সজাগতা বৃদ্ধিৰ বাবে আলোচনা চক্ৰ লগতে আয়োজনত সহায় কৰিব ইণ্টেৰিয়াৰ্ছ ছলিউচন
W7s news,,গুৱাহাটী, ১৯ এপ্ৰিল – গুৱাহাটীৰ হোটেল বিশ্বৰত্নত ইণ্ডিয়ান ইনষ্টিটিউট অৱ আৰ্কিটেক্টছ (আই আই এ) অসম অধ্যায়ৰ বিল্ডিং ছলিউচন ২০২৫ৰ বাবে এক বৃহৎ উদ্বোধনী অনুষ্ঠানৰ ইণ্টেৰিয়াৰ্ছ ছলিউচনেৰ লগতে সফলতাৰে আয়োজন কৰে। এই অনুষ্ঠানত সন্মানীয় অতিথি, উদ্যোগৰ পেছাদাৰী, আৰু আই আই এৰ সদস্যসকলে অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে ইণ্টেৰিয়ৰছ ছলিউচন আৰু আই আই এ অসম অধ্যায়ৰ মূল বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰি গৌৰৱ পাংছাৰী উষ্ম আদৰণিৰে আৰম্ভ হয়। ইণ্টেৰিয়ৰছ ছলিউচনৰ সভাপতি আশীষ গোৱাল, বিশিষ্ট অতিথি হিচাপে আই আই এ অসম অধ্যায় অধ্যক্ষ এইচ.কে. ৰাজখোৱা, উপাধ্যক্ষ বুধিন বৰঠাকুৰ, কোষাধ্যক্ষ আৰ. পংকজ ফুকন,
যুটীয়া সম্পাদক আৰ. প্ৰীতম নাথ, ইণ্টেৰিয়ৰছ ছলিউচনৰ সচিব সুমিত পোদ্দাৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
ইণ্টেৰিয়ৰছ ছলিউচনৰ সভাপতি আশীষ গয়েল সকলো বিশিষ্ট অতিথিক আদৰণি জনাই ইণ্টেৰিয়ৰছ ছলিউচনৰ বিষয়ে অৱগত কৰে। এই অনুষ্ঠানৰ আলোকপাত আছিল সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে স্থাপত্য আৰু নিৰ্মাণৰ পৰিৱেশ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এক যুগান্তকাৰী পদক্ষেপ বিল্ডিং ছলিউচন ২০২৫ৰ পৰিকল্পনা আৰু পোষ্টাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অহা ১৩ৰ পৰা ১৫ জুন ২০২৫লৈ গুৱাহাটীৰ বেটকুছিৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব বিল্ডিং ছলিউচন ২০২৫।উন্মোচনৰ পিছতে আই আই এ অসম অধ্যায়ৰ উপাধ্যক্ষ বুধিন বৰঠাকুৰে উদ্যোগটোত উদ্ভাৱন আৰু সহযোগিতাৰ গুৰুত্বৰ ওপৰত কৈয়।
এই অনুষ্ঠানত আই আই এ বঁটা বিজয়ীসকলৰ বাবে সম্বৰ্ধনা অনুষ্ঠানৰ লগতে স্থাপত্যৰ ক্ষেত্ৰখনলৈ তেওঁলোকৰ ব্যতিক্ৰমী অৱদানক স্বীকৃতি প্ৰদান কৰা হয়। আই আই এ অসম অধ্যায়ৰ অধ্যক্ষ এইচ.কে. ৰাজখোৱাই এক প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰি স্থাপত্যৰ উৎকৃষ্টতা আৰু উদ্ভাৱনক লালন-পালন কৰাত আই আই এৰ ভূমিকাক আলোকপাত কৰে।
অমিতাভ শৰ্মাক প্ৰদৰ্শনীৰ সময়ত সজাগতা আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হয় বুলি জানিবলৈ দিয়ে। ইণ্টেৰিয়ৰছ ছলিউচনৰ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ নৱালগেৰিয়াই কয় যে ইণ্টেৰিয়াৰ্ছ ছলিউচনেও প্ৰদৰ্শনীখনক ভৱিষ্যৎ সফল কৰি তোলাৰ বাবে আই আই এ অসম অধ্যায়কো সহায় কৰি আছে।
কাৰ্যসূচীৰ সামৰণি পৰে ধন্যবাদ জ্ঞাপনেৰে, সকলো অংশগ্ৰহণকাৰী আৰু উপস্থিতসকলক তেওঁলোকৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ইণ্টেৰিয়ৰছ ছলিউচনৰ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ নৱালগেৰিয়াই।
No comments:
Post a Comment