W7s news,গুৱাহাটী, ৬ এপ্ৰিল, ২০২৫ঃ গুৱাহাটী খানাপাৰাত অনুষ্ঠিত হৈ থকা তিনিদিনীয়া ৰঙালীৰ আজি অন্ত পৰিল। বিগত বৰ্ষবোৰতকৈ সফল আৰু উদ্যমীতাৰ প্ৰসাৰেৰে এইবাৰৰ ৰঙালী থলুৱা উদ্যোগীসকলৰ সম্ভাৱনাৰ কেন্দ্ৰ হৈ পৰিল। নৱম সংখ্যক ৰঙালীৰ বিশেষত্ব আছিল, গুণমানসম্পন্ন আৰু দৰ্শনীয় সামগ্ৰীৰ ব্যাপক প্ৰদৰ্শন। অইল ইণ্ডিয়াই চিএছচি প্ৰকল্পৰ উদ্যোগত বিশেষ প্ৰদৰ্শন, নুমলীগড় ৰিফাইনেৰীয়ে কৃষিজাত আৰু হস্তকলাৰ সামগ্ৰী, নেডফিয়ে তেওঁলোকৰ দ্বাৰা সাহাৰ্যপ্ৰাপ্ত বিভিন্ন সামগ্ৰী, অসম কৃষি আৰু উদ্যান বিভাগে যুৱ উদ্যমীৰ কৃষিজাত সামগ্ৰী আৰু অন্যান্য সামগ্ৰী প্ৰদৰ্শন কৰে। ৰঙালীয়ে উদ্ভৱকালৰে পৰা থলুৱা উদ্যমীতা আৰু থলুৱা উদ্যোগীৰ বৃহৎ বজাৰ সৃষ্টিত গুৰুত্ব দি আহিছে। নগাঁৱৰ 'শ্ৰী সমৃদ্ধি জাগৃতি' খাদ্য সামগ্ৰী উদ্যোগৰ তত্ত্বাৱধায়ক গাৰ্গী গীতম বৰা 'মাছৰ চকলেট' ৰ ধাৰণাক ৰাইজে আদৰি লোৱা দেখা গ'ল। তেখেতৰ চকলেট প্ৰস্তুত প্ৰক্ৰিয়া সম্পূৰ্ণ নিজা। সৰু ল'ৰা-ছোৱালীয়ে সাধাৰণতে মাছ খাবলৈ বেয়া পায়। কিন্তু চকলেট সকলোৰে প্ৰিয়। গতিকে তেওঁলোকৰ পুষ্টি আৰু সোৱাদৰ কথা ভাবি প্ৰথমে মাছৰ চকলেট প্ৰস্তুত কৰাৰ চিন্তা মনলৈ আহে বুলি জনায় গাৰ্গী গীতম বৰাই। ৰঙালীৰ মঞ্চত উদ্যমীতা আৰু কৃষি কৰ্মৰে নৱ প্ৰজন্মক উদ্বুদ্ধ কৰাৰ বাবে ৰাজীৱ কুমাৰ শৰ্মা, নুৰুদ্দিন আহমেদ, পৱন আগৰৱালা, অতুল লহকৰ, হেমন্ত নাথ, সঞ্জয় চাংকাকতি, বিপুল কলিতি ইতাদি বহুকেইজন ব্যক্তিক সন্মান যচা হয়। কৌশিক নন্দন দত্তৰ তত্ত্বাৱধানত আয়োজিত ৰঙালী থলুৱা খাদ্য প্ৰতিযোগিতাই আমিষ আৰু নিৰামিষৰ লগতে অসম তথা উত্তৰ-পূবৰ পৰম্পৰাগত খাদ্যক প্ৰতিনিধিত্ব কৰে। বহু বছৰ ধৰি এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। ৰঙালী আৰ্টৰ প্ৰদৰ্শনীত চৰকাৰী আৰ্ট কলেজ আৰু অসমৰ যুৱ প্ৰজন্মৰ বহুতেই লাইভ আৰ্ট প্ৰদৰ্শন কৰে। সাধাৰণতকৈ কিছু ব্যতিক্ৰম প্ৰদৰ্শনত উপস্থিতসকল স্বাভাৱিকতেই আকৃষ্ট হয়। হিপ হপ ষ্টেজ আৰু লোক মঞ্চ সকলো মানুহৰে প্ৰধান আকৰ্ষণ হৈ পৰিল। অসমত হিপ হপ সংস্কৃতিৰ প্ৰতি নতুন প্ৰজন্মই কেৱল আকৰ্ষিত তেনে নহয়, বয়সভেদে এক হিপ হপ সংস্কৃতি গঢ়ি উঠিছে। মিচিং, দেউৰী, বড়ো, কাৰ্বি, কৈৱৰ্ত ঢুলীয়া, সোণোৱাল কছাৰী, সত্ৰীয়া, বিহু, কথক, মণিপুৰী গীতৰ লগতে মুখা নিৰ্মাণ-মুখা ভাওনাই উপস্থিত দৰ্শকক নতুন সোৱাদ দিয়ে। ৰঙালীৰ সংগীত মঞ্চৰ সকলোৰে স্মৰণীয় অভিজ্ঞতা হৈ ৰ'ল। প্ৰতি সন্ধিয়াই হাজাৰ হাজাৰ শ্ৰোতাই মঞ্চৰ আগত মন্ত্ৰমুগ্ধ হৈ গান শুনিলে। শনিবাৰৰ সন্ধিয়া হিপ হপ শিল্পী ডিন' জেমছে উত্তৰ-পূবৰ সকলো বয়সৰ দৰ্শককে টানি আনিলে। প্ৰায় ৫০ হাজাৰ দৰ্শকে অনুষ্ঠান চালে। দেওবাৰৰ সন্ধিয়া নীৰজ শ্ৰীধৰ, বম্বে ভাইকিংছ, অসমৰ নতুন প্ৰতিভা প্ৰবীণ বৰা, ৰিচা ভৰদ্বাজৰ অনুষ্ঠানতো শনিবাৰৰ দৰেই ৰাইজৰ উৎসাহ পৰিলক্ষিত হয়।
ৰঙালীৰ মুখ্য আয়োজক শ্যামকানু মহন্তই সকলোকে ধন্যবাদ দিয়ে। বিশেষকৈ অসম চৰকাৰ, কেম্পা, ঋষিৰাজ বৰকটকী গ্ৰুপ আৰু প্ৰাগ নিউজ, দৈনিক জনমভূমি, বিগ এফ এম, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, হস্তশিল্প আৰু উদ্যান বিভাগ, এছ বি আই, নেডফি, অসম গেছ কোম্পানী, ৰিলায়েন্স ট্ৰেণ্ডছ, এছ পি এম আই এ এছ একাডেমী, জি এম ডি এ, চিল্ক মাৰ্ক ইণ্ডিয়া, অইল ইণ্ডিয়া, নাবাৰ্ড, নৰ্থ ইষ্টাৰ্ন কাউন্সিল, ভাৰতীয় চাহ নিগম, নুমলীগড় ৰিফাইনেৰী, ডাটামেচ, হোটেল গেটৱে গ্ৰাইণ্ড্ৰাৰ, মে' ফেয়াৰ সকলোকে ধন্যবাদ যাচে। তেখেতে কয় যে ৰঙালীয়ে অসমৰ যুৱ প্ৰজন্মৰ মনবোৰ দখল কৰিছে আৰু এক ঐত্যিহ্যশালী অনুষ্ঠানলৈ ৰূপান্তৰ ঘটিছে। এইখন নতুন অসমৰ প্ৰকাশ, যিসকলে উদ্যমীতাক মুখ্য স্থান দিয়ে, পৰম্পৰাগত সংস্কৃতিক সন্মান কৰে আৰু সৃষ্টিশীলতাৰ প্ৰসাৰ কৰে। অসম তথা উত্তৰ পূবৰ যুৱ প্ৰজন্মক কেন্দ্ৰ কৰি ৰঙালীৰ আয়োজন হয়। এয়া সংস্কৃতি, উদ্যমীতা আৰু সৃষ্টিশীলতাৰ দীৰ্ঘস্থায়ী আন্দোলন। ৰঙালীৰ বৰ্ধিত কলেৱৰ সংবাদ মাধ্যম সহায় অবিহনে সম্ভৱ নহ'লহেঁতেন। ৰাইজৰ সহায়ৰ কথা ক'বই লাগিব। ৰঙালীত সৃষ্টি হোৱা বৃৎহ উদ্যমীতা সংস্কৃতি দীৰ্ঘস্থায়ী হ'লেহে ৰঙালী সফল হ'ব।
No comments:
Post a Comment