উত্তৰ-পূব ভাৰতত নিযুক্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ ল'ব-ট্রাষ্টনাৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 28 May 2025

উত্তৰ-পূব ভাৰতত নিযুক্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ ল'ব-ট্রাষ্টনাৰে

 




 অসমত বিত্তীয় বিপ্লৱৰ এটি নতুন অধ্যায় আৰম্ভ


W7s news গুৱাহাটী : অসমৰ বিত্তীয় সেৱা খণ্ডত এটা ঐতিহাসিক দিন স্বৰূপে, ট্ৰাষ্ট্ৰনাৰ ইন্সুৰেন্স ব্ৰকাৰ্ছ প্রাইভেট লিমিটেডে বুধবাৰে আনুষ্ঠানিকভাৱে নিজৰ ইন্সুৰেন্স ব্ৰকাৰিং ব্যৱসায় আৰম্ভ কৰিছে। এই কোম্পানী। আৰ ডি এ আইৰ অনুমোদিত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ইন্সুৰেন্স ব্ৰকাৰ, যাৰ মুখ্য কাৰ্যালয় গুৱাহাটীস্থিত। এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত ট্ৰাষ্ট্ৰনাৰ ইন্সুৰেন্স ব্ৰকাৰ্ছ প্রাইভেট লিমিটেডৰ মূখ্য কাৰ্যবাহী বিষয়া

 ৰাম শ্বাহে কয়-২০১৪ চনতএমভ হোৱা 

"ট্ৰাষ্ট্ৰনাৰ কেৱল এটা কোম্পানী নহয়, এটা অভিযান- যাৰ উদ্দেশ্য হৈছে ইন্সুৰেন্সক অধিক সৰল, বিশ্বাসযোগ্য আৰু অসমৰ পৰা গঢ়ি তোলা। আমাৰ কোম্পানী অসমত জি এছ টি আৰু ইনকাম টেস্ক্স ৰ অধীন পঞ্জীয়নভুক্ত, যাৰ ফলত অসম চৰকাৰৰ ৰাজহ বৃদ্ধি হ'ব। আমাৰ কোম্পানীয়ে জীৱন, স্বাস্থ্য, আৰু সাধাৰণ ইন্সুৰেন্সৰ ক্ষেত্ৰত ডিজিটেল অনবোর্ডিং, ক্লেইম সহায় আৰু পৰামৰ্শভিত্তিক সেৱা আগবঢ়াইছে। বর্তমানে ৫৫ জন কৰ্মচাৰীৰে আৰম্ভ কৰা এই কোম্পানীয়ে পৰ বছৰত ২৫০০+ জন লোকক নিযুক্তি দিব বুলি লক্ষ্য ৰাখিছে, যি উত্তৰ-পূব ভাৰতত নিযুক্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ হ' ব। আমি শীঘ্ৰেই মুম্বাই, হায়দৰাবাদ, চেন্নাই আদিত শাখা খোলাৰ পৰিকল্পনা কৰিছোঁ।

শীর্ষস্থানীয় কর্পোৰেট আৰু উদ্যোগপতিসকলৰ পৰামৰ্শত গঠিত এই কমপ্লায়েন্স-প্রধান, প্রযুক্তিি কোম্পানীটোৱে ভাৰতৰ লগতে বিশ্ববজাৰত গৌৰৱৰ সৈতে আগবঢ়াৰ লক্ষ্য লৈছে।' সংবাদ মেলত কোম্পানীৰ সঞ্চালক সংগীতা শ্বাহ, প্ৰিন্সিপাল অফিচাৰ অজন্তা শইকীয়া আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here