গুৱাহাটীত নেওটিয়া ভাগীৰথী মহিলা আৰু শিশুবিকাশ কেন্দ্ৰৰ মুকলিৰে উত্তৰ পূৰ্বাঞ্চলত অম্বুজা নেওটিয়া স্বাস্থ্যসেৱাৰ পদাৰ্পন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 6 June 2025

গুৱাহাটীত নেওটিয়া ভাগীৰথী মহিলা আৰু শিশুবিকাশ কেন্দ্ৰৰ মুকলিৰে উত্তৰ পূৰ্বাঞ্চলত অম্বুজা নেওটিয়া স্বাস্থ্যসেৱাৰ পদাৰ্পন

 


W7s news গুৱাহাটী:  পূব ভাৰতস্থিত, মহিলা আৰু শিশু বিকাশ স্বাস্থ্যসেৱাৰ আগশাৰীৰ চিকিৎসালয় অম্বুজা নেওটিয়া স্বাস্থ্যসেৱা লিমিটেডে গুৱাহাটীত ইয়াৰ নেওটিয়া ভাগীৰথী মহিলা আৰু শিশু বিকাশ কেন্দ্ৰৰ উদ্ধোধন কৰে, যিয়ে উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ সম্প্ৰসাৰণৰ দ্বাৰা এক গুৰুত্বপুৰ্ণ লক্ষ্যত উপনীত হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই সেৱা কেন্দ্ৰটি উদ্ধোধন কৰা হয়, লগতে অম্বুজা নেওটিয়া গ্ৰুপ ৰ অধ্যক্ষ  হৰ্ষবৰ্ধন নেওটিয়া আৰু অম্বুজা নেওটিয়া স্বাস্থ্যসেৱা লিমিটেডৰ কাৰ্যবাহী সঞ্চালক পাৰ্থিৱ নেওটিয়া আৰু অন্য বহুকেইগৰাকী বিশিষ্ট লোক আৰু উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।


এই নতুনকৈ উদ্বোধন কৰা ১০০ খন বিচনা যুক্ত মহিলা আৰু শিশু সু-বিশেষত্বৰ চিকিৎসালয়খন হৈছে অম্বুজা নেওটিয়া স্বাস্থ্যসেৱা লিমিটেডেৰ এক গুৰুত্বপুৰ্ণ সম্প্ৰসাৰণ, যি মহিলা আৰু শিশু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত পূৰ্ব ভাৰতত এজন বিশ্বাসযোগ্য নাম হিচাপে পৰিচিত — বিশেষকৈ তাৰ চিকিৎসাগত উৎকৃষ্টতা আৰু ৰোগী-কেন্দ্ৰিক দৃষ্টিভংগীৰ বাবে। গুৱাহাটীস্থিত এই চিকিৎসালয়খনে অসম আৰু সমগ্ৰ উত্তৰ-পূর্বাঞ্চলৰ মহিলাসকল আৰু শিশুসকলৰ বাবে এক সংবেদনশীল আৰু উচ্চ-মানদণ্ডৰ সৰ্বাংগীন চিকিৎসা সেৱা প্ৰদান কৰাৰ লক্ষ্য লৈ আহিছে।

অম্বুজা নেওটিয়া স্বাস্থ্যসেৱা লিমিটেডেৰ অধ্যক্ষ হৰ্ষবর্ধন নেওটিয়াই কয়, “গুৱাহাটীস্থিত নেওটিয়া ভাগীৰথী মহিলা আৰু শিশু বিকাশ কেন্দ্ৰৰ উদ্বোধনে আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত কৰিছে। কিয়নো আমি এতিয়ালৈকে পূৰ্বাঞ্চলত মহিলা আৰু শিশু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গঢ়ি তোলা বিশ্বাসযোগ্য পৰম্পৰা লৈ উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হৈছো। এই সম্প্ৰসাৰণে উন্নয়ণশীল অঞ্চলসমূহলৈ মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতি আৰু দৃঢ় কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গুৱাহাটী হৈছে এটা গুৰুত্বপূৰ্ণ চিকিৎসা-কেন্দ্ৰ। এই চিকিৎসালয়খনৰ জৰিয়তে আমি উন্নত চিকিৎসা সেৱা, আধুনিক প্ৰযুক্তি আৰু বিশেষজ্ঞৰ দ্বাৰা প্ৰদান কৰা সেৱা — কেৱল অসম নহয়, বৰং চুবুৰীয়া ৰাজ্যসমূহলৈো — আগবঢ়াবলৈ চেষ্টা কৰিছো।”

অম্বুজা নেওটিয়া স্বাস্থ্যসেৱা লিমিটেডেৰ কাৰ্যবাহী সঞ্চালক  পাৰ্থিব নেওটিয়াই কয়, “আমাৰ উত্তৰ-পূৰ্বাঞ্চলত উপস্থিতি আৰু সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে আমি গুৱাহাটীস্থিত নেওটিয়া ভাগীৰথী মহিলা আৰু শিশু বিকাশ কেন্দ্ৰৰ উদ্বোধন কৰাৰ ঘোষণা কৰিবলৈ গৌৰৱ অনুভৱ কৰিছো।

এই অত্যাধুনিক চিকিৎসালয়খন মহিলা আৰু শিশুসকলৰ বাবে উৎসৰ্গিত, যিয়ে স্ত্ৰীৰোগ, অবস্টেট্ৰিকছ্, নিওনেট’লজি, বন্ধ্যাত্ব চিকিৎসা, আৰু শিশুচিকিৎসাৰ ক্ষেত্ৰত উচ্চ মানসম্পন্ন, বিশেষত্বযুক্ত সেৱা প্ৰদান কৰিব।

অসমত স্বাস্থ্য ক্ষেত্ৰত উন্নয়নৰ অপৰিসীম সম্ভাৱনা আছে, বিশেষকৈ সহজলভ্য আৰু উন্নত চিকিৎসা সেৱাৰ ক্ষেত্ৰত। এই উদ্বোধনৰ জৰিয়তে আমি মহিলা আৰু শিশুসকলৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতি আমাৰ অটুট প্ৰতিশ্ৰুতি আগবঢ়াব বিচাৰিছো — য’ত সহানুভূতিশীল, বিশেষজ্ঞৰ দ্বাৰা নিৰ্দেশিত চিকিৎসা সেৱা নিশ্চিত কৰা হ’ব।”

অত্যাধুনিক প্ৰযুক্তি,সু-সজ্জিত আন্তঃগাঁঠনি আৰু অভিজ্ঞ চিকিৎসা বিশেষজ্ঞৰ দলৰে সজ্জিত এই চিকিৎসালয়খনত স্ত্ৰীৰোগ, অবস্টেট্ৰিকছ্, নিওনেট’লজি, শিশুচিকিৎসা আদিৰ বিস্তৃত সেৱা একেলগে আগবঢ়োৱা হ’ব। এই উদ্বোধনৰ দ্বাৰা অম্বুজা নেওটিয়া স্বাস্থ্যসেৱা লিমিটেডৰ চিকিৎসাগত উৎকৃষ্টতাৰ সৰ্বোচ্চ মান অটুট ৰাখি আগবঢ়োৱা বিশেষ স্বাস্থ্য সেৱাক সহজলভ্য আৰু অন্তৰ্ভুক্তিমূলক কৰাৰ উদ্দেশ্যক শক্তিশালী কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here