W7s news,,গুৱাহাটী, ২২ মে', ২০২৫- টীমকুৱেষ্টৰ সহযোগত চলিত বৰ্ষৰ ১৯ মে’ৰ পৰা ২২ মে’লৈকে তিনিদিনীয়াকৈ আয়োজন কৰা এক ৰূপান্তৰমূলক অভিজ্ঞতামূলক শিক্ষণ কৰ্মশালা সফলভাৱে সম্পন্ন কৰে গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলে। অষ্টম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে ৩৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ উৎসাহপূৰ্ণ অংশগ্ৰহণেৰে কৰ্মশালাখনি যুৱ শিক্ষাৰ্থীসকলৰ মাজত মানসিক আৰু শাৰীৰিক দৃঢ়তা, নেতৃত্বৰ গুণ আৰু আৱেগিক বুদ্ধিমত্তা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।
মন কৰিবলগীয়া যে, প্ৰযুক্তিৰ অত্যধিক ব্যৱহাৰে প্ৰায়ে আৱেগিক বিচ্ছিন্নতা আৰু উদ্বেগৰ সৃষ্টি কৰা ডিজিটেল যুগত এই কৰ্মশালাখনি ছাত্ৰ-ছাত্ৰীসকলক বাহিৰৰ পৰিৱেশত সক্ৰিয় আৰু সচেতনভাৱে নিজৰ আৰু সহপাঠীৰ সৈতে সংযোগ স্থাপনৰ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হয়। টীমকুৱেষ্টে শাৰীৰিক কাৰ্যকলাপ, চিন্তাশীল আলোচনা আৰু সহযোগিতামূলক সমস্যা সমাধানৰ মিশ্ৰণেৰে জীৱন দক্ষতা গঢ়ি তোলাৰ বাবে এক সুপৰিকল্পিত কাৰ্যসূচী প্ৰস্তুত কৰে।
কৰ্মশালাৰ মূল কাৰ্য্যকলাপসমূহৰ ভিতৰত আছিল আত্মৰক্ষা প্ৰশিক্ষণ, কেম্পছাইট নিৰ্মাণ, বিশ্লেষণাত্মক দলীয় খেল, বাধা অতিক্ৰমৰ পথ আৰু জিপলাইনিং, ৰেপেলিং, আৰু ট্ৰেভাৰ্ছিঙৰ দৰে ৰোমাঞ্চকৰ দুঃসাহসিক কাৰ্য্যকলাপ। এই উদ্যোগে সকলোৰে মাজত পাৰস্পৰিক সহযোগিতা, স্পষ্ট সমন্বয় আৰু বিশ্বাসৰ সম্পৰ্ক গঢ়ি তোলে। ফলত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ স্বাচ্ছন্দ্যৰ সীমা পাৰ কৰি ব্যক্তিগত বিকাশ আৰু নিজৰ আত্মশক্তি সন্ধানৰ পথত আগবাঢ়িবলৈ সক্ষম হয়।
এই যৌথ উদ্যোগ সন্দৰ্ভত মডাৰ্ণ ইংলিছ স্কুলৰ সঞ্চালক পংকজ দাসে কয়, “শিক্ষাত আমি প্ৰায়ে মনৰ ওপৰত গুৰুত্ব দিওঁ। কিন্তু এই কৰ্মশালাখনি আছিল ছাত্ৰ-ছাত্ৰীৰ আত্মাৰ পুষ্টিৰ বাবে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যি উৎসাহ, সাহস আৰু দলীয় মনোভাৱেৰে কৰ্মশালাত অংশগ্ৰহণ কৰিলে, সেয়া দেখি অত্যন্ত সুখী অনুভৱ কৰিছো। এই কৰ্মশালাই কেৱল দক্ষতাৰ বিকাশ ঘটোৱাই নহয়, তেওঁলোকৰ অন্তৰ-আত্মাকো জাগ্ৰত কৰিছে। এয়া সম্পূৰ্ণৰূপে পাঠ্যপুথিৰ বাহিৰৰ শিক্ষা। টীমকুৱেষ্টৰ অভিজ্ঞতামূলক শিক্ষণৰ আৰ্হি অতুলনীয়। ই আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাহস, সহযোগিতা আৰু জীৱনৰ লক্ষ্যৰ স্পষ্টতা জগাই তুলিছে।”
একে উৎসাহেৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি টীমকুৱেষ্টৰ সঞ্চালক তথা প্ৰতিষ্ঠাপক মেজৰ ভাস্কৰ শৰ্মা (ভাৰতীয় সেনাৰ বিশেষ বাহিনী)ই কয়, “আমাৰ লক্ষ্য ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে জড়িত কৰোৱা। আমি তেওঁলোকক জীৱনৰ দক্ষতা আৰু অভিজ্ঞতামূলক শিক্ষণৰ জৰিয়তে নিজৰ ভিতৰৰ শক্তি আৱিষ্কাৰ কৰাত সহায় কৰিব বিচাৰিছো। মডাৰ্ণ ইংলিছ স্কুলত আমি যি উৎসাহ আৰু অংশগ্ৰহণ দেখিলোঁ, সেয়া অভূতপূৰ্ব। আমাৰ বিশ্বাস- এনে অভিজ্ঞতাই শিশুৰ জীৱনত স্থায়ী প্ৰভাৱ পেলায়।’’
উল্লেখ্য যে, মডাৰ্ণ ইংলিছ স্কুলে শিক্ষণৰ পৰিৱেশত ধাৰাবাহিকভাৱে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰি আহিছে। টীমকুৱেষ্টৰ কৰ্মশালাৰ এই সফলতাই এই কথাই প্ৰমাণ কৰে যে অভিজ্ঞতামূলক শিক্ষাই কেনেকৈ আত্মবিশ্বাসী, সহানুভূতিশীল আৰু সক্ষম ব্যক্তি গঢ়ি তুলিব পাৰে। শিক্ষাৰ্থীক পৰীক্ষাত সফলতা লাভ কৰাৰ লগতে জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ প্ৰস্তুত কৰাত বাৰে বাৰে নিজকে প্ৰমাণ কৰি আহিছে বিদ্যালয়খনে। মডাৰ্ণ ইংলিছ স্কুলে সামগ্ৰিক শিক্ষাৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে।
No comments:
Post a Comment