গুৱাহাটী বিশ্ববিদ্যালয়ত SWAYAM ৰ কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 11 March 2025

গুৱাহাটী বিশ্ববিদ্যালয়ত SWAYAM ৰ কৰ্মশালা


 

W7s news,,গুৱাহাটী ১০ মাৰ্চ, ২০২৫: গুৱাহাটী বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত শনিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে এদিনীয়া 'স্বয়ম (SWAYAM) আউটৰিচ কৰ্মশালা'ৰ আয়োজন কৰা হয়। বিভিন্ন  নডেল বিষয়াই অংশগ্ৰহণ কৰা কৰ্মশালাখনৰ লক্ষ্য আছিল সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয় আৰু সংযুক্ত মহাবিদ্যালয়সমূহত স্বয়ম পাঠ্যক্ৰমৰ সংহতি আৰু ৰূপায়ণৰ প্ৰসাৰ কৰা 

অনুষ্ঠানটি মুখ্য অতিথি ড⁰ অমিত কুমাৰ বাৰ্মা, ব্যুৰো এ বি চি আৰু এন এ ডি, ইউ জি চি, নতুন দিল্লী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড ⁰ ননীগোপাল মহন্তৰ উপস্থিতিত উদ্বোধন কৰা হয়। উদ্ধোধনী অনুষ্ঠানত উপাচাৰ্যগৰাকীয়ে উল্লেখ কৰে যে," স্বয়মৰ বিভিন্ন পদক্ষেপে একাধিক শাখাৰ বিস্তৃত পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উভয়কে ভৱিষ্যতৰ বাবে সাজু হ’ব পৰা দক্ষতা আৰু জ্ঞানেৰে সজ্জিত কৰে।"


উক্ত কৰ্মশালাত ভাৰত চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উপ-সচিব ৰোহিত ত্ৰিপাঠী, এন পি টি ই এলৰ জ্যেষ্ঠ বিজ্ঞানী অধ্যাপক এম জয়কৃষ্ণন, অধ্যাপক আৰ সাৰথি, আই আই টি- মাদ্ৰাজ আৰু অন্য সমল ব্যক্তিসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ ত ইয়াৰ ভূমিকা, স্বয়ম ডেচব’ৰ্ড আৰু স্বয়ম প্লাছ প্লেটফৰ্মকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে । কৰ্মশালাত উত্তৰ-পূবৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, কলেজৰ অধ্যক্ষ, আৰু স্বয়মৰ স্থানীয় ন’ডেল বিষয়াসকলৰ উপস্থিতিত ক্ৰেডিট ট্ৰেন্সফাৰ আৰু পৰীক্ষাৰ বিভিন্ন পৰিকাঠামোৰ বাবে স্বয়ম ভিত্তিক পাঠ্যক্ৰম গ্ৰহণৰ বিষয়ে আলোচনা হয়।


সামৰণি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বয়ম ন’ডেল বিষয়া,বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সচিব ড⁰ হেমন্ত কুমাৰ নাথ, শৈক্ষিক পঞ্জীয়ক অধ্যাপক নন্দনা দত্ত উপস্থিত থাকে । পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাৰ শলাগৰ শৰাইৰ দ্বাৰা তথা ৰাষ্ট্ৰীয় সংগীতেৰে কৰ্মশালাৰ সামৰণি পৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here