অসমৰ সন্মানীয় বঁটা প্ৰদান সমাৰোহত বিশেষ সংগীতানুষ্ঠান আৰু গীত উন্মোচনেৰে নন্দী ভগ্নীৰ চমক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 4 April 2025

অসমৰ সন্মানীয় বঁটা প্ৰদান সমাৰোহত বিশেষ সংগীতানুষ্ঠান আৰু গীত উন্মোচনেৰে নন্দী ভগ্নীৰ চমক


 

W7s news,,গুৱাহাটী, ৪ এপ্ৰিল: অসমৰ জীপাল সাংস্কৃতিক ঐতিহ্যক তুলি ধৰা এক প্ৰাণৱন্ত সংগীতমধুৰ সন্ধিয়া উপহাৰ দি শেহতীয়াকৈ নন্দী ভগ্নীদ্বয়ে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ২০২৪ত এক মনোমোহা পৰিৱেশন আগবঢ়ায়। তেওঁলোকৰ আকৰ্ষণীয় পৰিৱেশনশৈলীয়ে ৰাজ্যখনৰ বৈচিত্ৰ্যময় সংগীতকলাক সুন্দৰভাৱে পৰিস্ফুট কৰি সমূহ দৰ্শকক এক অনন্য অনুভৱ প্ৰদান কৰিবলৈ সক্ষম হয়। 


অনুষ্ঠানৰ এটি অন্যতম বিশেষ মুহূৰ্ত আছিল অত্যন্ত প্ৰতিভাশালী কুমাৰ শৰ্মাৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ সৈতে অন্তৰা নন্দীয়ে ৰচনা কৰা তথা অন্তৰা আৰু অংকিতা নন্দী উভয়ে কণ্ঠ নিগৰোৱা তেওঁলোকৰ শেহতীয়া ছেমি-ক্লাছিকেল অৰিজিনেল ‘ৰং যা’ৰ লাইভ উন্মোচন। 


অসমৰ মুখ্যমন্ত্ৰী, অসমৰ ৰাজ্যপাল, মন্ত্ৰালয়ৰ সদস্যবৃন্দ তথা বহুকেইগৰাকী চৰকাৰী শীৰ্ষ বিষয়াৰ সন্মানীয় উপস্থিতিত আনুষ্ঠানিকভাৱে মিউজিক ভিডিঅ’টো মুকলি কৰা হয়। উল্লেখযোগ্য যে, সংগীত আৰু সমগ্ৰ পৰিৱেশনটোৱে বিশিষ্ট ব্যক্তি আৰু উপস্থিত দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।


‘ৰং যা’ৰ অফিচিয়েল মিউজিক ভিডিঅ'টো এতিয়া ইউটিউবত উপলব্ধ। 

https://youtu.be/QVYIEf69_yA?si=jbTqAHmnpFsyO8CL

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here