লক্ষীধৰ বৰা ক্ষেত্ৰত ‘বৰ অসম ৰঙালী মেলা’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 5 April 2025

লক্ষীধৰ বৰা ক্ষেত্ৰত ‘বৰ অসম ৰঙালী মেলা’

 

W7s news গুৱাহাটী ঃ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামানদিন৷ ৰঙালী বিহু উপলক্ষে গুৱাহাটীৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে ৰঙালী মেলা। গুৱাহাটীৰ লক্ষীধৰ বৰাক্ষেত্ৰৰ সিদ্ধিনাথ শৰ্মা ভৱনত 'বৰ অসম'ৰ উদ্যোগত শুকুৰবাৰৰ  পৰা ১৩  এপ্ৰিল লৈ   আয়োজন কৰিছে ‘বৰ অসম ৰঙালী মেলা’৷ শুকুৰবাৰে এই মেলাখন অনুষ্ঠানিকভাৱে মুকলি কৰি বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীয়ে মেলাখনৰ সফলতা কামনা কৰে। অনুষ্ঠানত মহানগৰ এন চি পিৰ জিলা সভাপতি হোচনেআৰা বেগম প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 এই মেলাত অসমৰ বিভিন্ন জিলাৰ ভন ভিন জনগোষ্ঠীয় আত্মসহায়ক গোটে অংশ গ্ৰহণ কৰিছে৷ এই মেলাত বিভিন্ন ডিজাইনৰ মেখেলা চাদৰ , গামোচা , গহনা, ঢোল , পেঁপা, গগনা,  অসমীয়া থলুৱা বিভিন্ন লাড়ু, পিঠা-পনাকে ধৰি  গুড়, সান্দহগুড়ি, পিঠা আদি উপলব্ধ হৈছে বুলি বৰ অসমৰ সভাপতি

বিনিতা দত্ত চৌধুৰীয়ে জানিবলৈ দিয়ে। আনহাতে চিৰ সেউজ কলা-কৃষ্টি কেন্দ্ৰৰ উদ্যোগত ২ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ লক্ষীধৰ বৰা ক্ষেত্ৰত ১৪ সংখ‍্যক ৰঙালীৰ ৰং আৰম্ভ হৈছে। এই মেলাখনত ৰঙালী বিহুৰ প্ৰয়োজনীয় সকলো সামগ্ৰী উপলদ্ধ হৈছে। মেলাখনৰ ১৩ এপ্ৰিলত সামৰণি পৰিব বুলি


চিৰ সেউজ কলা-কৃষ্টি কেন্দ্ৰৰ সভাপতি লীনা ৰাজকুমাৰী বৰুৱাই জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here