'
*W7s news,,*গুৱাহাটী, এপ্ৰিল ২:** সমলিংগতাভিত্তিক চিত্ৰনাট্যৰ অসামান্য শিল্পকৰ্ম "শীতৰে সেমেকা ৰাতি: দ্য উইণ্টাৰ ৰেইন"ক নৱম নেশ্যনেল প্ৰাইড এচিভাৰ্ছ এৱাৰ্ডছ ২০২৫ ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত "চিনেমেটিক এক্সেলেন্স ফৰ ইকুৱেলিটী বঁটা“ আগবঢ়োৱা হৈছে। সংকীৰ্ণতা, পৰম্পৰাগত সংৰক্ষণশীল ধাৰণাক অতিক্ৰমি প্ৰেম আৰু আত্মপৰিচয়ৰ মুক্ত অস্তিত্বৰ বাৰ্তা দিয়া এই চলচ্চিত্ৰখনক সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ কণ্ঠস্বৰক শিল্পৰ মাজেৰে শক্তিশালী ৰূপদান কৰাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে।
পৰিচালক দীপাংকৰ কাশ্যপক চলচ্চিত্ৰখনৰ বাবে "বেষ্ট ডাইৰেক্টৰ: ভিছ্যনাৰী অফ ইনক্লুজন বঁটা" প্ৰদান কৰা হ’ব। তেওঁৰ সাহসী দৃশ্যায়ন, সংবেদনশীল আৰু স্পষ্টবাদী কাহিনীৰ বৰ্ণনাই এলজিবিটি কিউ+ সম্প্ৰদায়ৰ জীৱনৰ সূক্ষ্ম দিশসমূহ উন্মোচন কৰি চলচ্চিত্ৰ জগতত এক নতুন দিগন্তৰ সূচনা কৰিছে। আনহাতে, মুখ্য অভিনেতা দীপাংকৰ ৰয়লৈ আগবঢ়োৱা হৈছে "বেষ্ট এক্টৰ: বীকন অফ ডাইভাৰচিটি বঁটা"। তেওঁৰ অভিনয়ত মানৱীয় সংঘৰ্ষ, আৱেগ আৰু আত্মগ্ৰহণৰ যি বাস্তৱ ৰূপ পৰিস্ফুট হৈছে, তেনে ৰূপায়ণে চলচ্চিত্ৰখনক সামাজিক সচেতনতা সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শৈল্পিক মাধ্যমৰ জৰিয়তে সমতা আৰু বৈচিত্ৰ্যৰ প্ৰতি সমাজৰ দৃষ্টিভংগী সলনি কৰাৰ ক্ষমতাৰ বিষয়ে আলোকপাত কৰাৰ বাবে চলচ্চিত্ৰখনৈ এই বঁটা আগবঢ়োৱা হৈছে।
"শীতৰে সেমেকা ৰাতি: দ্য উইণ্টাৰ ৰেইন"ৰ এই সাফল্যই মূলধাৰাৰ চলচ্চিত্ৰত এলজিবিটি কিউ+ সম্প্ৰদায়ৰ কাহিনীৰ প্ৰাসংগিকতা আৰু শিল্পৰ মাজেৰে সামাজিক পৰিৱৰ্তনৰ সোঁতত চলচ্চিত্ৰ উদ্যোগৰ অগ্ৰগতিৰেই ইংগিত দিয়ে।
ইতিমধ্যে ১০ম নৰ্থ ইষ্ট জ’ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিৰ চিনেমেট’গ্ৰাফাৰ ৰামজ্যোতি কৃষ্ণচৰণে শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফাৰৰ বঁটা লাভ কৰাৰ লগতে পৰিচালক দীপাংকৰ কাশ্যপক বেষ্ট ডাইৰেক্টৰ শিতানত জুৰীৰ বিশেষ উল্লেখ প্ৰদান কৰা হৈছে। প্ৰযোজকে চলচ্চিত্ৰখনৰ দ্বিতীয় খণ্ডৰ আনুষ্ঠানিক ঘোষণাও কৰিছে ।
বঁটা প্ৰদানৰ অনুষ্ঠান অহা ১০ মে' তাৰিখে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগ্জ্যোতী আইটিএ পাৰফৰ্মিং আৰ্টছ চেণ্টাৰত** অনুষ্ঠিত হ’ব। ইয়াত বলিউডৰ বৰ্ষজয়ী অভিনেতা **ৰাহুল ৰায়** আৰু বলিউড-টলিউডৰ জনপ্ৰিয় অভিনেত্ৰী **স্নেহা উল্লাল**কে ধৰি নানা গুণীজনৰ উপস্থিতি থাকিব। অনুষ্ঠানটি **প্ৰাগ নিউজ**ত পোনপটীয়া সম্প্ৰচাৰ হ’ব।
No comments:
Post a Comment