গুৱাহাটী প্ৰেছ ক্লাবত পূর্বাঞ্চল সন্মিলিত কৃষক সংঘ, অসমৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 12 April 2025

গুৱাহাটী প্ৰেছ ক্লাবত পূর্বাঞ্চল সন্মিলিত কৃষক সংঘ, অসমৰ সংবাদ মেল

 



ৰাজ্যৰ প্ৰগতিশীল কৃষকৰ বাবে 

পেন্সন, সকলো কৃষকক সামৰি বীমাকৰণৰ কৰিবলৈ চৰকাৰক আহ্বান




W7s news গুৱাহাটী : 'ৰাজ্যৰ প্ৰগতিশীল কৃষকৰ বাবে পেন্সন, সকলো কৃষকক সামৰি বীমাকৰণ, কৃষকৰ উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে উচিত বজাৰ, গুৱাহাটীত জৈৱিক ভাবে উৎপাদিত সামগ্ৰীৰ উচিত বজাৰ আৰু অসমৰ কৃষকৰ কল্যাণৰ বাবে কৃষক আৱাস দিবলৈ চৰকাৰক আহবান জনাইছে পূর্বাঞ্চল সন্মিলিত কৃষক সংঘ, অসমে। সংঘৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সংঘৰ সাধাৰণ সম্পাদক পৰেশ চন্দ্ৰ বৈশ্যই কয়-ৰাজ্যৰ প্ৰগতিশীল কৃষকসকলৰ এইখিনি সমস্যা সমাধান হলে কৃষকসকল বহুগুণে সমাধান হ'ব।  অসমৰ এক লাখ সাতানব্বৈ হাজাৰ মীনপালক কৃষকক ৫ লাখ টকাৰ বিনামূলীয়া বীমাকৰণ হৈছে।   এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকর্ষণ কৰিলোঁ। ইতিমধ্যে পূর্বাঞ্চল সম্মিলিত কৃষক সংঘ, অসমৰ তৰফৰ পৰা যিসকল কৃষকে বিভিন্ন জিলাত প্রাকৃতিক আৰু জৈবিক ভাবে কৃষি কৰ্ম আৰম্ভ কৰিছে। তেওঁলোকক উদ্‌গণি আৰু উৎসাহ জন্যেরা কাৰণে সাক্ষাৎৰ ব্যৱস্থা কৰি আহিছোঁ। মুখ্যতঃ সংঘই অসম চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী আঁচনি কৃষকৰ ওচৰলৈ লৈ যোৱাটো হৈছে প্রধান উদ্দেশ্য। লক্ষ্য আমাৰ ৰাজ্যৰ অর্থনীতি টনকীয়াল কৰা।

ধানৰ  ক্ষেত্ৰত ২৫০ টকা

প্রতি কুইণ্টলত বাজ সাহায্যসহ মুঠ ২৫৫০.০০ টকা আৰু সৰিয়হৰ ক্ষেত্রত ৫০০.০০ টকা প্রতি কুইন্টলত ৰাজ সাহাৰ্যৰ মুঠ ২৫৫০.০০ টকা, সৰিয়হৰ ক্ষেত্ৰত ৫০০ টকা প্ৰতি কুইণ্টলত ৰাজ সাহাৰ্য মুঠ ৬৪৫০টকা 

 কৃষিৰ জৰিয়তে অসমৰ অর্থনীতিত নতুন মাত্রা প্রদান। আনহাতে কৃষি খণ্ডত সুসংগঠিত ৰূপত আত্মনিয়োগ কৰা ৫০০ কৃষক উৎপাদক গোটিলৈ দহ লাখ টকাকৈ আর্থিক সাহায্য।

তেওঁ লগতে কয় যে-

কৃষক হৈছে সর্বশক্তিমান সজলীবা আৰু দেশৰ গ্রাম্য অর্থনীতিৰ আধাৰ স্বৰূপ।

অসমৰ মুখ্যমন্ত্রী হিচাপে ড' হিমন্ত বিশ্ব শর্মাই সর্বকালৰ অভিলেখ ভংগ কৰি কৃষি উৎপাদিত সাময়ী চৰকাৰী ভাবে চৰকাৰী মূল্যত ক্রয় কৰাৰ ব্যৱস্থা আৰু চৰকাৰৰ ৰাজ সাহায্য প্রদান ঐতিহাসিক সিদ্ধান্ত। 

 পূর্বাঞ্চল সম্মিলিত কৃষক সংঘ, অসমে লগতে কৃষিখণ্ডৰ  উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শর্মাই লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।' সংবাদ মেলত সংঘৰ সভাপতি খুদেশ্বৰ পেগু, প্ৰগতিশীল কৃষক লক্ষ‍্যধৰ চলিহা প্ৰমুখ্যে কেইবাখনো জিলাৰ প্ৰগতিশীল কৃষক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here