W7s news,,গুৱাহাটী, ২৩ মে' ২০২৫ — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে, লক্ষ্মী কোং. প্ৰাইভেট লিমিটেডে অসমৰ মৰাণ আৰু আড্ডাবাৰীৰ চাহ বাগিচাসমূহত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুষ্ঠানসমূহত চাহ শ্ৰমিকসকলৰ অমূল্য অৱদানক সন্মান জনোৱা হয় আৰু চাহৰ সাংস্কৃতিক আৰু আৰ্থ-সামাজিক গুৰুত্বত আলোকপাত কৰা হয়।
অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল কিছু মহিলা কৰ্মচাৰীলৈ বিশেষ প্ৰদৰ্শন আৰু সময়নিষ্ঠতাৰ বাবে প্ৰশংসা জনোৱা। এই উদ্যোগৰ উদ্দেশ্য আছিল তেওঁলোকৰ নিষ্ঠাক সন্মান জনাই শ্ৰমিক সমাজৰ মাজত গৌৰৱ আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰ অনুভূতি বঢ়োৱা।
“আমাৰ মহিলা কৰ্মচাৰীৰ পৰিশ্ৰমক স্বীকৃতি দিয়াটো অতি প্ৰয়োজনীয়। তেওঁলোকৰ উৎসৰ্গাগীতাই আমাৰ কাৰ্যপদ্ধতিৰ আধাৰ। আজিৰ এই উদযাপন এটি সৰু কিন্তু অৰ্থপূৰ্ণ প্ৰচেষ্টা, যিয়ে তেওঁলোকৰ অৱিৰত খটনিখোৱা প্ৰচেষ্টাক সন্মান জনায়,” বুলি আড্ডাবাৰী চাহ বাগিচাৰ এজন জ্যেষ্ঠ কৰ্মচাৰীয়ে কৈছে।
এই অনুষ্ঠানত ১,৫০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে, যাৰ ভিতৰত আছিল গাৰ্লছ’ ছকাৰ ক্লাবৰ সদস্যা, স্থায়ী আৰু অস্থায়ী চাহ বাগিচাৰ কৰ্মচাৰী, লগতে স্থানীয় ৰাইজ। অনুষ্ঠানৰ সমন্বয় কৰিছিল Community Development Forum (CDF)-এ, মৰাণ আৰু আড্ডাবাৰীৰ ব্যৱস্থাপনা দলেৰে একেলগে।
এই অনুষ্ঠানত মৰাণ চাহ বাগিচাৰ জ্যেষ্ঠ প্ৰবন্ধক, শ্ৰী সুভভ্ৰত চিকদাৰে কৈছিল, “আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হৈছে চাহ উদ্যোগৰ সকলো কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰমলৈ এটি সন্মান। তেওঁলোকৰ প্ৰচেষ্টাই প্ৰতিটো কাপ চাহ সম্ভৱ কৰি তোলে।”
উদযাপন উপৰিও, চাহৰ গুৰুত্ব আৰু এই উদ্যোগটো টিকাই ৰখাত কৰ্মচাৰীৰ ভূমিকা সন্দৰ্ভত সচেতনতা বৃদ্ধিৰ কাৰ্যসূচীও চলোৱা হয়। “এই দিৱসটো আমাৰ বাবে বিশেষ। ই কেৱল চাহৰ কথা নহয়, চাহৰ পিছত থকা মানুহৰ কথাও। আমি যেতিয়া মান্যতা পাওঁ, তেতিয়া আমি আনন্দিত হওঁ আৰু অধিক ভালকৈ কৰ্ম কৰা বাবে উৎসাহ পাওঁ,” বুলি আড্ডাবাৰী চাহ বাগিচাৰ জ্যেষ্ঠ কৰ্মচাৰী লালু ৰাজপুতে কৈছিল।
“আজিৰ স্বীকৃতিয়ে মোক গৌৰৱান্বিত আৰু দেখা-পোৱা বুলি অনুভৱ কৰাইছে,” বুলি মৰাণ চাহ বাগিচাৰ চাহ তুলি থকা কৰ্মচাৰী মনমতী কলিন্দীয়ে কৈছিল। “আমি প্ৰতিদিনে কঠোৰ খটনি কৰো, আৰু এই ধৰণৰ উদযাপন আমাৰ প্ৰচেষ্টা সঁচাকৈয়ে মূল্যবান বুলি বুজাই দিয়ে। ই আমাক আগবাঢ়িবলৈ শক্তি দিয়ে আৰু যি কাম আমি কৰো, তাৰ ওপৰত গৌৰৱ অনুভৱ কৰো।”
প্ৰতি বছৰে ২১ মে’ তাৰিখে পালন কৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসে চাহৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰাসংগিকতা উদযাপন কৰে, লগতে চাহ শ্ৰমিকসকলৰ জীৱনমান উন্নয়ন, উত্তম কৰ্ম পৰিৱেশ, আৰু সুষ্ঠু উৎপাদন প্ৰণালীক সমৰ্থন জনায়।
No comments:
Post a Comment