মানুহৰ সৈতে মানুহৰ সংযোগঃ 'ৰঙালী বিশেষ বঁটা'ৰে সৃষ্টিশীলতাৰ বাৰ্তা কঢ়িয়াই আৰম্ভ হ'ল ৰঙালী নৱম সংস্কৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 4 April 2025

মানুহৰ সৈতে মানুহৰ সংযোগঃ 'ৰঙালী বিশেষ বঁটা'ৰে সৃষ্টিশীলতাৰ বাৰ্তা কঢ়িয়াই আৰম্ভ হ'ল ৰঙালী নৱম সংস্কৰণ


 

W7s news,,গুৱাহাটী, ৪ এপ্ৰিল, ২০২৫ঃ আজি সন্ধিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে গুৱাহাটীৰ খানাপাৰাত আয়োজিত ৰঙালী নৱম সংস্কৰণৰ আৰম্ভণি ঘটে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উৰ্খাও গৌড়া ব্ৰহ্ম, মন্ত্ৰী, হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ড° ননী গোপাল মহন্ত, উপাচাৰ্য, গুৱাহাটী বিশ্ববিদ্যালয়, প্ৰশান্ত ৰাজগুৰু, মুখ্য সম্পাদক প্ৰাগ নিউজ, জাৰিৰ হুছেইন, মুখ্য সম্পাদক, নিউজ লাইভ। ৰঙালীয়ে বিগত সময়ছোৱাত মানুহৰ সৈতে মানুহৰ সংযোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই বৰ্ষতো 'ৰঙালী বিশেষ বঁটা'ৰে সন্মানিত কৰা হয় অসমৰ সাহিত্য-সংস্কৃতি জগতৰ বহুকেইগৰাকী বৰেণ্য ব্যক্তিক। বিশিষ্ট সাহিত্যিক-সাংবাদিক সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত অনুৰাধা শৰ্মা পূজাৰী, প্ৰসিদ্ধ গীতিকাৰ সংগীত পৰিচালক সাংবাদিক আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, স্বনামধন্য অভিনেত্ৰী অসমৰ চিনেমা জগতৰ এটি সুকীয়া পৰিচয় মৃদুলা বৰুৱা আৰু নবীন পৰিচালক সুব্ৰত কাকতিক 'ৰঙালী বিশেষ বঁটা' প্ৰদান কৰা হয়। 


ৰঙালীয়ে থলুৱা উদ্যমীতা প্ৰসাৰৰ প্ৰচেষ্টাৰে 'ভকেল ফৰ লকেল' প্ৰদৰ্শনীৰ জৰিয়তে এক ক্ষুদ্ৰ থলুৱা ঔদ্যোগিক আন্দোলন আৰম্ভ কৰিছে। প্ৰায় ২০০খন বিপনীৰ বিশেষ প্ৰদৰ্শনীত কাৰ্বি আংলঙৰ হালধি, ডিমা হাছাওৰ জুডিমা, সীতাজখলাৰ দুগ্ধ সামগ্ৰী, মীন বিভাগৰ অন্যান্য সামগ্ৰীৰ লগতে চকলেট মাছে পৰ্যটকৰ আগ্ৰহ বৃদ্ধি কৰে। ৰঙালী লোক মঞ্চত জিলিকি উঠিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ সত্ৰীয়া নৃত্য, বিহু নৃত্য, ৰয়েল গ্লবেল ইউনিভাৰ্ছিটিৰ হোজাগিৰি, মণিপুৰী আৰু বিহু নৃত্য, অৰুণিমা গ্ৰুপৰ বিহু, গোৰ্খাসকলৰ খুকুৰী-মাৰুনি-ঝাউৰে, পংকজ বৰাৰ বিহু, নম্ৰতা গোস্বামীৰ সত্ৰীয়া নৃত্য, বি টি চিৰ পৰিৱেশন আৰু মিচিং, মটকসকলৰ গছ তলৰ বিহু, দেউৰী, সোণোৱাল কছাৰী সংস্কৃতিৰ প্ৰদৰ্শন। ৰঙালীয়ে সৃষ্টিশীল চেতনাৰে নতুন প্ৰজন্মৰ কলাসুলভ মনবোৰৰ সন্ধান কৰিবলৈ আৰ্টক মাধ্যম হিচাপে বিবেচনা কৰি প্ৰতিবছৰে এখন বিশেষ আৰ্ট প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। ৰঙালীৰ আৰ্ট প্ৰদৰ্শনীৰ পৰাই আজি বিশ্বতে জনাজাত শান্তনু শইকীয়াৰ দৰে শিল্পীৰ জন্ম হৈছিল। ৰঙালীলৈ পৰ্যটক আহে ভিন্ন স্বাদৰ খাদ্যৰ সোৱাদ ল'বলৈ। থলুৱা আৰু মাল্টিকুইজিন খাদ্যৰ সমাহাৰ ৰঙালী ফুড কাৰ্নিভেল। মিচিং, বড়ো, কাৰ্বি খাদ্যৰ লগতে ষ্টাৰ্ট আপ বেকাৰীৰ পৰা আৰম্ভ কৰি ভিন্ন সোৱাদৰ সমাহাৰ ঘটে ৰঙালীত। 


ৰঙালীৰ সংগীত মঞ্চ উত্তৰ- পূবৰে এখন লেখত ল'বলগীয়া মঞ্চ। এই মঞ্চৰ পৰা গৈ বহু প্ৰতিভাই শিল্পৰ বিশাল ক্ষেত্ৰখনত নিজস্ব পৰিচয় গঢ়ি তুলিবলৈ সক্ষয হৈছে। আজিৰ সন্ধিয়াৰ অনুষ্ঠানত প্ৰাণ ঢালে গুৱাহাটী ইউনিভাৰ্ছিটী ফক অৰ্কেষ্ট্ৰা, কল্যাণজিত নিপু, বিশ্ৰুত শইকীয়া, ঋতৃষা শৰ্মা আৰু জুবিন গাৰ্গৰ সুৰীয়া পৰিৱেশনে। জুবিন গাৰ্গে নতুন চিনেমা 'ৰৈ ৰৈ বিনালে'ৰ চৰিত্ৰ 'ৰাউল'ৰ ৰূপত আহি অনুৰাগীক মুগ্ধ কৰে। আজিৰ সন্ধিয়াৰ অন্য এক মুখ্য আকৰ্ষণ ৰঙালী ফেশ্বন শ্ব'ত সৌমাৰ শৰ্মাৰ ইণ্ডিয়ান উইভাৰ্ছ এলায়েন্স আৰু জুথিকা বাই মমিতাৰ অসম হস্ত শিল্পত আধুনিক ডিজাইনৰ প্ৰয়োগেৰে আকৰ্ষণীয় বস্ত্ৰই সকলোৰে দৃষ্টি কাঢ়ি নিয়ে। মুখ্য আয়োজক শ্যামকানু মহন্তই কয় যে, ৰঙালীয়ে উদ্ভৱ কালৰে পৰা থলুৱা উদ্যমীতাৰ প্ৰসাৰত গুৰুত্ব দি আহিছে। এই বৰ্ষত অসমৰ সাহিত্য সংস্কৃতি জগতৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ লগতে কিছু সংখ্যক সফল কৃষক-উদ্যোগীক উদ্যমীতা বঁটাৰে সন্মান যচা হ'ব। যাতে তেওঁলোকে প্ৰেৰণা পাই আৰু অন্য বহুতকে উৎসাহিত কৰিব পাৰে। মহন্তই দ্বিতীয় দিনাৰ কাৰ্যসূচী দুপৰীয়া ১ বজাৰ পৰা আৰম্ভ হ'ব বুলি কয় আৰু কাইলৈ সন্ধিয়া অসমৰ সংগীত জগতৰ কেইগৰাকীমান বিশিষ্ট শিল্পী তৰালী শৰ্মা, নীল আকাশ, অৰুপজ্যোতি বৰুৱাৰ লগতে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ৰেপাৰ ডিন' জেমছ আৰু শ্বাহৰুলে ৰঙালীত পৰিৱেশন কৰিব বুলি জনায়। তেখেতে লগতে জনাই যে তিনিদিনীয়াকৈ আয়োজিত ৰঙালীৰ প্ৰৱেশ বিনামূলীয়া।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here