অনুষ্ঠিত হ’ল কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ১ম সাংগঠনিক সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 23 May 2025

অনুষ্ঠিত হ’ল কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ১ম সাংগঠনিক সভা

 




W7s news গুৱাহাটী:


অসম সাহিত্য সভাৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱন প্ৰাংগণস্থিত জয়ন্ত-লখিমী সদনত আজি বিয়লি ৪বজাত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ১মখন সাংগঠনিক সভা সাংগঠনিক সম্পাদকদ্বয় ধনজিৎ তালুকদাৰ আৰু অখিল চন্দ্ৰ দাসৰ আহ্বানত অনুস্থিত হৈ যায় ৷ জিলা সভাৰ বিভিন্ন শাখাৰ পৰা অহা সন্মানীয় সভাপতি-সম্পাদক প্ৰমুখ্যে শতাধিক সদস্যৰ উপস্থিতিত হোৱা  সভাখনত পৌৰোহিত্য কৰে জিলাৰ সভাপতি প্ৰফুল্ল বৰ্মনে ৷ সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্য্যালয় সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ধন ভঁৰালী দুলুমণি বৰঠাকুৰ,আইন উপদেষ্টা ড° খৈয়াম উদ্দিন আহমেদ, সহকাৰী সম্পাদক মুকুট দাস, কৰ্ণধাৰ সমিতিৰ সদস্য ভূপেন্দ্ৰ চন্দ্ৰ সৰ্মা আৰু জিলা সভাৰ প্ৰাক্তন উপ-সভাপতি হৰেশ্বৰ ডেকা ৷ উক্ত সভাত সাংগঠনিক দিশটো টনকিয়াল কৰিবৰ বাবে সাংগঠনিক সম্পাদকদ্বয়ে আগবঢ়োৱা সাতটা প্ৰস্তাৱ গৃহীত কৰা হয় ৷ এই সভাৰ লগত সংগতি ৰাখি জিলা সভাৰ বিভিন্ন বিষয়ববীয়া আৰু উপ-সমিতিৰ সদস্যসকলক মনোনীত পত্ৰ প্ৰদান কৰা হয় ৷ সভাত উপস্থিত সমল ব্যক্তি আৰু সন্মানীয় সদস্যসকলে নিজা নিজা ইতিবাচক মন্তব্য আগবঢ়ায় ৷ সভাত জিলা সভাৰ সম্পাদক অৰুণ মহন্তই সাংগঠনিক সম্পাদকৰ সাংবিধানিক গুৰুত্ব বিষয়ক মন্তব্য আগবঢ়ায়  ৷ সভাৰ অন্তত সাংগঠনিক সম্পাদক অখিল চন্দ্ৰ দাসে

শলাগৰ শৰাই আগবঢ়ায় আৰু জাতীয় সংগীত পৰিৱেশনাৰে  সভাৰ সমাপ্তি হয় ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here