দেওবাৰে আৰ চি বিৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ঘৰুৱা মেচ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 12 April 2025

দেওবাৰে আৰ চি বিৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ঘৰুৱা মেচ

 



জয়পুৰত উপস্থিত দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ 

W7s news জয়পুৰ,  ঃ চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ দেওবাৰে জয়পুৰৰ সবাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেচত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে আৰ চি বিৰ বিৰুদ্ধে খেলিব৷ আই পি এল-২০২৫ ৰ এয়া জয়পুৰত হ’বলগা প্ৰথমখন মেচ৷ হাইভল্টেজ এই মেচখন দিনৰ ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ এই মেচৰ বাবেই আজি আহি পিংক চিটীত উপস্থিত হৈছে আৰ আৰ দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ৷ বিমান বন্দৰত বৰঠাকুৰক উষ্ম আদৰণি জনোৱা হয়৷

উল্লেখ্য যে এইবাৰ ৰয়েলছে জয়পুৰত পিংক প্ৰ’মিছ মেচসহ মুঠ পাঁচখন খেল খেলিব৷ ইয়াৰপূৰ্বে আৰ আৰ দলে গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত প্ৰথম দুখন ঘৰুৱা মেচত কে কে আৰ আৰু চি এছ কেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল৷ ৰয়েলছে আৰ চি বিৰ লগতে জয়পুৰত লক্ষ্ণৌ,  গুজৰাট, মুম্বাই আৰু পঞ্জাৱৰ বিৰুদ্ধে খেলিব৷ অহা এক মে’ত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ‘পিংক প্ৰমিজ’ মেচ বিশেষ আকৰ্ষনীয় হ’ব৷

ইতিমধ্যে প্ৰতিখন মেচৰ টিকট বুকমাই শ্ব’ত মুকলি কৰাৰ লগতে যোৱা সাত এপ্ৰিলৰ পৰা ষ্টেডিয়াম চৌহদত টিকট কাউণ্টাৰ মুকলি কৰা হৈছে৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ প্ৰথম দুখন মেচতে পৰাস্ত হৈ হতাশাৰে ছিজনৰ আৰম্ভনি কৰে যদিও গুৱাহাটী আৰু চণ্ডিগড়ত ক্ৰমাগত দুখন মেচত জয়লাভ কৰি সফল প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয়৷ ৰয়েলছে পাঁচখন মেচৰ দুখনত জয়ী হৈ চাৰি পইণ্টৰে তালিকাৰ সপ্তম স্থানত আছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here