কটন কলেজৰ ১৯৯৮-২০০০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ৰূপালী জয়ন্তী উদযাপন: উপাচাৰ্যৰ দ্বাৰা স্মৰণিকা উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 19 April 2025

কটন কলেজৰ ১৯৯৮-২০০০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ৰূপালী জয়ন্তী উদযাপন: উপাচাৰ্যৰ দ্বাৰা স্মৰণিকা উন্মোচন


 


গুৱাহাটী, এপ্রিল ১৯: কটন কলেজৰ ১৯৯৮-২০০০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দুদিনীয়া ৰূপালী জয়ন্তী উদযাপন আজি উলহ-মালহেৰে আৰম্ভ হয়। আজিৰ পৰা ২৫ বছৰ আগতে শিক্ষাদান কৰা শিক্ষকসকলৰ প্ৰতি সন্মান প্রদর্শনেৰে আজিৰ উদ্বোধনী অনুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত হয়।


প্ৰথম দিনৰ অনুষ্ঠানত শতাধিক শিক্ষক-শিক্ষয়িত্রী আৰু প্ৰায় ১৫০ প্রাক্তন কটনিয়ানে অংশগ্ৰহণ কৰে। কটন নামৰ বিদ্যামন্দিৰত এয়া আছিল ২৫ বছৰ পিছত গুৰু-শিষ্যৰ মিলনৰ এক মধুৰ মুহূৰ্ত।


অনুষ্ঠানটোৰ মুখ্য অতিথি কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই প্রাক্তন ছাত্র-ছাত্রীসকলে প্রকাশ কৰা স্মৰণিকাখন উন্মোচন কৰে। ভাষণ প্রসংগত উপাচাৰ্যগৰাকীয়ে প্ৰাক্তন কটনিয়ানসকলৰ গুৰু-শিষ্যৰ পুনর্মিলন ঘটোৱা এই পদক্ষেপক ভূয়সী প্রশংসা কৰে আৰু আৰু ছাত্ৰ-ছাত্ৰীদলৰ ভৱিষ্যতৰ কৰ্মপন্থাৰ বাবে শুভেচ্ছা জনায়।


এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনত কটন কলেজৰ সাতজন প্রাক্তন শিক্ষক-শিক্ষয়িত্রীয়ে মঞ্চত বিশিষ্ট অতিথিৰ আসন গ্রহণ কৰে। তেওঁলোক হ'ল-মাধরদের বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ অৰূপজ্যোতি চৌধুৰী: কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ডঃ নিৰদা দেৱী: কটন কলেজৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ যমুনা শৰ্মা চৌধুৰী, ডঃ সুদর্শন বৰুৱা, ডঃ প্রশান্ত কুমাৰ বৰদলৈ আৰু ডঃ সীতানাথ লহকৰ; আৰু কটন কলেজৰ প্ৰাক্তন সতীর্থ সম্মিলনৰ সভাপতি ডঃ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী। মঞ্চত উপবিষ্ট প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্রীয়ে শিক্ষকসকলৰ প্ৰতি জনোৱা এইধৰণ স্মৰণ-বন্দনৰ শলাগ লয় আৰু জনায় যে পূৰ্বৰ কোনো প্রাক্তন কটনিয়ান দলেই এইদৰে শিক্ষকক মাতি আনি সম্মান জনোৱা নাই। শিক্ষকসকলে শিক্ষক-ছাত্ৰৰ এই মিলনক মহা সম্মিলন আখ্যা দিয়ে। বাশোন


এই অনুষ্ঠানতে ছাত্রদলৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখনি স্মৰণিকা '৯৮, কটন ক্রনিকেলছ-উন্মোচন কৰে উপাচার্য ডেকাই। অন্যহাতে সহপাঠী সংগীত আমাৰ এই কটন মুকলি কৰে ডঃ সত্যেন্দ্ৰ কুমাৰ চৌধুৰীয়ে।


এই ৰূপালী জয়ন্তীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে ২০ এপ্রিল তাৰিখে খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অতিথিশালাত দিনজোৰা সতীর্থ সন্মিলন আয়োজন কৰা হৈছে। সিদিনা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰো পৰিকল্পনা কৰা হৈছে। দ্বিতীয় দিনা প্রায় ২০০ প্রাক্তন কটনিয়ান সম্মিলিত হ'ব বুলি আশা কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here