W7s news,,গুৱাহাটী, ৫ এপ্ৰিল, ২০২৫ঃ গুৱাহাটীৰ খানাপাৰাত আয়োজিত ৰঙালীৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ সফল সামৰণি ঘটে। অহা ৬ এপ্ৰিললৈ বৰ্ণিল সংস্কৃতি, বৈচিত্ৰ্যময় খাদ্য আৰু সৃজনীশীলতা একত্ৰীকৰণৰ জীৱন্ত মঞ্চলৈ ৰূপান্তৰিত হ'ব খানাপাৰাৰ বাকৰি। লোক সংস্কৃতিৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ আৰু জ্ঞানক ৰঙালী লোক মঞ্চই প্ৰতিনিধিত্ব কৰে। আজি অধিকাংশ ভিৰ দেখা গ'ল লোক মঞ্চৰ সন্মুখত। লোক মঞ্চত বিশ্বাসী মহন্তৰ সত্ৰীয়া নৃত্য, অৰুণিমা গ্ৰুপৰ বিহু, কৈৱৰ্ত ঢুলীয়া দল, বি পাল্কীৰ কথক, পংকজ বৰাৰ ভোৰতাল, ইণ্ডিয়ান আইডললৈ নিৰ্বাচিত ঋষি সিনহাৰ মণিপুৰী গীত, অসম পুলিচৰ বিহু, গুৱাহাটী বিশ্ববিদ্যালয়, সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰিৱেশন, অভি কাশ্যপ শৰ্মাৰ বাঁহীবাদন, মিচিং জনগোষ্ঠীয় নৃত্য, চেমনীয়া ওজা ঢোল বাদন, ঝুমুৰ নৃত্য, গোৰ্খা জনগোষ্ঠীয় নৃত্য, কাৰ্বি জনগোষ্ঠীয় নৃত্য, মটক জনগোষ্ঠীয় নৃত্য, সোণোৱাল কছাৰী জনগোষ্ঠীয় নৃত্য, বড়োলেণ্ডৰ দলৰ প্ৰদৰ্শনে দৰ্শকক অভিভূত কৰে। আজি সন্ধিয়াৰ অনুষ্ঠানত বিশিষ্ট ভাস্কৰ্য শিল্পী কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, বিশিষ্ট উদ্যোগী পৱন আগৰৱালা, ৰাজীৱ কুমাৰ শৰ্মাক ৰঙালী বিশেষ বঁটাৰে সন্মানিত কৰা হয়। ৰঙালী ভকেল ফৰ লকেল প্ৰদৰ্শনীত থলুৱা সামগ্ৰীৰ প্ৰতি ৰাইজৰ আগ্ৰহ আছিল স্বতঃস্ফূৰ্ত। মীনাক্ষী গোস্বামীৰ পিঠা-পনাৰ বজাৰ প্ৰথমদিনাতকৈ দ্বিতীয় দিনা বৃদ্ধি পালে। ৰঙালীত প্ৰথমবাৰলৈ বিপনী দিয়াৰ অভিজ্ঞতাৰে তেওঁ আগ্ৰহী দৰ্শকৰ ভিৰ দেখি অভিভূত হোৱা বুলি জনায়। 'ডৰিকা'ৰ অদিতি গগৈৰো ৰঙালীত এইবাৰ প্ৰথম অভিজ্ঞতা। থলুৱা সামগ্ৰীৰ আচাৰ, জাম আৰু বিশেষকৈ বিভিন্ন ফলৰ ৱাইন প্ৰস্তুত কৰি ভাৰতৰ বিভিন্ন ঠাইত সুখ্যাতি আৰ্জন কৰা কৰা 'ডৰিকা'ই ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। ৰঙালীত বিপনী দি তেওঁ ভাল পোৱা বুলি জনাই আৰু ভৱিষ্যতেও ৰঙালীৰ সৈতে জড়িত হ'ব বিচাৰে। প্ৰতিবাৰৰ দৰেই খাদ্য বিপনীত ৰাইজৰ ভিৰ দেখা গ'ল। বিশেষকৈ থলুৱা খাদ্যই বৃহৎ বজাৰ পাইছে। ৰঙালীৰ দ্বিতীয় দিনা ড° কৌশিক নন্দন দত্তৰ পৰিচালনাত উত্তৰ পূবৰ থলুৱা নিৰামিষ খাদ্য আৰু মিষ্টান্নৰ এখন প্ৰতিযোগিতাও অনুষ্ঠিত হয়।
আৰম্ভণীৰ অনুষ্ঠানত জুবিন গাৰ্গৰ গীত পৰিৱেশন নকৰাক কেন্দ্ৰ কৰি এজন অনুৰাগীয়ে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ এডিট কৰা এটা ভিডিঅ'ই কিছু ভুল বুজাবুজিৰ সৃষ্টি কৰে। আয়োজকৰ অজ্ঞাতে সংবাদ মাধ্যমৰ পত্ৰ সংগ্ৰহ কৰি একাংশ ভুৱা সাংবাদিক ইতিমধ্যে মঞ্চৰ সন্মুখত উপস্থত থকাৰ কথা পৰৱৰ্তী সময়ত গম পোৱা গ'ল। 'ৰৈ ৰৈ বিনালে' নামৰ চিনেমাখনৰ প্ৰমোচনৰ উদ্দেশ্যেৰে জুবিন গাৰ্গ ৰঙালীৰ বাকৰিত উপস্থিত হয়হি যদিও শাৰিৰীক অসুস্থতা হেতু অনুষ্ঠান পৰিৱেশনৰ পৰা বিৰত থাকে। এই লৈ একাংশ জুবিন অনুৰাগী ক্ষুদ্ধ হয় আৰু এজনে শিল দলিয়াবলৈ চেষ্টা কৰি ধমকি দিয়ে। সেই সময়ত ৰঙালীৰ মঞ্চত তথা ভিতৰচ'ৰাত অভিনেত্ৰী মলয়া গোস্বামী, অমৃতা গগৈ, ঘোষকদ্বয় ইভা মহন্ত আৰু উদয়ন দুৱৰা তথা গায়িকা ঋতৃষা শৰ্মাকে ধৰি আয়োজকসকল উপস্থিত আছিল। সকলোৰে সুৰক্ষাত কথা চিন্তা কৰি নিৰাপত্তাৰক্ষীয়ে কিছু কঠোৰ ভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কাৰন এজনে শিল দলিয়ালে পৰিস্থিতি বেয়ালৈ গতি কৰিব পাৰে। উল্লেখ্য যে ভিডিঅ'ত দেখা যুৱকজনৰ কোনো শাৰিৰীক হানি-বিঘিনি ঘটা নাই। ঘটনাৰ পাছত অসংখ্য লোকৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতি নিয়ন্ত্ৰণত কঠোৰ হ'বলগীয়া হ'ল বুলি মন্তব্য কৰে মুখ্য আয়োজক শ্যামকানু মহন্তই। তেখেতে কয়, "নিমন্ত্ৰণ কৰি অনা অতিথিসকলৰ সুৰক্ষাৰ প্ৰতি আমি দায়বদ্ধ। যি কোনো পৰিস্থিতিতেই তেওঁলোকৰ ক্ষতি হোৱা কাম কৰিব নোৱাৰো। জুবিন গাৰ্গৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিব বুলি আমাৰ ধাৰণা নাছিল। আমি কিয় বাউন্সাৰ ল'ব লাগে বুলি বহুতেই প্ৰশ্ন কৰিছে। প্ৰকৃততে ১৫-২০ হাজাৰ ডেকা ল'ৰা-ছোৱালীৰে ভৰা দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ নিৰাপত্তা লাগিবই। কাকো বেয়া ব্যৱহাৰ বা গুণ্ডাগিৰি আমাৰ লক্ষ্য নহয়। আমি ৰাইজৰ বাবে বিনামূলীয়াকৈ অনুষ্ঠান কৰো। ৰাইজৰ সুৰক্ষা আমাৰ প্ৰাথমিক চৰ্ত। মই আগতেও কওঁ আৰু আজিও কৈছো যে ৰঙালী বিহু বা কেৱল সংগীতৰ অনুষ্ঠান নহয়। ৰঙালীত থলুৱা উদ্যমীতা আছে। লোক সংস্কৃতি আছে। ৰঙালীত থলুৱা খাদ্য আছে। হিপ হপ আৰু আৰ্ট আছে। আপোনালোক প্ৰথমে আহি ৰঙালী চাওক আৰু তাৰ পাছত গালি পাৰক। দেওবাৰে অৰ্থাৎ ৬ এপ্ৰিলত বম্বে ভাইকিংছৰ নীৰজ শ্ৰী ধৰ আৰু আমাৰ প্ৰবীণ বৰা, ৰিচা ভৰদ্বাজ আৰু লক্ষ্যৰ অনুষ্ঠান আছে। এবাৰ সকলো আহক। আমাৰ প্ৰৱেশ বিনামূলীয়া।" ৰঙালীৰ দ্বিতীয় দিনাৰ সন্ধিয়াৰ অনুষ্ঠান সজাই তোলে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত গায়িকা তৰালী শৰ্মা, নীল আকাশ, ব্যতিক্ৰমী সংগীতেৰে শ্ৰোতাক মুগ্ধ কৰা অৰূপজ্যোতি বৰুৱা এণ্ড কাল্টিভেটৰছ, দেশৰ এজন শ্ৰেষ্ঠ ৰেপাৰ ডিন' জেমছ এণ্ড শ্বাহৰুল, ক্লাঞ্জন আৰু ৱাল্টাৰ ৱাহলাঙে। আজিৰ ফেশ্বন শ্ব'ত সুৱগা চৰাই ৰিলায়েন্স ট্ৰেণ্ডছ, বিদ্যুৎ এণ্ড ৰাকেশ আৰু ৰয়েল হুয়েছ বাই মেঘালী ডেকা নেওগৰ বস্ত্ৰই।
No comments:
Post a Comment