W7s news গুৱাহাটী:ভাৰতৰ হায়দৰাবাদত অনুষ্ঠিত হ'ব ২৩ সংখ্যক এছিয়া মাষ্টাৰছ এথলেটিকছ চেম্পিয়নশ্বিপ-২০২৫।
জাপান, ইণ্ডোনেছিয়া, চীন, মালয়েছিয়া, কোৰিয়া আৰু এছিয়াৰ আন বহু দেশৰ পৰা অংশগ্ৰহণকাৰীসকল চেম্পিয়নশ্বিপৰ বাবে আহিব- শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে
২৩ সংখ্যক এছিয়া মাষ্টাৰছ এথলেটিকছ চেম্পিয়নশ্বিপ-২০২৫ৰ আয়োজক কমিটীৰ সদস্য নলিনী হাজৰিকাই। তেওঁ লগতে কয়-২৫-২৯ নৱেম্বৰলৈ এই চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব।৩৫ বছৰৰ পৰা ৯০ বছৰ বয়সৰ খেলুৱৈয়ে খেলিব পাৰিব। বয়স অনুসৰি গ্রুপ তৈয়াৰ কৰা হয় যেনে- প্ৰথম গ্ৰুপত ৩৫ৰ পৰা ৩৯ বছৰ বয়সৰ খেলুৱৈ থাকিব ইত্যাদি ইত্যাদি।
হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া এথলেটিকছ চেম্পিয়নশ্বিপত এন ই ষ্টেটছৰ বৃহৎ সংখ্যক খেলুৱৈয়ে যোগদান কৰিব বুলি আশা কৰা হৈছে। প্ৰবীণ সৈনিকসকল শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে বহু উপকৃত হ’ব।চেম্পিয়নশ্বিপ - ২০২৫ ৰ উপৰি আমি ইয়াত সমবেত হৈ আমাৰ আগন্তুক বলীউড ছবি (হিন্দীত) -VISHWA KALYAN ৰ প্ৰচাৰৰ বাবে।সঁচা জীৱন কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনত প্ৰায় ৩০০০টা চৰিত্ৰ জড়িত হ’ব। জীৱ-জন্তুৰ সজাগতাৰ বাবে নিৰ্মাণ কৰা ছবিখনত স্থানীয় ব্যক্তিৰ উপৰিও বহিঃৰাজ্যৰ অভিনেতাসকলেও চিনেমাখনত অভিনয় কৰিব।মুখ্য চৰিত্ৰত অভিনয় কৰিব এগৰাকী ৰাছিয়ান অভিনেত্ৰী আৰু পুৰুষৰ চৰিত্ৰত অভিনয় কৰিব এগৰাকী ভাৰতীয় অভিনেতাই।' সংবাদ মেলত আয়োজক কমিটীৰ সদস্য তৰুণ কুমাৰ দেউৰী, আবেদী বৰা উপস্থিত থাকে।
No comments:
Post a Comment