জাইকাৰ যোগেৰে ৰেচন কাৰ্ড থকা সকলক বিনামূলীয়া পানী যোগানৰ কৰা হ'ব
ধৰ্মীয় সামাজিক অনুষ্ঠানলৈ জাইকাৰ বিনামূলীয়া পানী যোগান ধৰা হ'ব
সংৰক্ষণ কৰা হ'ব বৰষুণৰ পানী
নগৰীয়া বন" আৰু “স্বচ্ছ পদূলি” ৰক্ষাৰ বাবে সম্পত্তি কৰ ৰেহাইৰ ব্যৱস্থা
W7s news গুৱাহাটী: জাইকাৰ যোগেৰে গুৱাহাটীৰ ৰেচন কাৰ্ড থকা সকলক বিনামূলীয়া পানী যোগানৰ ব্যৱস্থা গ্ৰহণ হ'ব। ধৰ্মীয়, সামাজিক অনুষ্ঠানলৈ জাইকাৰ জৰিয়তে বিনামূলীয়া পানী যোগান ধৰা হ'ব-এইদৰে কয় গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। শুকুৰবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত নিগমৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত এখন সংবাদ মেলত মেয়ৰ শৰণীয়াই লগতে কয়-চাফাই কৰ্মীৰ কলনিবোৰতো লৈ বিনামূলীয়াকৈ আমি পানী যোগান ব্যৱস্থা কৰিছোঁ। তদুপৰি ব'হাগ মাহৰ পৰা নতুনকৈ গৃহ নম্বৰ দিয়াৰ কাম আৰম্ভ হ'ব। লগতে
বৰষুণৰ পানী সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব যাতে আমাৰ খৰাঙত পানীৰ সমস্যা নহয়।চৰকাৰী বিদ্যালয়ত , ধৰ্মীয় সামাজিক অনুষ্ঠানত স্থাপন কৰা হব বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা। গুৱাহাটী জল বর্ডৰ অধীনত গৃহ জল সংযোগৰ ব্যৱস্থা অনুসৰি
১৫মিমি ব্যাসৰ পাইপ সংযোগৰ বাবে গুৱাহাটী পৌৰ নিগমৰ জল সংযোগকাৰী গ্ৰাহকসকলক জে জি বি সংযোগলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ৯৫০০ টকাৰ অনুদান প্ৰদান কৰা হৈছে। জে জি বি আৰু পৌৰ নিগমে একেলগে এক যৌথ সমীক্ষা চলাই আছে যাতে এই স্থানান্তৰণ প্ৰক্ৰিয়া সুশৃঙ্খলভাৱে সম্পন্ন হয়। এই সুবিধা চলিত বৰ্ষৰ ৩০ জুন পৰ্যন্ত উপলব্ধ হ'ব। পৌৰ নিগমৰ জল যোগান চলিত বৰ্ষৰ পহিলা জুলাই ৰ পৰা বন্ধ কৰা হ’ব। এই অনুদানৰ আঁচনি ধৰ্মীয় প্ৰতিষ্ঠান, নামঘৰ, কমিউনিটি হল, মহিলা সমিতি, ক্লাব আদিৰ ক্ষেত্ৰতো প্রযোজ্য হ’ব।গুৱাহাটী পৌৰ নিগমে গুৱাহাটী চহৰত থকা সকলো আবাসিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে একক (unique) ঘৰ নম্বৰ দিয়াৰ উদ্দেশ্যে এক জি আই এছ সমীক্ষা আৰম্ভ কৰিছে। এই পদক্ষেপে পৌৰ সেৱাসমূহ উন্নত কৰাৰ লগতে ভৱিষ্যতৰ পূৰ্ব-পৰিকল্পনা আৰু নাগৰিকসকলৰ বাবে সুবিধা আগবঢ়াব। জিঅ'ভিষ্টা টেকন'লজিছ প্ৰাইভেট লিমিটেডে (Geovista Technologies Pvt. Ltd-) এই কামৰ দায়িত্ব লাভ কৰিছে আৰু ইতিমধ্যে ২৭টা ৱাৰ্ডত সমীক্ষা সম্পন্ন হৈছে। বাকী থকা ৱাৰ্ডসমূহতো সমীক্ষা চলি আছে আৰু এই বৰ্ষৰ শেষলৈ এই সমীক্ষা সমাপ্ত হ’ব বুলি আশা কৰা হৈছে। এই মাহৰ পৰা ঘৰ নম্বৰ ফলক সংস্থাপন আৰম্ভ হ’ব আৰু গুৱাহাটী পৌৰ নিগমে সকলো নাগৰিককে সহযোগিতা জনাবলৈ আহ্বান জনালোঁ।আমি নগৰীয়া বন" আৰু “স্বচ্ছ পদূলি” ৰক্ষাৰ বাবে সম্পত্তি কৰ ৰেহাইৰ ব্যৱস্থা কৰিছোঁ। দীৰ্ঘস্থায়ী পৰিৱেশ ব্যৱস্থাপনা আৰু পৰিষ্কাৰ পৰিৱেশ বজাই ৰাখিবলৈ গুৱাহাটী পৌৰ নিগমে "নগৰীয়া বন” আৰু “স্বচ্ছ পদূলি” ৰক্ষাৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰা পৰিয়ালবোৰৰ বাবে সম্পত্তি কৰত ১০ শতাংশ পৰ্যন্ত ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৌৰ নিগমে আলাদা প’ৰ্টেলৰ জৰিয়তে নামভৰ্তি আমন্ত্ৰণ জনাব। নিগমৰ বিষয়া-কৰ্মচাৰীয়ে এই নামভৰ্তি সম্পৰীক্ষা কৰি, উপযুক্ত পৰিয়ালবোৰক কৰ ৰেহাই প্ৰদান কৰিব। নীতিসমূহ আৰু আবেদন প্ৰক্ৰিয়া প’ৰ্টেলত দিয়া হ’ব।আনহাতে গুৱাহাটী চহৰৰ বিদ্যালয় আৰু বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠানত বিনামূল্যতে বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থা সংস্থাপন কৰা হ’ব। লগতে কোনো ৰাজহুৱা প্ৰতিষ্ঠানে নিজৰ শুকান কুৱা অথবা নলী-নাদ পুনৰ পানীৰৈ ভৰ্তি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে, তেনে ক্ষেত্ৰত পৌৰ নিগমকক যোগাযোগ কৰিব পাৰিব। বাণিজ্য অনুজ্ঞাপত্ৰ (Trade License): গুৱাহাটী পৌৰ নিগমে “Ease of Doing Business” উন্নত কৰাৰ লক্ষ্যে বাণিজ্য অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া শিথিল কৰিছে। পূৰ্বতে একে প্ৰতিষ্ঠানত একাধিক বস্তু বা সেৱা বিক্ৰী হ’লে, একাধিক অনুমতি লাগে।বহুতো বেলেগ-বেলেগ বাণিজ্য শ্ৰেণী থকাত মুখ্য বাণিজ্য চিনাক্ত কৰাত অসুবিধা হয়।অনুমতি প্ৰদান আয়ৰ ভিত্তিত কৰা হ’লেও, আয় নিৰ্ধাৰণ কৰাটো জটিল। ফলস্বৰূপে ৭৫।শতাংশ ব্যৱসায়েই সৰ্বনিম্ন শ্ৰেণীৰ অনুমতি গ্ৰহণ কৰে।
গুৱাহাটী পৌৰ নিগমে লাভালা
ভযুক্ত আলোচনা চলাই আছে যাতে সমান ধৰণৰ একাধিক ব্যৱসায়ৰ ক্ষেত্ৰত একেটা অনুমতি প্ৰদান কৰিব পৰা যায় আৰু বেলেগ বেলেগ শ্ৰেণীৰ বাণিজ্যক একত্ৰীকৰণ কৰা হয়। অপ্ৰয়োজনীয় বাণিজ্যৰ শৈলীবোৰ বাতিল কৰা হ’ব। এই পদক্ষেপে গুৱাহাটীত ব্যৱসায়িক পৰিৱেশ অধিক সুবিধাজনক কৰি তুলিব। উল্লিখিত সকলো পদক্ষেপই গুৱাহাটী চহৰৰ নাগৰিকৰ সুবিধাৰ কথা চিন্তা কৰি আগবঢ়োৱা হৈছে। এই ক্ষেত্ৰত আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ।' সংবাদ মেলত নিগমৰ উপ-মেয়ৰ স্মিতা ৰয়, আয়ুক্ত,মেঘ নিধি দাহাল উপস্থিত থাকে।
No comments:
Post a Comment