ট ৰাইড আৰু বুকিঙৰ সুবিধা এই নতুন এক্সপিৰিয়েন্স চেণ্টাৰত উপলব্ধ।


এথাৰ এনাৰ্জীৰ মুখ্য বাণিজ্যিক বিষয়া ৰৱনীত সিং ফকেলাই কয়- "পৰম্পৰাগতভাৱে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল শক্তিশালী প্ৰিমিয়াম দুচকীয়া বাহনৰ বজাৰ। আমাৰ মতে এই অঞ্চলটো বৈদ্যুতিক বাহন ব্যৱহাৰৰ সন্ধিক্ষণত আছে। এথাৰৰ পৰা আমি এই যাত্ৰা ত্বৰান্বিত কৰিব বিচাৰোঁ৷ সেইবাবে আমাৰ বিতৰণ ব্যৱস্থা বৃদ্ধি কৰি আৰু প’ৰ্টফলিঅ'ত দুই স্কুটাৰ—এথাৰ ৪৫০ আৰু ৰিজ’টাৰ মুকলি কৰি বজাৰৰ উদ্দেশ্যে প্ৰতিশ্ৰুতি দৃঢ় কৰিছোঁ। লগতে আমি উত্তৰ-পূৰ্বাঞ্চলত ৬০টা এথাৰ গ্ৰীড ফাষ্ট-চাৰ্জিং নেটৱৰ্ক সম্প্ৰসাৰণ কৰি ৰেঞ্জৰ চিন্তা দূৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ প্ৰথমবাৰৰ ইভি গ্ৰাহকসকলৰ মালিকানা সংক্ৰান্তীয় চিন্তা দূৰ কৰিবলৈ বিনামূলীয়া এইট ৭০ ৱাৰেণ্টী আৰু আকৰ্ষণীয় বিত্তীয় বিকল্প আগবঢ়াইছোঁ। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত স্কুটাৰ কিনিবলৈ আগ্ৰহী লোকসকলক ইভিলৈ উন্নীতকৰণৰ সম্ভাৱনা আছে৷ আমি বিত্তীয় বৰ্ষ ২০২৬ৰ তৃতীয় ত্ৰৈমাসিকলৈ উত্তৰ-পূৰ্বাঞ্চলত আমাৰ বিপণীৰ সংখ্যা দুগুণ কৰি এই শাখাটো আগন্তুক সময়ত অধিক বৃদ্ধি কৰিবলৈ বিচাৰোঁ।"


উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰ বৰ্তমান প্ৰিমিয়াম আৰু প্ৰদৰ্শনভিত্তিক দুচকীয়া বাহনৰ বাবে এক শক্তিশালী বজাৰ হিচাপে গঢ় লৈ উঠিছে, য'ত এই খণ্ডত ৬০%তকৈও বেছি স্কুটাৰৰ প্ৰৱেশ (এছ আই এ এমৰ তথ্যানুসাৰি) ঘটিছে। বিশেষকৈ গুৱাহাটী আৰু অসমৰ আন অঞ্চলত যুৱ পেছাদাৰীৰ পৰা দৈনিক যাত্ৰীলৈ সকলো শ্ৰেণীৰ গ্ৰাহকে আই চি ই খণ্ডত প্ৰিমিয়াম প্ৰস্তাৱৰ সন্ধান কৰিছে৷ ইভি স্কুটাৰত উন্নত সুবিধা, সুবিধা আৰু মালিকীস্বত্ত্বৰ খৰচ কম হোৱাৰ বাবে গ্ৰাহকে নিজৰ স্কুটাৰ ইভিলৈ উন্নীতকৰণৰ যথেষ্ট সম্ভাৱনা আছে।


এই বৰ্ধিত আগ্ৰহৰ সদ্ব্যৱহাৰ কৰিবলৈ এথাৰে বিত্তীয় বৰ্ষ ২০২৬ৰ তৃতীয় ত্ৰৈমাসিকলৈ লখিমপুৰ, তেজপুৰ, তিনিচুকীয়া, নগাঁও আৰু যোৰহাটত আৰু পাঁচটা এক্সপিৰিয়েন্স চেণ্টাৰ (ই চি) মুকলি কৰাৰ পৰিকল্পনা কৰিছে। ফলত আমাৰ মুঠ বিপণীৰ সংখ্যা বৰ্তমানৰ পাঁচ পৰা ১০টালৈ বৃদ্ধি পাব। এই সম্প্ৰসাৰণে উত্তৰ-পূৰ্বাঞ্চলৰ চহৰীয়া আৰু উপ-চহৰীয়া অঞ্চলসমূহত ইভি অধিক সহজলভ্য কৰাৰ বাবে এথাৰৰ প্ৰতিশ্ৰুতি দৃঢ় কৰি তুলিছে।


খুচুৰা বিক্ৰয়ৰ উপস্থিতি সম্প্ৰসাৰণৰ লগতে এথাৰে সম্ভাৱ্য গ্ৰাহকসকলৰ মাজত থকা ইভি স্কুটাৰৰ বাধা আঁতৰাবলৈ চেষ্টা কৰিছে ইভিৰ দীৰ্ঘম্যাদী উৎপাদন সংক্ৰান্তীয় চিন্তা দূৰ কৰিবলৈ এথাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলক এইট৭০ বেটাৰী ৱাৰেণ্টী বিনামূলীয়াকৈ আগবঢ়াইছে। এইট৭০ ৱাৰেণ্টীয়ে ৮ বছৰৰ ৱাৰেণ্টীৰ লগতে বেটাৰী আয়ুসত ৭০% পাৰফৰ্মেন্স নিশ্চিতি প্ৰদান কৰে৷ এইট৭০ ৱাৰেণ্টীয়ে ৮ বছৰীয়া বেটাৰী ৱাৰেণ্টী বা ৮০.০০০ কিলোমিটাৰ (যিটো আগতে সম্পূৰ্ণ হয়)ৰে ৭০% নিশ্চিত বেটাৰীৰ স্বাস্থ্য প্ৰদান কৰে৷ তদুপৰি ইডল ষ্টেট ইঞ্চিউৰেঞ্চৰ জৰিয়তে ভ্ৰান্তি আৰু বিফলতাত ১০০% সুৰক্ষা প্ৰদান কৰে৷ যি সমগ্ৰ ইভি স্কুটাৰ উদ্যোগত এক অনন্য।


ফ্লেক্সিপে’ৰ জৰিয়তে এথাৰে স্কুটাৰসমূহৰ বাবে সহজ সুবিধাজনক বিত্তীয় ব্যৱস্থা কৰিছে। ফ্লেক্সিপে’ হৈছে এনে এক সেৱা, য’ত ১০টা এন বি এফ চিয়ে আকৰ্ষণীয় সুতৰ হাৰ আৰু নমনীয় ম্যাদৰ সৈতে আয়ৰ প্ৰমাণ নোহোৱাকৈ সেৱা আগবঢ়াইছে।


গুৱাহাটীত এথাৰৰ ২০২৫ চনৰ উৎপাদন মুকলি


এই অনুষ্ঠানৰ লগে লগে এথাৰে গুৱাহাটীত ২০২৫ চনৰ উৎপাদন ৰেঞ্জ মুকলি কৰিছে৷ য’ত উন্নীত এথাৰ ৪৫০এক্স, হাই-পাৰফৰ্মেন্স এথাৰ ৪৫০ এপেক্স আৰু পৰিয়ালৰ বাবে নিৰ্মিত এথাৰ ৰিজ’টা অন্তৰ্ভুক্ত।


এথাৰ ৪৫০এক্স (৩.৭ কিলোৱাট)য়ে ১৩০ কিমি ট্ৰুৰেঞ্জ (আই ডি চি: ১৬১ কিমি) আগবঢ়ায়।

এথাৰ ৪৫০ এপেক্সে ১৫৭ কিমিৰ (আই ডি চি)পৰ্যন্ত ৰেঞ্জ দিয়ে।

মেজিকটুইষ্ট ৰিজেনেৰেটিভ ব্ৰেকিং আৰু ৰেইন, ৰ’ড, ৰেলী ম’ডৰ সৈতে মাল্টি-মুড ট্ৰেকশ্যন কণ্ট্ৰ’ল এই ৰেঞ্জত ষ্টেণ্ডাৰ্ড হিচাপে উপলব্ধ।

এথাৰ ৰিজটা : পৰিয়ালৰ বাবে সুৰক্ষা আৰু সুবিধা


ৰিজটা দুটা মডেল আৰু তিনিটা ভেৰিয়েণ্টত উপলব্ধ, ইয়াৰ মুখ্য বৈশিষ্ট্য হৈছে:


১৫৯ কিঃমিঃপৰ্যন্ত ৰেঞ্জ

৫৬ লিটাৰ ষ্ট’ৰেজ

স্কিডকণ্ট্ৰ’ল, ফলচেফ, ইমাৰ্জেন্সী ষ্টপিং ছিগনেল, চুৰিৰ সংকেতৰ দৰে সুৰক্ষা

অসমৰ বাবে দাম (এক্স-শ্বৰূম)


ৰিজটা এছ (২.৯ কিলোৱাট) : ১,১৯,৫১৯ টকাৰ পৰা আৰম্ভ

এথাৰ ৪৫০এছ : ১,২২,৩৬১ টকাৰ পৰা আৰম্ভ

(স্থানভেদে দামৰ পাৰ্থক্য থাকিব পাৰে)

টেষ্ট ৰাইড বুকিং www.atherenergy.comত এতিয়াই উপলব্ধ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here