ছবিগৃহত সগৌৰৱে চলি থকা অসমীয়া ছবি 'কেচটো নগেন' উপভোগ কৰিলে লুৰিণ জ্যোতি গগৈয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 23 May 2025

ছবিগৃহত সগৌৰৱে চলি থকা অসমীয়া ছবি 'কেচটো নগেন' উপভোগ কৰিলে লুৰিণ জ্যোতি গগৈয়ে

 




W7s news গুৱাহাটী: ছবিগৃহত সগৌৰৱে চলি থকা 'কেচটো নগেন' ছবিখনে শুকুৰবাৰে  তৃতীয় সপ্তাহত ভৰি দিলে। বিগত দুটা সপ্তাহত দর্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পাছত আজিৰে পৰা ৰাজ্যৰ ১১ টা ছবিগৃহত দৰ্শকে উপভোগ কৰিব পাৰিব অসমীয়া ছবি 'কেচটো নগেন' ৷এটা বাস্তৱমুখী কাহিনী নিৰ্মাতাই দৰ্শকৰ মাজলৈ লৈ যাব বিচাৰিছে এই ছবিখনৰ জৰিয়তে ৷ জনসাধাৰণক প্ৰতাৰণা কৰি হাঁহিমুখে লুণ্ঠনৰাজ চলোৱা এটা কাহিনী উপস্থাপন কৰা হৈছে ছবিখনত ৷ এই ছবিখনৰ পৰিচালনা ধনজিৎ দাসৰ ।

চেইন ছিষ্টেম ব্যৱসায়ৰ নামত এচাম সুবিধাবাদী প্রৱঞ্চকে জাল পাতি গাঁৱৰ সাধাৰণ লোকসকলক উপাৰ্জনৰ লোভ দেখুৱাই টকা আত্মসাৎ কৰি পলায়ন কৰে । দুগুণ, তিনিগুণ লাভ কৰাৰ আশাত কষ্টৰে অৰ্জা ধন-সম্পত্তি নিমিষতে হেৰুৱাই সর্বস্বান্ত হয় এই সহজ-সৰল লোকসকল আৰু ইয়াৰ সুযোগ লাভ কৰে সমাজৰ এচাম সুবিধাবাদী লোকে ৷ এনে এক বাস্তৱধর্মী বিষয়ৰ ওপৰত নিৰ্মাণ কৰা হৈছে ছবিখন । আৰ কে জেদ ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনে মুক্তিৰ পাছৰে পৰা দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে । বহুকেইটা ছবিগৃহতে এতিয়া প্ৰায়কেইটা দৰ্শনী হাউছফুল হোৱা দেখা গৈছে । ছবিখনৰ পৰিচালক ধনজিৎ দাসে , “ছবিখনক ৰাইজে যথেষ্ট মৰম দিছে । আজিৰে পৰা ছবিখন ১১ টা ছবিগৃহত চলিব লগতে যিসমূহ ঠাইত ছবিগৃহ নাই বা ছবিগৃহত চলা নাই, তাতো আমি দর্শনীৰ ব্যৱস্থা কৰিম । কালিৰে পৰা এই কাম আৰম্ভ হ'ব । নুমলীগড়ৰ পৰা প্ৰথম আৰম্ভ হ’ব । সমান্তৰালভাৱে অহা সপ্তাহৰ পৰা বহিঃৰাজ্যতো মুক্তি দিয়া হ'ব ছবিখন । দিল্লী, মুম্বাই, বাংগালুৰু আৰু হায়দাৰাবাদত মুক্তি দিয়া হ'ব ছবিখন ।”

ইফালে বৃহস্পতিবাৰে অনুৰাধা ছবিগৃহত ‘কেচটো নগেন’ উপভোগ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । ছবিখন উপভোগ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, “ছবিখনে এটা ব্যতিক্ৰমী ধৰণৰ বাৰ্তা দিছে ৷ সমাজৰ কিছু জলন্ত গুৰুত্বপূৰ্ণ পৰিঘটনা ছবিখনত খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছে । যদিও এক হাস্যৰসধর্মী পৰিৱেশ সৃষ্টি কৰিছে কিন্তু ইয়াৰ মাজত নিহিত হৈ থকা যিটো বাৰ্তা সেইটো খুব শক্তিশালী ।”

এই ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, অতুল পাঁচনি, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিতুম বৰ্মন, প্ৰণৱ কলিতা, অমৃতা গগৈ, পূৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়া আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত কৰিছে পল্লৱ তালুকদাৰে, শব্দ সংমিশ্ৰণ দেৱব্ৰত চলিহাৰ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here