বৰ্ধিত গৰমত চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমতে যোগান শৃংখলৰ সম্প্ৰসাৰণ পূৰবী আইচক্ৰীমৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 28 May 2025

বৰ্ধিত গৰমত চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমতে যোগান শৃংখলৰ সম্প্ৰসাৰণ পূৰবী আইচক্ৰীমৰ


 

W7s news,গুৱাহাটী, ২৮ মে’, ২০২৫ : বজাৰত প্ৰৱেশ কৰাৰ এবছৰৰ ভিতৰতে পূৰবী আইচক্ৰীমে গ্ৰাহকৰ অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ বৰ্ধিত উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যজুৰি পূৰবীয়ে শীতল তৃপ্তি প্ৰদানৰ লক্ষ্যৰে নিজৰ উপস্থিতি শক্তিশালী কৰি তুলিছে৷ 

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ ব্ৰেণ্ড পূৰবীয়ে প্ৰথমে ৬টা আকৰ্ষণীয় সোৱাদ- ভেনিলা, ষ্ট্ৰবেৰী, কেশৰ-পিষ্টা, চকলেট, মেংগো আৰু ফ্ৰুট এণ্ড নাটৰ সৈতে বজাৰত আত্মপ্ৰকাশ কৰি ৰাজ্যখনৰ আইচক্ৰীম প্ৰেমীৰ হৃদয় পলকতে জয় কৰিবলৈ সক্ষম হৈছে। বহু ব্যৱসায়িক ব্ৰেণ্ডে আইচক্ৰীমৰ নামত ‘ফ্ৰ’জেন ডেজাৰ্ট’ বিক্ৰী কৰাৰ বিপৰীতে পূৰবীয়ে সগৌৰৱেৰে বিশুদ্ধ গাখীৰেৰে তৈয়াৰী প্ৰকৃত আইচক্ৰীম পৰিৱেশন কৰি আহিছে৷ এই গাখীৰ অসমৰ স্থানীয় দুগ্ধ উৎপাদকসকলৰ পৰা আহৰণ কৰা হয়, যিয়ে পূৰবীক এক অনন্য সোৱাদ আৰু বিশুদ্ধতাৰ নিশ্চয়তা প্ৰদান কৰে।

যোৱা বছৰ এই সামগ্ৰী মুকলি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পূৰবী আইচক্ৰীমৰ উৎকৃষ্ট মানদণ্ড আৰু অনন্য সোৱাদৰ প্ৰশংসা কৰিছিল। এই সফলতাৰ আঁৰত অসমৰ কঠোৰ পৰিশ্ৰমী দুগ্ধ উৎপাদকসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁলোকে প্ৰদান কৰা সতেজ আৰু উচ্চমানৰ গাখীৰেই পূৰবীক আনতকৈ পৃথক কৰি তোলে।

অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এন ডি ডি বি)ৰ যৌথ উদ্যোগ নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এন ই ডি এফ এল)য়ে পূৰবী আইচক্ৰীমৰ বিপণনৰ দায়িত্ব পালন কৰিছে। এই গ্ৰীষ্মকালত তীব্ৰ গৰমৰ কথা মনত ৰাখি এন ই ডি এফ এলে সমগ্ৰ ৰাজ্যতে নিজৰ বিতৰণ ব্যৱস্থা ইতিমধ্যে শক্তিশালী কৰিছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত বজাৰত মুকলি কৰা আইচক্ৰীম আৰু সোৱাদযুক্ত গাখীৰ এই ঋতুত সমগ্ৰ ৰাজ্যতে ব্যাপকভাৱে উপলভ্য কৰোৱা হৈছে, যাতে সাধাৰণ মানুহে স্থানীয়ভাৱে উৎপাদিত, বিশুদ্ধ দুগ্ধজাত সামগ্ৰীৰ শীতল সোৱাদ সহজেই উপভোগ কৰিব পাৰে।

এই প্ৰসংগত এন ই ডি এফ এলৰ পৰিচালন সঞ্চালক সত্য ব্ৰত বসুৱে কয়, ''আমাৰ দুয়োবিধ নতুন সামগ্ৰী- আইচক্ৰীম আৰু ফ্লেভাৰড মিল্কৰ প্ৰতি গ্ৰাহকৰ সঁহাৰি দেখি আমি অত্যন্ত সুখী হৈছোঁ। যোৱা বছৰ আমি গ্ৰীষ্মকালৰ ঠিক পূৰ্বেই আইচক্ৰীম মুকলি কৰিছিলোঁ, কিন্তু সেই সময়ত যোগান মূলতঃ গুৱাহাটী চহৰতে সীমাবদ্ধ আছিল। একেদৰে ঋতুৰ একেবাৰে শেষৰফালে মুকলি কৰা হৈছিল ফ্লেভাৰড মিল্ক। এই সীমাবদ্ধতাৰ মাজতো আমাৰ বিক্ৰীৰ পৰিসংখ্যা আকৰ্ষণীয় আছিল। এইবাৰ সমগ্ৰ পূব আৰু পশ্চিম অসমত অধিক বিস্তৃত বিতৰণ নেটৱৰ্ক থকাৰ বাবে আমি নিশ্চিত যে আমি আমাৰ গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ম।’’

তেওঁ আৰু অৱগত কৰে যে পূৰবী আইচক্ৰীম আৰু ফ্লেভাৰড মিল্কৰ সমান্তৰালকৈ পূৰবীৰ অন্যান্য সামগ্ৰী যেনে-ষ্টেণ্ডাৰ্ড মিল্ক, দৈ আদি এতিয়া দেশৰ আগশাৰীৰ ফাষ্ট ডেলিভাৰী ই-কমাৰ্চ প্লেটফৰ্ম যেনে ব্লিংকিট, ফ্লিপকাৰ্ট মিনিটছ, বিগবাস্কেট নাও আৰু ছুইগি ইনষ্টামাৰ্টত উপলভ্য হৈছে।

গুণগত মান আৰু প্ৰকৃত খাঁটি গাখীৰ ভিত্তিক সামগ্ৰীৰ প্ৰতি নিজৰ দায়বদ্ধতা অক্ষুণ্ণ ৰাখি পূৰবী ডেইৰীয়ে কেৱল মিঠা সোৱাদৰ তৃপ্তি পূৰণ কৰাই নহয়, অসমৰ দুগ্ধ পালকসকলৰ কাষত থিয় দি ৰাজ্যৰ দুগ্ধ উদ্যোগকো আগুৱাই লৈ গৈছে। বিশুদ্ধ, গাখীৰৰ আইচক্ৰীমৰ চাহিদা দিনক দিনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পূৰবী অতি সোনকালে অসমৰ আইচক্ৰীম উদ্যোগৰ এক বিশ্বাসযোগ্য ঘৰুৱা নামত পৰিণত হ’ব বুলি আশা ব্যক্ত কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here