গোলাঘাটত কেইৰ্ণৰ ডিজিটেল সাক্ষৰতা পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 5 April 2025

গোলাঘাটত কেইৰ্ণৰ ডিজিটেল সাক্ষৰতা পদক্ষেপ


 

গোলাঘাট, ৫ এপ্ৰিল, ২০২৫: গোলাঘাট জিলাত ডিজিটেল সাক্ষৰতাক প্ৰসাৰিত কৰাৰ দিশত এক উল্লেখযোগ্য পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে সৰুপথাৰ মহাবিদ্যালয়ত কেইৰ্ণ অইল এণ্ড গেছে ডিজিটেল শ্ৰেণীকোঠা স্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু বৃত্তিগত পৰিৱেশৰ নতুন ৰূপ দিবলৈ আৰম্ভ কৰিছে। এসময়ত এটা সামান্য ডিজিটেল শিক্ষা প্ৰকল্প হিচাপে আৰম্ভ হোৱা উক্ত প্ৰকল্পটো বৰ্তমান দ্ৰুতগতিত দক্ষতা প্ৰশিক্ষণ, অংশীদাৰিত্ব, আৰু বৰ্ধিত শিক্ষণৰ সুযোগৰ এক কেন্দ্ৰলৈ বিকশিত হৈছে। 


উক্ত ডিজিটেল শ্ৰেণীকোঠাই সৰুপথাৰ কলেজৰ ৩,৯০০ ছাত্ৰ-ছাত্ৰীক সেৱা আগবঢ়াব তথা তেওঁলোকক ডিজিটেল মাধ্যমৰ দ্বাৰা প্ৰথমবাৰৰ বাবে আধুনিক প্ৰযুক্তিৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰিব । ডিজিটেল ক্লাছ সন্দৰ্ভত  ইতিহাস বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ৰঞ্জন শৰ্মাই কয় যে,“পূৰ্বতে আমাৰ প্ৰতিষ্ঠানৰ বাহিৰেও শিক্ষণৰ ক্ষেত্ৰত আমাৰ সীমিত পৰিচয় আছিল, কিন্তু এতিয়া আমি অনলাইন বক্তৃতানুষ্ঠান, ৱেবিনাৰত, কৰ্মশালাত অংশগ্ৰহণ তথা আয়োজন কৰিব পাৰিচো ”। এই পদক্ষেপৰ বাবে আমি সৰুপথাৰ কলেজৰ প্ৰথমখন ই-জাৰ্নেল 'ৰিফ্লেকচন'প্ৰকাশ কৰিছো । আন এগৰাকী ছাত্ৰ কুলদীপ গগৈয়ে কয়, “ডিজিটেল শ্ৰেণীকোঠাই আমাক যোগৰ শ্ৰেণীৰ দৰে পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজৰ আয়োজন কৰিবলৈও সক্ষম কৰি তুলিছে, যিবোৰ আমি এতিয়া অনলাইনযোগে পৰিচালনা কৰিব পাৰো।”


এই পদক্ষেপৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি ডিজিটেল শ্ৰেণীকোঠাটো এতিয়া এক ব্যাপক দক্ষতা বিকাশ কেন্দ্ৰলৈ বিকশিত হৈছে। কৃষি বিভাগ আৰু যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনত "Comprehensive Tea Management and Certification" শীৰ্ষক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছে। নিয়মীয়া পাঠ্যক্ৰমৰ উপৰিও, এই দুমহীয়া কাৰ্যসূচীয়ে প্ৰতিটো শ্ৰেণীত ১২০ জন ছাত্ৰ-ছাত্ৰীক বহনক্ষম চাহ খেতি কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰে তথা অঞ্চলটোৰ মুখ্য উদ্যোগৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে নিয়মীয়া পাঠ্যক্ৰমৰ সমান্তৰালভাৱে ব্যৱহাৰিক অভিজ্ঞতা আগবঢ়াই আহিছে ।



ডিজিটেল শ্ৰেণীকোঠাৰ প্ৰভাৱৰ ওপৰত মহাবিদ্যালয়ৰ অধ্যক্ষ ড⁰ প্ৰাপ্তি ঠাকুৰে উল্লেখ কৰে যে, "গোলাঘাট জিলাত এই ধৰণৰ প্ৰথম পদক্ষেপে আমাৰ শিক্ষাৰ্থীসকলক ডিজিটেল সাক্ষৰতাৰ বিষয়ে যথেষ্ট সহায় কৰিছে ।" তেওঁ লগতে কয় যে এই পদক্ষেপে জ্ঞান, দক্ষতা, আৰু অৰ্থনৈতিক সুযোগৰ দুৱাৰ মুকলি কৰি গ্ৰাম্য ছাত্ৰ-ছাত্ৰীসকলক শক্তিশালী কৰি দ্ৰুতগতিত চলি থকা ডিজিটেল পৃথিৱীখনত আগুৱাই যোৱাত সহায় কৰিছে । 


পৰৱৰ্তী সময়ত ডিজিটেল শ্ৰেণীকোঠাটোক গতিশীল দক্ষতা কেন্দ্ৰ আৰু জ্ঞান-বিনিময় কেন্দ্ৰলৈ সম্প্ৰসাৰিত কৰা হব তথা ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিমূলক চাহিদা পূৰণ কৰিবলৈ প্ৰয়োজন হোৱা ব্যবস্থা লোৱা হব । সৰুপথাৰ কলেজৰ ডিজিটেল শ্ৰেণীকোঠাটোৱে বৃদ্ধি আৰু বিকাশৰ লগে লগে ডিজিটেল প্ৰযুক্তিয়ে নিয়মীয়া শিক্ষাৰ সৈতে চিন্তাশীলভাৱে কেনেকৈ গ্ৰাম্য ছাত্ৰ-ছাত্ৰীসকলক শক্তিশালী কৰি জ্ঞান, দক্ষতা, আৰু অৰ্থনৈতিক সবলীকৰণৰ নতুন পথ প্ৰদান কৰিব তাৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে কাম কৰি যাব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here