iUKDত লাইভ অপাৰেটিভ কৰ্মশালা Urolaser ৩.০ সফলতাৰে সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 19 April 2025

iUKDত লাইভ অপাৰেটিভ কৰ্মশালা Urolaser ৩.০ সফলতাৰে সম্পন্ন








১৮ এপ্ৰিল শুকুৰবাৰে গুৱাহাটীৰ সোণাপুৰস্থিত উত্তৰ-পূব ভাৰতৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল iUKDত সফলতাৰে সম্পন্ন হৈ যায় এখনি লাইভ অপাৰেটিভ কৰ্মশালা৷ Urolaser-3.0 শীৰ্ষক এই লাইভ অপাৰেটিভ কৰ্মশালাত দেশৰ পোন্ধৰগৰাকী  প্ৰখ্যাত ইউৰ’লজিষ্টে আধুনিক লেজাৰ চিকিৎসাৰ জৰিয়তে অস্ত্ৰোপচাৰ সম্পন্ন কৰে৷ কৰ্মশালা আৰম্ভ হোৱাৰ পূৰ্বে আয়োজিত  এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৰ্মশালাখনি উদ্বোধন কৰে দেশৰ প্ৰখ্যাত ইউৰ’লজিষ্ট ডাঃ শ্ৰেনিক জে শাহে৷ এই অনুষ্ঠানতেই ডাঃ অৰূপ কুমাৰ নাথৰ গুৰু ডাঃ শাহৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ইউৰ’লজিষ্টক সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে লেজাৰমেন অব্‌ ইণ্ডিয়া খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত ইতিপূৰ্বে ২০১৭ আৰু ২০১৯ চনত ক্ৰমে Urolaser-1.0 আৰু Urolaser-2.0 সফলতাৰে সম্পন্ন হৈ গৈছে৷ 

কিডনী হস্পিটেল iUKDত ১৮ এপ্ৰিলত দেশৰ যিসকল প্ৰখ্যাত ইউৰ’লজিষ্টে লাইভ অপাৰেটিভ কৰ্মশালাত অস্ত্ৰোপচাৰ সম্পন্ন কৰে, তেওঁলোক হ’ল ডাঃ শ্ৰেনিক জে শাহ, ডাঃ এছ কে পাল, ডাঃ অৰূপ কুমাৰ নাথ, ডাঃ চন্দ্ৰমোহন ভাদ্দি, ডাঃ অভয় মহাজন, ডাঃ তনুজ পাল ভাটিয়া, ডাঃ সুনিৰ্মল চৌধুৰী, ডাঃ অনিল ভাৰ্ষনী ( Dr. Anil Varshney ), ডাঃ কন্দৰ্প পাৰিখ, ডাঃ কেতন শুক্লা, ডাঃ সমীৰ ছোৱাইন (Dr. Samir Swain), ডাঃ দেৱজিৎ বৈশ্য, ডাঃ বিকাশ বাউৰি ( Dr. Bikesh Bawri], ডাঃ নীতেশ কুমাৰ আৰু ডাঃ উমেশ শৰ্মা৷

প্ৰণিধানযোগ্য যে iUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লজি বিশেষজ্ঞ, অসম সন্তান ডাঃ অৰূপ কুমাৰ নাথৰ দূৰদৰ্শী নেতৃত্বত iUKDত আয়োজিত এই Urolaser-3.0ত থুলিয়াম লেজাৰ, হ’লমিয়াম লেজাৰ আৰু থুলিয়াম ফাইবাৰ লেজাৰৰ দৰে অত্যাধুনিক চিকিৎসা প্ৰযুক্তি ব্যৱহাৰ কৰা হয়৷ এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লাইভ অপাৰেটিভ কৰ্মশালা সন্দৰ্ভত ভাৰতবৰ্ষৰ প্ৰখ্যাত ইউৰ’লজি বিশেষজ্ঞ ডাঃ নাথে কয় যে অসম তথা উত্তৰ-পূবৰ কাৰণে আজিৰ এই দিনটো এটা স্মৰণীয় আৰু গৌৰৱৰ দিন৷ কাৰণ UroLaser-3.0ৰ জৰিয়তে iUKDত বিশ্বৰ সকলোতকৈ উন্নত লেজাৰ ছাৰ্জাৰীৰ লাইভ কৰ্মশালা সম্পাদন হৈছে৷ এই কাৰ্যই নিশ্চয়কৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত, কিডনী ৰোগৰ প্ৰযুক্তিগত চিকিৎসাৰ ক্ষেত্ৰত, এক নতুন দিগন্তৰ সূচনা কৰিলে৷ ডাঃ নাথে দোহাৰে যে আজিৰ এই সফল আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাখনে অসম তথা উত্তৰ-পূববাসীক বিশ্ববাসীৰ সন্মুখতে গৰ্ববোধ কৰালে৷

অসমৰ বিশিষ্ট ইউৰ’লজিষ্টদ্বয় তথা গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলৰ অধ্যাপক ডাঃ শশাংক বৰুৱা আৰু সহযোগী অধ্যাপক ডাঃ দেবাংগ শৰ্মা, অসম ইউৰ’লজিকেল ছ’চাইটিৰ সমূহ সদস্য তথা বিষয়ববীয়া, লগতে যিসকল শুভাকাংক্ষীয়ে UroLaser-3.0 সফলভাৱে সম্পন্ন হোৱাত অৰিহণা আগবঢ়ালে, প্ৰত্যেককে iUKDৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here